পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
বহল ব্যাকৰণ।

 ৩৬। জানে৷ প্ৰশ্নাৰ্থক অব্যয় কৰ্ত্তাৰ পাচত বা ক্ৰিয়াৰ পাচত ব্যৱহাৰ হয়। যেনে, সি জানো জাপানলৈ যাব বা সি জাপানলৈ যাব জানো?

(৮) সমিধানবোধক অব্যয়।

 ৩৭। যিবিলাক অব্যয় শব্দে আন মানুহৰ কথাৰ সমিধান অৰ্থাৎ উত্তৰ দিয়া বুজায়, সিহঁতক সমিধানবোধক অব্যয় বোলে। সমিধানবোধক অব্যয়:— ওঁ, বাৰু, ভাল, এৰা, হয়, হৈছে, ওঁহ্।

 ৩৮। ওঁ, এৰা, হয়. হৈছে এই কেইটা অব্যয় কেৱল শলাগনিত ব্যৱহাৰ হয়। সমনীয়া বা সাধাৰণ মানুহৰ কথা শলাগোঁতে ওঁ, এৰা আৰু মান্যৱন্ত মানুহৰ কথা শলাগোঁতে হয়, হৈছে ব্যৱহাৰ কৰা যায়। যেনে, সমনীয়া বা সাধাৰণ মানুহে সুধিলে, তুমি গৈছিলানে? উত্তৰত, ওঁ গৈছিলোঁ বা এৰা গৈছিলোঁ। মান্যৱন্ত মানুহে সুধিলে, তই গৈছিলিনে? বা তুমি গৈছিলানে? উত্তৰত, হয় গৈছিলো।

 হৈছে অব্যয়ৰ সিমান প্ৰচলন নাই, কেৱল সাধাৰণ মানুহৰ ভিতৰতহে ইয়াৰ ব্যৱহাৰ হয়।

 ৩৯। বাৰু আৰু ভাল অব্যয় আন মানুহৰ অনুৰোধত মান্তি হোৱা বুজাবলৈ ব্যৱহাৰ হয়। সাধাৰণ বা সমনীয়া মানুহৰ অনুৰোধৰ উত্তৰত বাৰু, আৰু মান্যৱন্ত মানুহৰ অনুৰোধৰ উত্তৰত ভাল ব্যৱহাৰ কৰা যায়। যেনে, সাধাৰণ