পুৰণি অসমীয়া সাহিত্য/শ্ৰীৰাধা-চৰিত্ৰ

ৱিকিউৎসৰ পৰা

[ ৩৪ ]

শ্ৰীৰাধা-চৰিত্ৰ

 অসমীয়া বৈষ্ণৱ ধৰ্মত ৰাধা-কৃষ্ণৰ যুগল উপাসনাৰ পদ্ধতি নাই আৰু সেই হিছাপে ৰাধা-কৃষ্ণৰ প্ৰেম-মূলক কোনো পুথি পুৰণি অসমীয়া সাহিত্যত নাই। বঙালীৰ গীত-গোৱিন্দ কাব্যৰ অনুৰূপ ঠাই অধিকাৰ কৰি আছে অসমীয়া ৰুক্মিণী-হৰণ, কুমৰ-হৰণ আদি কাব্যই। কিন্তু পুৰণি অসমীয়া সাহিত্যত যে ৰাধাদেৱীৰ উল্লেখেই নাই, এনে নহয়। মাধৱদেৱৰ বৰগীত কেইটামানত ৰাধা-কৃষ্ণৰ ‘প্ৰেম-চাতুৰী’ৰ অলপ পৰিচয় পোৱা যায়। কবিবৰ ৰামসৰস্বতীয়ে নৰনাৰায়ণ ৰজাৰ সভাত জয়দেৱৰ গীত-গোৱিন্দৰ অসমীয়া পদত ভাঙনি কৰে [১] আৰু তেওঁৰ পুতেক দ্বিজ কলাপচন্দ্ৰই অকণি কাব্য দৰঙত বৈৰাগ্য নামে মহন্ত এজনৰ আদেশত ৰাধা-বিজয় নামে অকণি কাব্য এখনি লিখে। কিন্তু অসমীয়া কবিসকলৰ কাব্যত জয়দেৱ, বিদ্যাপতিসকলৰ কল্পিত ৰাধা চৰিত্ৰ নাই। অসমীয়া বৈষ্ণৱ মতৰ স্বতন্ত্ৰ ৰীতি অনুসৰি ৰাধাদেৱীও অসমীয়া কাব্য-সাহিত্যত কল্প সলাইছে।

 অসমীয়া কবিৰ ৰাধা-গোৱিন্দৰ ধেমেলীয়া প্ৰেম অতি অপূৰ্ব কথা। ইয়াক শিশুকৃষ্ণৰ শিশু-ভাবৰ সাঁচতে গঢ়ি তোলা হৈছে। পুৰণি সাহিত্যত শিশুকৃষ্ণৰ গোকুলত বাল্য-লীলাৰ চিত্ৰহে কবিসকলে মুকলি মনেৰে বৰ্ণনা কৰা যেন লাগে। চুৰি কৰি গোৱালিনীসকলৰ দৈ, মাখন আদি খোৱা, গোপ ল’ৰাৰ লগত দন্দ-হাই কৰা, মাকৰ আগত জেউৰ ধৰা—ইত্যাদি বিষয় পুৰণি গীত সাহিত্যত সঞ্জীৱিত হৈ উঠিছে। আন আন গোপীসকলৰ মাজত ৰাধাদেৱীও এজনা হ’লেও, ভক্তি-বৎসল কবিসকল বিমোৰত নপৰি, নিজা ৰীতি অনুসাৰেই ৰাধা কৃষ্ণৰ চাতুৰী বৰ্ণনা কৰিছে।

[ ৩৫ ]

 এদিনাখন ল’ৰা কৃষ্ণই ঘৰত কিবা জগৰ লগাই মাকে মাৰিবৰ ভয়ত অকলে গৈ কদম গছ এজোপাৰ তলত শুই আছে। ৰাধাদেৱীয়ে পানী আনিবলৈ গৈ দেখা পাই কোনোবাই মাৰি-ধৰি গাৰ অলঙ্কাৰ খহাই নিব বুলি, নিজেই কৃষ্ণৰ অলঙ্কাৰ সোলকাই আঁচলত লুকাই থৈ কৃষ্ণক টোপনিৰ পৰা জগাই “পুছে অলঙ্কাৰ কেনে নাহিকে শৰীৰে।” থৰ লাগি কৃষ্ণই কোনো উত্তৰ নিদিয়াত ৰাধাদেৱী ঘৰলৈ উভতি আহি সকলো কথা কৈ মেলি যশোদাদেৱীৰ হাতত কৃষ্ণৰ অলঙ্কাৰ শোধাই দিলে। কৃষ্ণয়ো অলঙ্কাৰ হেৰুৱাই মাকৰ ভয়ত ঘৰলৈ নহা হ’ল। পিছে মাকে বিচাৰি গৈ লগ ধৰি সোধাত কৃষ্ণই ফাকি দি ক’লে,

