সমললৈ যাওক

পুৰণি অসমীয়া সাহিত্য/কাণ-খোৱা

ৱিকিউৎসৰ পৰা

[ ৪৩ ]

কাণ-খোৱা

 কাণ-খোৱা পুথি সকলোৰে মাজত জনাজাত। ওপৰে ওপৰে চালে ইয়াক সাধাৰণ ল’ৰা নিচুকোৱা গীত যেন লাগে আৰু বাস্তৱিকতে ইয়াক নিচুকনি গীতৰ ঠাঁচত লিখা হৈছে। কিন্তু ই বৈষ্ণৱ কবিৰ অন্তৰ্মুখী কল্পনাৰ মনোৰম ৰচনা। ই অতিশয় মনমোহা, সৰল অথচ নিৰুপম কৌশলপূৰ্ণ। এপিনে ইয়াত শিশু-জীৱনৰ নিকপটীয়৷ প্ৰাণৰ প্ৰতিবিম্ব পৰিছে, আনপিনে প্ৰশান্ত ভক্তি-ভাব পূৰ্ণচন্দ্ৰৰ নিচিনাকৈ বিৰাজ কৰিছে।

 কাণ-খোৱা কবিতা বৈষ্ণৱ কবি শ্ৰীধৰ কন্দলি-বিৰচিত। এওঁ শঙ্কৰদেৱ। সমসাময়িক আৰু তেওঁৰ প্ৰিয়পাত্ৰ আছিল। কীৰ্তন ঘোষাৰ অন্তৰ্গত “ঘুনুচা-যাত্ৰা” শ্ৰীধৰ কন্দলিৰ ৰচিত। শঙ্কৰদেৱৰ প্ৰিয়জনৰ ৰচন৷ বুলি “ঘুমুচা-যাত্ৰা”ক কীৰ্তনৰ অন্তৰ্গত কৰি লোৱা হৈছে। তাত বাজেও মহাভাৰতৰ অশ্বমেধ-পৰ্ব এওঁৰেই ভাঙনি।

 কাণ-খোৱা কবিতাটো শিশু-জীৱনৰ মনোৰম ঘটনা এটি লৈ লিখা। সকলো দেশতে সকলো সময়তে ল’ৰাক শুৱাবলৈ নিচুকনি গীত গোৱাৰ ৰীতি আছে। কান্দুৰা ল’ৰাক ভয় খুৱাবলৈ ঠাই আৰু সময়-বিশেষে বাস্তৱ বা কাল্পনিক ভয়াৱহ জীৱ-জন্তুৰ নাম লোৱা হয়। সেই অনুসাৰে যশোদাদেৱীয়ে এদিনাখন শিশু কৃষ্ণক টোপনি যোৱাবলৈ কাণ খোৱা আহিব লাগিছে বুলি গীত জুৰিলে—

ঘুমটি যায়োৰে  অৰে কানাই
 হুৰে কাণ-খোৱা আসে।
সকল শিশুৰে  কাণ খাই খাই
 আসয় তোমাৰ পাশে॥

বিষয়-বস্তু এইখিনিয়েই। ভাগৱত, হৰিবংশ আদি মূল গ্ৰন্থত অনুৰূপ কোনো ঘটনাৰ উল্লেখ নাই। সেই হিছাপে কবিতাটো নিতান্তই [ ৪৪ ] মৌলিক। কিন্তু বৈষ্ণৰ কবিয়ে যি নিপুণতাৰে সাধাৰণ ঘটনাত অসাধাৰণ ভাবৰ ব্যঞ্জনা কৰিছে, সি অতি বিস্ময়কৰ।

 কাণ-খোৱা নাম শুনি কৃষ্ণই ভয় খালে কিন্তু মাক ওচৰত আছে বুলি কৌতুকপূৰ্ণ হাঁহি এটি মাৰি মাকৰ ওচৰ চাপি আহি ভীত-বিহ্বলভাৱে সুধিলে,

মাৱৰ বচন  শুনি পাশ চাপি
 হাসিয়া বোলে কানাই।
কেনেকুৱা গোটে  কাণ খাই ফুৰে
 চিনোৱা হাৰলী আই॥
তাৰ নাম শুনি  ঘুমটি নাসয়
 তৰে কাম্পে মোৰ বুক।
দেখিলে লৱৰি  পলাইবাক পাৰি
 সত্বৰে চিনোৱা মোক॥

 ইয়াৰ পিছতেই ভক্ত কবিৰ সমস্যা বৰ জটিল হৈ পৰিল। এপিনে শ্ৰীকৃষ্ণ অখণ্ড জ্ঞান-স্বৰূপ পূৰ্ণ ব্ৰহ্ম আনপিনে অন্ততঃ লৌকিক দৃষ্টিত একান্ত মায়াৱদ্ধ মানৱ শিশু। বাল্য-জীৱনৰ ভয়, কাৰুণ্য, কৌতূহল সকলো তেওঁৰ প্ৰাণত বৰ্তমান। কৃষ্ণক সৰ্বতোভাৱে জ্ঞানৰ স্বৰূপ ঈশ্বৰ বুলি ধৰি ল’লে, কাণ-খোৱাৰ কল্পনাত কোনো অৰ্থই নাথাকে; অথচ নিতান্ত শিশু বুলি ধৰি ল’লেও ল’ৰাই ভয় পালতেই কবিতাৰ উদ্দেশ্য শেষ হোৱা যেন হয়।

