পুৰণি অসমীয়া সাহিত্য/পুৰণি সাহিত্যৰ সীমাৱদ্ধতা

ৱিকিউৎসৰ পৰা

[ ৭৬ ]

পুৰণি সাহিত্যৰ সীমাৱদ্ধতা

 অসমীয়া বৈষ্ণৱ সাহিত্যৰ সীমা নিৰ্দেশ কৰিব লাগিলে তাৰ উদ্দেশ্য আৰু দায়িত্ব ভালকৈ উপলব্ধি কৰিব লাগে। শঙ্কৰদেৱ আৰু তেওঁৰ সহযোগীসকলে জাতি-বৰ্ণ-নিৰ্বিশেষে সকলো মানুহৰ ভিতৰতেই সহজ, সৰল ভক্তি-ৰস প্ৰচাৰ কৰিছিল আৰু বৈষ্ণৱ সাহিত্য এই ভক্তি-ধৰ্ম-প্ৰচাৰৰ প্ৰধান সহায়ক আছিল। নতুন ভক্তি-ধৰ্ম গ্ৰহণ কৰিবলৈ তেতিয়াৰ অসমৰ সমাজ সাজু হৈ নাছিল। অইন দেশৰ দৰে আমাৰ ইয়াতো নানা ধৰ্ম, নানা মত আছিল। সেই কাৰণে বৈষ্ণৱ গুৰুসকলে নিৰ্বিবাদে তেওঁলোকৰ নতুন মত প্ৰচাৰ কৰিব নোৱাৰিছিল। তেওঁলোকে পদে পদে তন্ত্ৰ-মন্ত্ৰাদিত সুদীক্ষিত বিভিন্ন মতাৱলম্বী পণ্ডিতসকলৰ মুখামুখি হ’ব লগীয়াত পৰিছিল আৰু তেওঁলোকৰ প্ৰত্যেকটো বচন, প্ৰত্যেকটো উপদেশকেই শাস্ত্ৰসন্মত বুলি প্ৰতিপন্ন কৰিব লগাত পৰিছিল। মল্লিনাথে সংস্কৃত মহাকাব্যবোৰৰ টীকা ৰচোঁতে সৈ কঢ়াৰ দৰে বৈষ্ণৱ কবিসকলেও নিজ নিজ ৰচনাৰ ভিতৰত ডাঠকৈ ক’ব লগীয়াত পৰিছিল—নামূলং লিখ্যতে কিঞ্চিৎ—কোনো অমূলক মনে-গঢ়া কথা লিখা নাই। বিৰুদ্ধ মতানুৱৰ্তী পণ্ডিতসকলক কোনোৰূপ নিন্দাৰ সুচল নিদিবলৈ বৈষ্ণৱ কবিসকলে প্ৰায় সকলোবোৰ ভাঙনিতেই মূল শাস্ত্ৰৰ উল্লেখ কৰি থৈছে।

 স্বয়ং শঙ্কৰদেৱেও কীৰ্তন পুথিৰ গুৰিতেই লিখিছে—

নকৰিবা নিন্দা মোক মহন্তে।
আসিল৷ শাস্ত্ৰ বাৰাণসী হন্তে।
তাহাঙ্ক চাই নিবন্ধিলো পদ।
বুলি হৰি হৰি তৰা আপদ॥

 শাস্ত্ৰৰ মূল নিৰ্দেশ কৰা দূৰৈৰ কথা, সংস্কৃত শাস্ত্ৰ-গ্ৰন্থ অসমীয়া [ ৭৭ ] পদত ভঙাও ধৰ্ম-বিৰোধী অকাৰ্য বুলি বিবেচিত হৈছিল। ৰায় বাহাদুৰ অধ্যাপক ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ সম্পাদিত তুংখুঙীয়া বুৰঞ্জীত এষাৰ অৰ্থ-পূৰ্ণ ঐতিহাসিক ৰচনাৰ উল্লেখ আছে। ডেবেৰা নামে ডাঙৰীয়া এজন ৰজা ভঙা-পতা আদি নানা দুষ্কৰ্মত লিপ্ত আছিল। যুঁজত তেওঁক ধৰাই অনাই বুঢ়াফুকনে সুধিলে, “ডেবেৰা, কিয় এনে কৰিলি?” ডেবেৰাই বোলে, “নুশুনিছহঁকনে? এক দেহ। দশমৰ পদ মইহে কৰিছোঁ, তয়ো কৰিবি।” অৰ্থাৎ দশমৰ পদ এজনৰ ৰচনা নহয় ( আগ দশম শঙ্কৰদেৱৰ, শেহ দশম অনন্ত কন্দলিৰ ৰচনা )। দশমৰ পদ-ৰচনা-ৰূপ অকাৰ্য দুজনে কৰিছিল। মই যি অকাৰ্য কৰা বুলি মোৰ বিচাৰ কৰিছ, তেনে অকাৰ্য তয়ো শেহত কৰিবি। ইয়াৰপৰাই বুজা যায়, দশম ভাগৱতৰ পদ অসমীয়াত ৰচনা কৰাটোৱেই তেতিয়াৰ সমাজত ধৰ্ম বিৰোধী কাম বুলি পৰিগণিত হৈছিল। এনে অৱস্থাত ভুলতে ভৰি পিছলিলেও বৈষ্ণৱ কবিসকলৰ মহা অপৰাধ। ভাষানুবাদ কৰাটোৱেই ধৰ্মদ্ৰোহী কাম তাৰ ওপৰত মূলৰ লগত সামঞ্জস্য নেথাকিলেতো কথাই নাই! সেই কাৰণে দঢ়াই দঢ়াই কবিসকলে কৈ থাকিব লগাত পৰিছিল—

