প্ৰ—অতিশয়, উত্তম, আগত যোৱা ইত্যাদি।
পৰা—শ্ৰেষ্ঠ হোৱা, অপমান দিয়া, ভঙ্গ ইত্যাদি।
অপ—বেয়া, নিকৃষ্ট, বিৰুদ্ধ, ভিন ইত্যাদি।
সং—সকলে৷, একেলগ, উত্তম ইত্যাদি।
নি—অভাৱ, ভিতৰ, ওপৰ, নিশ্চয় ইত্যাদি।
অব্—বেয়া, দূৰ, কম, অধোগতি ইত্যাদি।
অনু—নীহ, পাচ, সমান ইত্যাদি।
নিৰ্—নিশ্চয়, বাহিৰ, অভাৱ, বিনে ইত্যাদি।
দুৰ্—বেয়া, বাধা, দুখ ইত্যাদি।
বি–উত্তম, বেয়া, হীন, অন্য ইত্যাদি।
অধি—ঘাই, ওপৰ ইত্যাদি।
সু—ভাল, উজু, অতিশয় ইত্যাদি।
উৎ—শ্ৰেষ্ঠ, উৰ্দ্ধ ইত্যাদি।
পৰি—সৰ্ব্বত্ৰ, কেউপোনে, অতিশয় ইত্যাদি।
প্ৰতি—সমান, সমুখ, বিৰুদ্ধে, গাই গাই ইত্যাদি।
অপি–ওপৰ, সন্দেহ ইত্যাদি।
অভি—সমুখ, ঘাই ওচৰ ইত্যাদি।
অতি—অধিক, ঘাই ইত্যাদি।
উপ—সামান্য, ওচৰ, প্ৰায় তুল্য ইত্যাদি।
আ—অলপ, পৰ্যন্ত, অবধি, পুনৰ, সৰু ইত্যাদি।
কোন কোন ধাতুৰ আগত কোন কোন উপসৰ্গ ব্যৱহাৰ হয়, তাৰ একো নিৰ্দ্ধাৰিত নিয়ম নাই, তাক কেৱল ব্যৱহাৰ চাইহে জানিব
৮