সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
বহল ব্যাকৰণ।

বা সমনীয়াই অনুৰোধ কৰিলে—আপুনি এবাৰ যাব, বা তুমি এবাৰ যাবা, বা তই এবাৰ যাবি; উত্তৰত, বাৰু মই যাম। মান্যৱন্ত মানুহে অনুৰোধ কৰিলে— তুমি এবাৰ যাবা বা তই এবাৰ যাবি; উত্তৰত, ভাল মই যাম।

 ৪০। ওঁহ্ সাধাৰণ বা সমনীয়া মানুহৰ কথাত অমান্তি বুজাবলৈ ব্যৱহাৰ হয়। যেনে, সমনীয়া বা সাধাৰণ মানুহে সুধিলে, আপুনি যাবনে? বা তুমি যাবানে? বা তই যাবিনে? উত্তৰত, ওঁহু্ঁ মই নেযাওঁ।

গুণবোধক শব্দ।

 ৪১। যিবিলাক শব্দে সংজ্ঞা বা বিশেষণ শব্দৰ- পৰা উৎপন্ন হৈ গুণ, স্বভাৱ বা ব্যৱসায় বুজায়, সিহঁতক গুণবোধক অব্যয় বোলে। যেনে, গুণ বুজুৱা :—দুষ্ট, দুষ্টালি; পণ্ডিত, পণ্ডিতালি; টেঙ্গৰ, টেঙ্গৰালি; অঁজলা, অঁজলালি; আমঠ, আমঠালি; আজল-মঠ, আজল-মঠালি, আঁকোৰ-গোজা, আঁকোৰ-গজালি; মুনিহ, মুনিহালি বা মুনিষাই; বৰ, বৰাই; ইত্যাদি।
 স্বভাৱ বুজুৱা—বহুৱা, বহুৱালি; বলিয়া বলিয়ালি; লৰা, লৰালি; গৰু, গৰুৱালি; ছাগল, ছাগলালি; বান্দৰ, বান্দৰালি; ইত্যাদি।

 ব্যৱসায় বুজোৱা—বেজ, বেজালি; ওজা, ওজালি; পুৰোহিত, পুৰোহিতালি; ইত্যাদি।