যেবে টীকা-ভাষ্য-চাই  দেখা ইটো কথা নাই
 নিন্দা তেবে কৰিবা আমাক।

 হেজাৰ হওক কবি-প্ৰাণ; কেতিয়াবা দীঘল-চুটি দোষত দোষী হ’লেও হ’ব পাৰে। সেই বঢ়া-টুটা দোষ নধৰিবলৈকো বাৰে বাৰে কাবৌ কৰিছে—

যিবা কিছু বঢ়া দেখা  ইটো অপৰাধ এৰা
 ব্যাসো দেন্ত কথাত ৰঞ্জন।
আনো মহাকবিচয়  কাব্য়-ৰস নিবন্ধয়
 তাক নিন্দে কোন সাধুজন॥

 যি সাহিত্যৰ গঢ়-গতি এনেকুৱা বিষম সামাজিক অৱস্থাৰ ভিতৰত গঠিত হৈছিল, তাত যে আজি-কালিৰ হিছাপমতে স্বাধীন ভাব নেথাকিব, তাত আচৰিত হ’বলগীয়া কথা নাই।

[ ৭৮ ]  এনেও হ’ব পাৰে যাক আমি স্বাধীন ভাব বা কল্পনাৰ মুক্ত স্ফুৰণ বোলো, তাক হয়তো বৈষ্ণৱ কবিয়ে “কথাত ৰঞ্জন” বুলি বৰ প্ৰয়োজনীয় বুলি নেভাবিছিল; পুৰাণৰেই হওক বা ভাগৱতৰেই হওক যি আখ্যান ভাঙোতে ভক্তি ৰস পৰিস্ফুট হৈ নোলাল, বৈষ্ণৱ কবিৰ মনত হয়তো তাৰ কোনো মূল্যই নাছিল, তেহেলৈ তাত যিমানেই “মৌলিকতা” নেথাকক। পুৰণি সাহিত্য লৌকিক নোহোৱাৰ ইও এটি প্ৰধান কাৰণ। পুৰণি আন্দোলন ধৰ্মমূলক, পুৰণি সাহিত্যতো ধৰ্মৰ ফালে এঢলীয়া টান এটি ৰৈ গৈছে।

 বৈষ্ণৱ আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত নোহোৱা দুই-এখন পুৰণি পুথিত লৌকিকতাৰ ক্ষীণ আভাস পোৱা যায়। ৰামানন্দ দ্বিজৰ শঙ্কৰ-চৰিতত এটি বিতোপন ঘটনাৰ উল্লেখ আছে। ওপৰৰ “বৰগীত” প্ৰৱন্ধত উনুকিৱা হৈছে। পুনুৰুক্তি হ’লেও ঘটনাটো মন কৰিবলগীয়া। ভাটী অঞ্চলৰ ভৱানন্দ বা নাৰায়ণ ঠাকুৰ আহি শঙ্কৰদেৱৰ ওচৰ চাপিলত শঙ্কৰদেৱে সুধিলে, সেই অঞ্চলত কোনোবা ধৰ্মপৰায়ণ লোক আছেনে নাই? নাৰায়ণ ঠাকুৰে ক’লে, পীতাম্বৰ নামে এজন আছে আৰু তেওঁ দশমৰ পদ ভাঙিছে।

শঙ্কৰে বোলন্ত নাৰায়ণ মহাশয়।
তাহান কবিতা মুখে আসয় নাসয়
নাৰায়ণ ঠাকুৰে পাছে গাইবাক লাগিলা।
যেন মতে ৰুক্মিণীয়ে কৃষ্ণক ভাবিলা॥

কবিতা শুনি শঙ্কৰদেৱে যি মন্তব্য প্ৰকাশ কৰিলে, পুৰণি সাহিত্যৰ ভৱিষ্যৎ-গতি নিৰ্দেশক হিছাপে সি অতি মূল্যবান।

শুনিয়া বোলন্ত আৰু গাইবে নলাগয়।
গৰ্ব্ব-পৰ্ব্বতত সিটো উঠিয়া আছয়॥
ধৰ্ম্ম ধৰিবাৰ সিটো যোগ্য নোহে লোক।
আৰু কোন আছে নাৰায়ণ কহিওক॥

ৰুক্মিণীহৰণৰ বিষয়টো আদি-ৰসাত্মক আৰু বিশেষ ধৰ্ম-প্ৰৱণতা [ ৭৯ ] নেথাকিলে যে কবিয়ে ইয়াক সাধাৰণ প্ৰেমিকৰ আখ্যান কৰি তুলিব তাত কোনো সন্দেহ নাই।

 লৌকিক হিছাপে পীতাম্বৰ বৰ ওখ খাপৰ কবি নহ’ব পাৰে, কিন্তু তেওঁৰ দৰে ভক্তি-ধৰ্মৰ প্ৰভাৱৰ বাহিৰত থকা দুই-এজন কবিৰ ৰচনাত লৌকিকতাৰ যি ক্ষীণ আভাস পোৱা যায়, বৈষ্ণৱ কবিসকলৰ তাচ্ছিল্যৰ তীব্ৰ কটাক্ষত সেই জেউতী ম্লান হৈ গ’ল আৰু বৈষ্ণৱ সাহিত্যয়ো “তৰ্ক মহাব্যাঘ্ৰী”ৰ লগত পদে পদে যুঁজ কৰিবলৈ সাজু হৈ থাকিব লগাৰ কাৰণে ইয়াৰ মুক্ত বিকাশত বিঘিনি ঘটিছে।