এক গোৱালিনী  মাতি হামাকু
 দেলহ বুলি মিঠাই।
তাহেক ভোজন  কৰিয়ে শয়ন কৰোঁ
 চেতন হৰাৱলো মাই॥
শিৰ ফিৰাৱত  নয়ন বুলাৱত
 ঘন ঘন আৱত হামি।
জ্ঞান-বিৰহিত  হোই কদম্ব-তলে
 একা শুতাৱলো আমি॥
ৰাধা ভূষণ  চুৰি কৰিয়েকহু
 পুছত বাত হামাৰি।
হামো থিক  অচেতন হোই
 কি কহবো বচন বিচাৰি॥ ( মাধৱদেৱ )

 চোৰ-অপযশ দিয়া দেখি ৰাধায়ো খেদি আহি কৃষ্ণক ভৰ্ৎসনা কৰিবলৈ ধৰিলে,

ভূষণ প্ৰাণ  হামু তেৰি ৰাখলো
 হামাৰি ঐছন দোষ।
হামু বাত  পুছিতে নাহি উত্তৰ
 ৰহলি কয় থোষমোষ॥

[ ৩৬ ]

জননীক ভয়ে লুকি দিয়া ফিৰত
 গোৱাৰীক ডেবা সোমাই।
হামাকু আগু  খেলাৱত ঐছন
 চাতুৰী ভূষণ পাই॥
হামু জব চোৰ  হঞো কতি দেলহোঁ
 তোহাৰি জননীক আগ।  (মাধৱদেৱ)

 কৃষ্ণয়ো সমান তীব্ৰভাৱেই উত্তৰ দিলে,

একা হামো  শুতিয়ে বহলছি
 ভূষণ কয়লি চোৰি মোৰ॥
দিৱস সময়েকহোঁ  ৰাজবাট মহ
 সাহস ঐছন তোই।
ৰজনী সময়েকহোঁ  তোহাৰি ৰাধে
 চোৰি কৰিতে কোন হোই॥
হামু বিচাৰ কয়  দেখলো আৱৰি
 চোৰ ৰাধা বিনে নাই।
ঘৰহি ঘৰহি সব  ফিৰত চকোৱা
 ঐছন বাত জনাই।
গোপয়ে নাহি পাৰি  মেৰি ভূষণ
 দেলহ মাৱক ঠাই।  (মাধৱদেৱ)

 কোৱা বাহুল্য যে, ৰাধা-কৃষ্ণৰ এই প্ৰেম-চাতুৰীত বিদ্যাপতি চণ্ডীদাসসকলৰ প্ৰেমানুৰাগ নাই, ইয়াত শিশুশুলভ দুষ্টালি আছে। ই প্ৰায়েই ভায়েক-ভনীয়েকৰ স্নেহ-ধেমালিৰ দৰে। যদি ভৱিষ্যৎ প্ৰেমৰ কিবা সুদূৰ আভাস ইয়াত থকা যেন লাগে, সি ৰাধা-কৃষ্ণৰ প্ৰেম-লীলা কাহিনী মনত আগৰপৰাই বদ্ধ-মূলভাৱে থকাৰ কাৰণেহে। মাধৱদেৱৰ ৰাধা-কৃষ্ণৰ প্ৰেম-চাতুৰী-কীৰ্তন বাৎসল্য-ৰসৰ ভিতৰেদিহে।

 কবিবৰ ৰামসৰস্বতী গীত-গোবিন্দৰ কাব্য অসমীয়া পদত ভাঙিছিল বুলি ওপৰত কোৱা হৈছে। কিন্তু ৰামসৰস্বতীৰ ভাঙনিত গীত-গোবিন্দ সন্মোহন আদি ৰসাত্মক ভাৱৰ তীব্ৰতা সমূলি নাই। [ ৩৭ ] অসমীয়া কবিৰ মানত গীত গোবিন্দৰ প্ৰেম লীলা ৰুক্মিণী–হৰণ আদিৰ নিচিনা এটি আখ্যান মাথোন। তেওঁ তাক ভাগৱতৰ ৰাস-ক্ৰীড়াৰ লগত সংযোগ কৰি একান্ত ভক্তিবাদ-সমৰ্থক বৰ্ণনাত্মক কাবা এখনৰ আৰ্হিত চিত্ৰিত কৰিছে।

