হয়। কৃ ধাতুৰ আচল অৰ্থ কৰা, কিন্তু তাত নানা উপসৰ্গ যোগ দি নানা অৰ্থ কৰা হয়। যেনে, প্ৰতি+কৃ, প্ৰতিকাৰ; অপ+কৃ, অপকাৰ; উপ+কৃ, উপকাৰ; বি+কৃ, বিকাৰ; নি+কৃ, নিকাৰ। এই শব্দবিলাক এটা ধাতুৰ পৰা উৎপন্ন হলেও সিহঁতৰ অৰ্থ একে নহয়।
৫৩। উপসৰ্গবিলাক সংস্কৃত, সেই দেখি সিহঁত সংস্কৃত
ধাতুৰ আগতহে ব্যৱহাৰ হয়। কেৱল নি, বি, অৱ, এই
তিনটা মাথোন অসমীয়া ভাষাত চলিত আছে। অসমীয়াত
ইহঁত বিশেষ্য, বিশেষণ আদি পদৰ আগত বহে, ধাতুৰ আগত
নবহে। যেনে, নিঃ— নিলাজ, নিমাত, নিপাণী, নিধাতু,
নিনাও, নিজান, নিমৰমিয়াল, ইত্যাদি।
বিঃ—বিবুদ্ধি, বিমোৰ, বিজোৰ, বিজোখ, বিলগ,
ইত্যাদি।
অৱ ( অসমীয়াত প্ৰায় আও হয় ):—অৱহেলা, আওহেলা, আওপাক, আওহাত, আওবাট, আওবাৰ, আওকথকী,
আওমৰণ, ইত্যাদি।
৫৪। কেতবিলাক সংস্কৃত শব্দ আঁদিৰ পৰা অসমীয়া ভাষাত চলি আছে। সিহঁতক অসমীয়া শব্দ বুলি ধৰা হয়। এতেকে সিহঁতৰ আগত কেতিয়াবা সংস্কৃত উপসৰ্গ, কেতিয়াবা অসমীয়া উপসৰ্গ ব্যৱহাৰ হয়। যেনে, নিধনী বা নিৰ্ধনী, নিজন (অপভ্ৰংশ নিজান) বা নিৰ্জন, ইত্যাদি।
৫৫। উপসৰ্গবিলাক নানা অৰ্থত ব্যৱহাৰ হয়। কোনটো উপসৰ্গ কি কি অৰ্থত ব্যৱহাৰ তাক তলত দিয়া হল।—