(১)অনুকাৰ—অনুৰূপ শব্দ।
৪৬। অনুকাৰ অনুৰূপ শব্দবিলাকৰ ভিতৰত যিবিলাক আচল শব্দৰ পাচত থাকে, সিহঁত প্ৰায় চৰে আৰম্ভ হয়; কেতিয়াবা টৰেও আৰম্ভ হয়। কিন্তু আচল শব্দৰ আদিত চ বা ছ থাকিলে অনুৰূপ শব্দ সদায় টৰে আৰম্ভ হয়। যেনে, ঘৰচৰ বা ঘৰটৰ; কিন্তু চাউল টাউল, ছাগলী টাগলী।
৪৭। অনুকাৰ—অনুৰূপ শব্দ আচল শব্দৰ আগত থাকিলে, আচল শব্দৰ আদিত যি স্বৰ থাকে, অনুৰূপ শব্দ সেই স্বৰেৰে আৰম্ভ হয়। যেনে, ইনাই বিনাই, অকাই পকাই, আকলি বাকলি, ইত্যাদি।
(২) একশেষ অনুৰূপ শব্দ।
৪৮। আচল শব্দৰ আদি ব্যঞ্জনবৰ্ণটোৱেই তাৰ একশেষ অনুৰূপ শব্দ হয়। সেই বৰ্ণত প্ৰায় আ-কাৰ যোগ হয়৷ কেতিয়াবা অন্য স্বৰবৰ্ণও যোগ হোৱা দেখা যায়। অনুৰূপ শব্দটোত আচল শব্দটোৰ এটা আখৰ মাথোন লোৱা হয়, সেই দেখি এই বিধ অনুৰূপ শব্দক একশেষ অনুৰূপ শব্দ বোলা হৈছে। একশেষ অনুৰূপ শব্দ আৰু আচল শব্দ, ইহঁত দুইৰে৷ মাজত এটা একদেশ চিন থাকে। যেনে, বা- বাতৰি, ডা-ডাঙৰীয়া, জা-জলপান, লা-লিগিৰী, পা-পইচা।
(৩) অনিয়মিত বা যুৰীয়া অনুৰূপ শব্দ।
৪৯। যিবিলাক অনুৰূপ শব্দ গঠন কৰিবৰ কোনো নিয়ম নাই, সিহঁতক অনিয়মিত অনুৰূপ শব্দ বোলে। বিশেষ