পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগকথা

 একৈছ বছৰ আগত যেতিয়া শিক্ষিত সমাজে পুৰণি অসমীয়া সাহিত্য মানে গাঁৱলীয়া মানুহে পঢ়া অসাৰ পদ-পুথি কেতবোৰ বুলিহে ভাবিছিল তেতিয়া শ্ৰীযুত অম্বিকাগিৰি ৰায়চৌধুৰী সম্পাদিত “চেতনা” বোলা মাহেকীয়া কাকতত ( ১৮৪১ শক ) এই কিতাপত সন্নিৱেশিত তিনিটাত বাজে বাকী আটাইবোৰ প্ৰবন্ধ ধাৰাবাহিক ৰূপে প্ৰকাশ কৰা হৈছিল। তেতিয়া “অসমীয়া সাহিত্যৰ চানেকি” সংগৃহীত হোৱাই নাছিল। তাৰ পিছত ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ একাণপতীয়া হিতকাৰী আৰু তেতিয়াৰ দিনত কলিকতা বিশ্ববিদ্যালয়ৰ ভাইচ-চেঞ্চেলাৰ গুণসাগৰ ছাৰ আশুতোষ মুখোপাধ্যায়ৰ কৃপা আৰু ঔদাৰ্য গুণত “অসমীয়া সাহিত্যৰ চানেকি” সংগৃহীত হ’ল আৰু কলিকতা বিশ্ববিদ্যালয়ৰ বদান্যতাত ই ছপা হৈ ওলাল। “চানেকি” ওলোৱাৰ লগে লগে অসমীয়া ভাষা আৰু সাহিত্যও কলিকতা বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিষয়ক এম-এ উপাধি পৰীক্ষাৰ অন্তৰ্ভুক্ত পাঠ্য হৈ পৰিল। বৰ্তমান কালত ছাৰ আশুতোষৰ সুযোগ্য পুত্ৰ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব ভাইচ- চেঞ্চেলাৰ ডক্টৰ শ্ৰীযুত শ্যামাপ্ৰসাদ মুখোপাধ্যায়ৰ সহৃদয়তা গুণত অসমীয়া ভাষা আৰু সাহিত্যই নিজা বিষয় হিছাপে কলিকতা বিশ্ববিদ্যালয়ৰ এম-এ উপাধি পৰীক্ষাৰ বাবে উপযুক্ত বুলি স্বীকৃত হৈছে। বৰ্তমান ১৮৬২ শকতেই অসমীয়া ভাষা আৰু সাহিত্যৰ পহিলা এম-এ উপাধি পৰীক্ষা লোৱা হ’ব। এই শুভ ক্ষণত কটন কলেজৰ অসমীয়া সাহিত্যৰ অধ্যাপক শ্ৰীমান বিৰিঞ্চিকুমাৰ বৰুৱা এম-এ, বি-এলদেৱৰ খোঁচনিত এই প্ৰবন্ধবোৰ কিতাপৰ আকাৰত ছপাই উলিওৱা হ’ল।

 মাহেকীয়া কাকত লিখাৰ বাবে আৰু তেতিয়াৰ শিক্ষিত সমাজে পুৰণি অসমীয়া সাহিত্যক অসাৰ বুলি ভবাৰ কাৰণে, ইয়াৰ