সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
বহল ব্যাকৰণ।

 ২৪। অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ লগত দেই অব্যয় ব্যৱহাৰ হয়।যেনে, তুমি আহিবা দেই, তই যাবি দেই, ইত্যাদি।

(৬) সম্বোধনাৰ্থক অব্যয়।

 ২৫।যিবিলাক অব্যয় শব্দ আন লোকক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা হয়, সিহঁতক সম্বোধনাৰ্থক অব্যয় বোলে। সম্বোধনাৰ্থক অব্যয় :—
 এ, ঐ, ঔ, হে, অ, হেৰ, হেৰা, হেৰি, হঁয়ে, হঁয়েৰা, ইত্যাদি।

 ২৬। এ, হে অব্যয় শব্দৰ অপভ্ৰংশ মাথোন। এ, হে দুয়োটা শব্দৰ আগত বা পাচত ব্যৱহাৰ হয়৷ যেনে, হে হৰি, হৰি হে, এ হৰি, হৰি এ।

 ২৭। দূৰৈৰ মানুহক মাতোতে আৰু ৰিং পাৰোঁতে অ আৰু ঔ ব্যৱহাৰ হয়। অ প্ৰায়েই শব্দৰ আগত থাকে, আৰু ঔ পাচত থাকে। যেনে, অ ধনীৰাম, ধনীৰাম ঔ।

 ২৮। ঐ সদায় শব্দৰ আগত থাকে। যেনে, ঐ লৰা। কেতিয়াবা গিৰিয়েকে ঘৈণীয়েকক মাতিবলৈ হলেও ঐ ব্যৱহাৰ হয়।

 ২৯। অনাদৰত বা তুচ্ছাৰ্থত সম্বোধনত হেৰ ব্যৱহাৰ হয়। সমনীয়া লোকক সম্বোধন কৰোঁতে আৰু লৰাক সাদৰেৰে মাতোঁতে হেৰা ব্যৱহাৰ হয় আৰু সম্ভ্ৰম দেখুৱাই সম্বোধন কৰোঁতে হেৰি ব্যৱহাৰ হয়। যেনে, হেৰ! ধনীৰাম, হেৰা! সখি, হেৰা! বোপাটি, হেৰি! ডাঙৰীয়া।