গোৱিন্দৰ ৰাস-ক্ৰীড়া গোপিকা সহিত।
একত্ৰ কৰিয়া ভগৱন্ত সমন্বিত॥
দুয়ো কথা-নিবন্ধ কৰিবো একে ঠাই।
যাহাক স্মৰণে লোক বৈকুণ্ঠক যাই॥

 ৰাধা-লীলাত কোনো ৰহস্যময় সাধন-মাৰ্গ স্বীকাৰ অসমীয়া কবিয়ে কৰা নাই। বৰং কবিয়ে গোপীসকলক তিনি ভাগত ভাগ কৰিছে,

তিনি বিধ গোপী সনে ক্ৰীড়া মাধৱৰ।
তাসম্বাৰ পূৰ্বকথা শুনা নিৰন্তৰ॥
একবিধ গোপী তাৰা গোপী-কন্যা বোলে।
মাধবৰ ক্ৰীড়া হেতু জন্মিলা গোকুলে॥
আৰু একবিধ তাৰা গোপ-কন্যাগণে।
কাত্যায়নী পূজিলা কৃষ্ণক স্বামী মনে॥
সেই পুণ্য-ফলে তাৰা মাধৱক পাই।
ৰাস-ক্ৰীড়া আৰম্ভিলা বৃন্দাবনে যাই॥

আৰু এবিধ গোপী হৈছে ৰাম অৱতাৰত লগ পোৱা দণ্ডকাৰণ্যৰ ঋষিসকল। সীতাদেৱীক দেখি তেওঁলোকে মনত ভাবিছিল,

শুনিয়োক সীতা তুমি কিনো ভাগ্যৱতী।
ত্ৰিভুৱন মোহন ৰাঘৱ যাৰ পতি॥

ঋষিসকলৰ ঈৰ্ষা-ভাব দেখি,

ৰামচন্দ্ৰ বোলন্ত শুনিয়ো ঋষিলোক।
নাৰী হুয়া যদি আলিঙ্গিবে খোজা মোক॥
গোকুলত কৃষ্ণ অৱতাৰ হুইবো মঞি।
গোপী হুয়া ভজিবাহা তোৰা ঋষিচয়॥

[ ৩৮ ]

কবিৰ এই বহল পাতনিৰপৰাই সহজে অনুমান কৰিব পাৰি, জয়দেৱৰ প্ৰেম-দীপ্ত কল্পনাৰ চঞ্চলতা ইয়াত নাই। ইয়াত সৌন্দৰ্যৰ সন্নিবেশ আছে, কিন্তু সৌন্দৰ্যৰ সন্মোহন উপাসনা নাই। তাত বাজেও সৰস্বতী কবিয়ে জয়দেৱৰ গীতৰ প্ৰত্যেক ৰাগৰেই লক্ষণ বৰ্ণনা কৰি কাব্যখন চিত্ৰময় কৰি তুলিছে। মুঠতে ক’ব লাগিলে, জয়দেৱৰ কাব্য প্ৰেম- ৰসাত্মক, সৰস্বতীৰ ভাঙনি ভক্তি-ৰসাত্মক, আৰু ভণিতাত ‘ৰামকৃষ্ণ ঘুষিয়ো সম্প্ৰতি,” “ডাকি বোলা ৰাম ৰাম” ইত্যাদি আদেশৰ দ্বাৰায় অসমীয়া কবিয়ে নিজৰ অন্তৰৰ ভাবৰ পৰিচয় দিছে। জয়দেৱৰ গীত-গোবিন্দ বঙালী বৈষ্ণৱ সাধন-প্ৰণালীৰ সাহিত্যক ৰূপ, আৰু সৰস্বতীৰ ভাঙনি কৃষ্ণ-চৰিত্ৰৰ অশেষ ছোৱাৰ আখ্যান মাথোন আৰু অসমীয়া কবিয়ে তাক নিজা ৰীতিৰেই বৰ্ণাইছে।