 এই দুয়োটা ফালৰ সামঞ্জস্য কবিয়ে যি অতুলনীয় কৌশলেৰে কৰিছে, সি অতি নিৰূপম। পৰমাৰ্থ হিছাপে বিচাৰ কৰি চালে শ্ৰীকৃষ্ণ পূৰ্ণব্ৰহ্ম অথচ মায়াত অৱতীৰ্ণ। সেই দেখি পূৰ্ণজ্ঞান থাকিলেও মায়াত অৱৰুদ্ধ বুলি তেওঁৰ মনুষ্য সুলভ ভয় আছে। নিৰ্মুক্ত পূৰ্ণব্ৰহ্ম বুলি জ্ঞানৰ বিচাৰ আছে, কিন্তু মায়াৰ গুণত ভয়ৰ সুৰ বিকম্পিত হৈ উঠে।

অনাদি-স্বৰূপে  জগত স্ৰজিলো
 চৰাচৰ ভেদ কৰি।

[ ৪৫ ]

সমস্তে জগত প্ৰতিপাল কৰি
 আত্মা-ৰূপে আছো ধৰি॥
ব্ৰহ্মা মহেশ্বৰ  আদি কৰি যত
 সমস্তে মোৰ স্ৰজনা।
মই নাজানিলো  সিটো কাণ-খোৱা
 স্ৰজিলেক কোনজনা॥

 এইদৰে বিষ্ণুৰূপী নিজৰ যিমান অৱতাৰ হৈছিল, শিশুকৃষ্ণই সকলোবোৰকেই মনত সুঁৱৰিব ধৰিলে। তেওঁৰ নানান অৱতাৰত নানান দৈত্য দানৱ আদিৰ লগত সংঘৰ্ষ হৈছে কিন্তু কাণ-খোৱা বীৰৰ কথা কেতিয়াও শুনা নাই। সকলো অৱতাৰৰ বৃত্তান্তবোৰ এটি এটিকৈ আহি স্মৃতিৰ কৰুণ পটত পৰিল, কিন্তু কাণ-খোৱা বীৰৰ কথাতো মনত নপৰে! মায়াদেৱীয়ে আকৌ আশঙ্কা উদগাই দিলে।

হলিৰাম-ৰূপে  লাঙ্গল ধৰিলো
 সম কৰি খাল ৰাম।
সমস্তে পৃথিৱী  বাই-বটি থৈলো
 লৈলো হলধৰ নাম॥
সিওকালে মই  লগ নাপাইলোহো
 আৱে মনে মনে গুণো।
কাণ-খোৱা নামে  বীৰগোট আছে
 আজি তযু মুখে শুনো॥

 ভাবি-চিন্তি শিশু-কৃষ্ণই একো থিৰ কৰিব নোৱাৰিলে। জানোচা কাণ-খোৱা ভুলে-চুকে ক’ৰবাত ৰৈ গ’ল। শিশুৰ মনত নৈৰাশ্য আহি দেখা দিলে। মায়াদেৱীৰেই খন্তেক জয় হ’ল। অতি কৰুণ সুৰে কৃষ্ণই মাকক সুধিব ধৰিলে,

আসিয়া ইবাৰ  কৃষ্ণ অৱতাৰ
 হুয়া আছো তযু ঘৰে।
কাণ-খোৱা নাম  শুনি মোৰ গাৱ
 তৰতৰি কম্পে ডৰে॥

[ ৪৬ ]

ঘুমটিৰ ছলে  নিচুকিয়া মই
 চকু মেলি থাকো চাই!
কেনেকুৱা গোটে  কাণ খাই ফুৰে
 চিনায়োক মোক আই।

 যশোদাদেৱীয়ে কৃষ্ণৰ মনত সন্দেহ, বিষাদ, আশঙ্কা দেখি তধা লাগি চাই আছে। শেহত সন্তান-প্ৰেমত বিকল হৈ “মিছাসে বুলিয়া মুখে স্তন দিয়া কৃষ্ণক সাবটি ধৰে।”

 কবিতা হিছাপে আগৰ অৱতাৰবোৰৰ সোঁৱৰণি অতুলনীয় সৌন্দৰ্য-প্ৰকাশক। বেলেগ বেলেগ যুগত বিষ্ণুৰ বেলেগ বেলেগ অৱতাৰবোৰৰ মাজত শিশু-কৃষ্ণৰ জীৱনৰ এক মুহুৰ্তৰ ভিতৰেদি সামঞ্জস্য স্থাপন কৰি লোৱা হৈছে। গোটেই কবিতাটোৰ ভাবৰ ঐক্য-সূত্ৰ হৈছে এই পদফাকি,

সিও কালে মই  লাগ নপাইলোহো
 কাণ-খোৱা কেনেকুৱা।

 সকলো অৱতাৰৰেই ক্ষুদ্ৰাতিক্ষুদ্ৰ সকলোবোৰ ঘটনা মনত পৰে কিন্তু,

কাণ-খোৱা নামে  বীৰগোট আছে
 নুশুনিলো সিও কালে।

 বৈষ্ণৱ কবিৰ ৰচনা কৌশল কেনে চমক লগোৱা! ভক্ত কবিয়ে বিষ্ণুৰ নানাৰ অৱতাৰৰ গুণ-গৰিমাত ভক্তিত আপ্লুত হৈ সেইবোৰ ধ্যান কৰিবৰ ছলেৰে কবিতাটো লিখিছে। কিন্তু মানৱ হিয়াৰ

স্বাভাৱিক স্নেহেৰে উপলব্ধি কৰিব পৰা নিঃসহায় বাল্য-ভাব উপাস্য দেৱতাত আৰোপ কৰি বাৎসল্য-ৰসৰ ভিতৰেদি প্ৰাণৰ একান্তিকা গভীৰ ভক্তি সেই আটাইবোৰলৈ নিবেদন কৰিছে।