পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(০৫)


সাৰৱত্তা আদি প্ৰতিপন্ন কৰিবলৈ সাহিত্যৰ ইতিবৃত্তৰ ফালৰ পৰা চাবেক প্ৰবন্ধবোৰত যিবোৰ ঐতিহাসিক যুক্তি-তৰ্কৰ অৱতাৰণা কৰা হৈছিল, বৰ্তমান কিতাপৰপৰা সেইবোৰ বাদ দিয়া হ’ল। ভাব আৰু ভাষাও মূলতঃ একৈছ বছৰৰ আগৰেই। অৰ্থৰ স্পষ্টতাৰ খাতিৰত ঠায়ে ঠায়ে দুই-এটি শব্দৰ সালসলনি কৰা হৈছে। “চেতনা”ত প্ৰকাশ নোহোৱা তিনিটা প্ৰবন্ধৰ ভিতৰত “শঙ্কৰদেৱৰ আধ্যাত্মিক দান” দ্বিতীয় বছৰৰ “আৱাহন”ত প্ৰকাশ হৈছিল। “বৰগীত” প্ৰবন্ধ বেজবৰুৱা ডাঙৰীয়াৰ “শঙ্কৰদেৱ”ৰ দ্বিতীয় তাঙৰণত সন্নিৱেশিত হৈছিল আৰু “চোৰ ধৰা” প্ৰবন্ধ গ্ৰন্থকাৰে প্ৰকাশ কৰা “চোৰ ধৰা” অঙ্কীয়া নাটৰ পাতনি স্বৰূপে লিখা হৈছিল।

 এই প্ৰবন্ধবোৰ পোন পহিলে লিখাৰ সময়ত মোৰ মৰমৰ পুৰণি ছাত্ৰ ৺লক্ষ্মীধৰ শৰ্মা, এম-এ, বি-এল দেৱ আমাৰ কলেজৰ তৃতীয় বাৰ্ষিক ইংৰাজী অনাৰ্ছ শ্ৰেণীৰ ছাত্ৰ আছিল। প্ৰতিভাশালী ৺লক্ষ্মীধৰে কোমল বয়সতেই পুৰণি অসমীয়া সাহিত্যৰ মোল উপলব্ধি কৰি সেই বিষয়ে আলোচনা কৰিবলৈ সদায় মোৰ ওচৰলৈ অহা- যোৱা কৰিছিল। পিছৰ কালত আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিষয়ত এম-এ পৰীক্ষা দি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি বিশ্ববিদ্যালয়ৰ সোণৰ পদক লাভ কৰি আধুনিক ভাৰতীয় তথা অসমীয়া সাহিত্যৰ গুণগ্ৰাহিতাৰ যথেষ্ট পৰিচয় দিছিল। মহাকালৰ নিঠুৰ অকাল গৰাহত ৺লক্ষ্মীধৰৰ প্ৰতিভা মাৰ গ’ল যদিও, তেওঁৰ কৰুণ স্মৃতি মোৰ মনত সদায় সজীৱ হৈ থাকিব। এই প্ৰবন্ধবোৰ তেওঁৰ সোঁৱৰণিৰ উদ্দেশ্যে অৰ্পণ কৰি দিয়া হ’ল।

কটন কলেজ  শ্ৰীবাণীকান্ত কাকতি
গুৱাহাটী ৩/৭/৪০