 দ্বিজ কলাপচন্দ্ৰৰ ‘ৰাধা-বিজয়’ খণ্ডকাব্যৰ কথাও ওপৰত উনুকিওৱা হৈছে। ইয়াৰ কথা-বস্তু একেবাৰে বেলেগ ধৰণৰ হ’লেও কবিয়ে অসমীয়া ভক্তিবাদৰ সাঁচত ৰাধাদেৱীৰ অভিনৱ চিত্ৰ এটি আঁকি দেখুৱাইছে। এদিনাখন ৰুক্মিণীদেৱীয়ে কৃষ্ণৰ প্ৰতি নিজৰ একান্ত ভক্তি সুঁৱৰি মনত দৰ্প অনুভৱ কৰি কৃষ্ণক সুধিলে–তেওঁৰ শ্ৰেষ্ঠ ভক্ত কোন কোন আছে? অন্তৰ্যামী কৃষ্ণই ৰুক্মিণীৰ মনৰ ভাব বুজি এটি এটিকৈ ভকতসকলৰ নাম উল্লেখ কৰি শেষত ক’লে যে বৃন্দাবনৰ গোপীসকলৰ সমান তেওঁৰ কোনো ভকত নাই। তেওঁৰ প্ৰতি ভক্তিৰ প্ৰখৰতাৰ বাবে কুল-মৰ্যাদাকো তেওঁলোকে বিসৰ্জন দিছে। এনেকুৱা গোপীসকলৰ মাজতো ৰাধাদেৱী সৰ্বশ্ৰেষ্ঠা।

 গোপীসকলৰ বিশেষতঃ ৰাধাদেৱীৰ প্ৰশংসা শুনি ৰুক্মিণীদেৱীৰ মনত ঈৰ্ষা জাগিল আৰু ৰাধাৰনো কেনে ৰূপ কেনে গুণ চাবলৈ বুলি কৃষ্ণক ক’লে যেন ৰাধাক অনাই তেওঁলোকক দেখুৱায়। দৰ্পহাৰী কৃষ্ণয়ো প্ৰথমে আপত্তিৰ ভাও দেখুৱাই শেষত ৰাধাদেৱীক অনাবলৈ উদ্ধৱক পঠিয়াই দিলে। ব্ৰজধামত গৈ উদ্ধৱে দেখিলে—

আছম্ভ আসনে বসি ৰাধিকা গোসানী।
সদায়ে ন ছাড়ে মুখে ৰামকৃষ্ণ বাণী॥

[ ৩৯ ]

কিঞ্চিতো নাহিকে প্ৰভা তান শৰীৰত।
নাই শ্ৰুতি-জ্ঞান আৰু ৰাধাৰ দেহত॥
নাই গাত মাংস অস্থি-চৰ্ম মাত্ৰ সাৰ।
দেখিলা উদ্ধৱে হেন অৱস্থা ৰাধাৰ।
কতোক্ষণে ৰাধিকা কৃষ্ণত চিত দিলা।
আছিলন্ত দেহ গেহ সৱে পাসৰিলা॥

নক’লেও হ’ব যে, ৰাধাদেৱী ইয়াত ৰাম নাম জপ কৰি উঁই হাফলুত পোত খাই থকা বাল্মীকিৰ শাৰীৰ। উদ্ধৱেও মনত ভাবিলে—

কেশৱৰ প্ৰিয়া এন্তে ভকত একান্ত।
ভালেতো সদায় কৃষ্ণ আঙ্ক সুমৰন্ত॥

 মাধৱদেৱৰ গীত-কবিতাৰ শৈশৱ-লীলা, ৰামসৰস্বতীৰ ভাঙনিৰ যৌৱন-লীলা আৰু কলাপচন্দ্ৰৰ কৃষ্ণ স্মৃতি-বিজড়িত ৰাধাৰ বাৰ্দ্ধক্য লীলা একেলগ কৰি চালে অসমীয়া সাহিত্যত কল্পিত ৰাধা-চৰিত্ৰৰ পূৰ্ণ ৰূপ উপলব্ধি কৰিব পাৰি। জীৱনৰ ভিন্ন ভিন্ন অৱস্থাৰ স্বাভাৱিক ভাৱৰ আকৰ্ষণ অনুসাৰে ৰাধিকা তাৰকাই কৃষ্ণ চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিছে।

  1.  জয়দেৱ-কাব্যৰ কবি ৰামসৰস্বতীয়ে ধৰ্মৰাজা অৰ্থাৎ দৰঙী ৰজ৷ ধৰ্মনাৰায়ণৰ নাম লৈছে।  —সম্পাদক।