পুৰণি অসমীয়া সাহিত্য/শঙ্কৰদেৱৰ আধ্যাত্মিক দান
[ ১ ]
পাতনি
( ক )
শঙ্কৰদেৱৰ আধ্যাত্মিক দান
কোনো ভাবশীল জাতি অইন অইন জাতিৰ সংস্পৰ্শ লৈ আহিলে সেইবোৰৰ লগত ভাবৰ আদান-প্ৰদান নকৰাকৈ থাকিব নোৱাৰে। আৰু আনৰ সংস্পৰ্শলৈ নাহিলেও ভাবৰ স্বয়ম্ভূ গতিৰ দ্বাৰাই সেই জাতি সদায় একে আদৰ্শকেই আধ্যাত্মিক সত্যৰ চৰম বিকাশ বুলি সাবটি ধৰি নতুন নতুন ভাবে সত্যৰ অনুসন্ধান নকৰাকৈ নাথাকে। বেলেগ বেলেগ জাতিৰ বুৰঞ্জীত এইবোৰৰ বহু উদাহৰণ পোৱা যায়। য়িহুদীসকলে পেলেষ্টাইনত সোমাই যেতিয়া আন আন জাতিৰ সংস্কাৰৰ সংঘৰ্ষণত পৰে, তেওঁলোকে নিজৰ কৌলিক দেৱতা জেহোভাত বাজেও আন আন জাতিৰ দেৱতা আৰু উপদেৱতা সকললৈ যজ্ঞ আৰু পূজাৰ ভাগ আগ বঢ়াইছিল। আমাৰ ভাৰতীয় আৰ্যসকলৰ ধৰ্মৰ ইতিহাসতো এনেকুৱা কিছুমান ভাবৰ বিপৰ্যয় ভালেমান সময়ত ঘটিছিল বুলি পণ্ডিতসকলে কয়।
বেদ, উপনিষদ, পুৰাণ, হিন্দু, বৌদ্ধ, জৈন আদিৰ ভাবৰ সংমিশ্ৰণৰ ফলত যেতিয়া মধ্যযুগত নানান দেৱতা, নানান কৰ্ম- পদ্ধতি, নানান ধৰ্ম-আচাৰ প্ৰৱৰ্ত্তিত হৈ সামাজিক চিত্তৰ বিপক্ষে আৰম্ভ কৰে, তেতিয়া সদাশয় মহাপুৰুষসকলৰ মনত স্বভাৱতেই “কিং কৰ্ম্ম কিমকৰ্ম্মেতি”, “কি কৰিব লাগে, কি কৰিব নালাগে” বুলি সংশয় উপস্থিত হয়। এনে এটি যুগসন্ধিত আন আন দেশৰ মহানুভৱ পুৰুষসকলৰ দৰে আমাৰ দেশতো মহাপুৰুষ শঙ্কৰদেৱৰ জন্ম হয়। পুৰাণৰ বহু দেৱতা, তন্ত্ৰৰ বহু সাধনাৰ আৰু কামনাৰ তাড়নাত সঙ্কল্পিত বহুত অল্প-ফল ব্য়য়-সঙ্কুল [ ২ ] অনুষ্ঠানৰ প্ৰভাৱৰপৰা উদ্ধাৰ কৰি, চৰাচৰ ব্ৰহ্মাণ্ড, সকলো দেৱতা আৰু “সৰ্ব অৱতাৰৰ কাৰণ” স্বৰূপ “ব্ৰহ্মৰূপী সনাতন” মূল বস্তুৰ আদৰ্শ তেওঁ আমাৰ আগত দাঙি ধৰে। এই সনাতন আৰ্য্য সত্যৰ ওপৰতেই সমস্ত ভাৰতীয় সভ্যতা প্ৰতিষ্ঠিত। আৰু ঋগ্বেদৰ পুৰুষ-সূক্তৰ বিৰাট পুৰুষৰ কল্পনাতেই এই সত্যৰ প্ৰথম উপলব্ধিৰ পৰিচয় পোৱা যায় বুলি পণ্ডিতসকলে ক’ব খোজে। বেদৰ পৰৱৰ্তী কালতো ভগৱদগীতাৰ কাললৈকে এই একেশ্বৰবাদ ভাৰতীয় চিন্তাৰ প্ৰধান সোঁতৰ বাহিৰত পৰি যোৱা নাই। কিন্তু পুৰাণ, তন্ত্ৰ আদিৰ দিনত বহু জাতি, বহু সভ্যতা, বহু আদৰ্শৰ সংযোগৰ ফলত এই একেশ্বৰবাদ সনাতন সত্য “ছিন্নাভ্ৰৈৰিব স্বম্বীতং শাৰদং চন্দ্ৰমণ্ডলম্”—ডোখৰা-ডুখৰি ডাৱৰে ঢাকি থোৱা শাৰদীয় জোনৰ দৰে “দৃশ্যমানমদৃশ্যঞ্চ”—দেখা-নেদেখা হৈ পৰিছিল। স্বয়ং বিৰাট পুৰুষ বুলি নিজে পৰিচয় দিয়া গীতাৰ শ্ৰীকৃষ্ণক স্বয়ং ভগৱান বুলি স্বীকাৰ কৰি, বেদৰ একেশ্বৰবাদ আৰ্য সত্যক মহাপুৰুষে আকৌ প্ৰতিষ্ঠিত কৰে। এই দেখা-নেদেখা আদৰ্শ কামনা-ক্লিষ্ট সাংসাৰিক মানুহৰ পক্ষে এনে চঞ্চল যে, ই যাতে ভুলক্ৰমেও মানুহৰ চকুৰ আঁতৰ হ’ব নোৱাৰে সেইবাবে তেওঁ সকলো গ্ৰন্থতে কঠোৰ শাসন দি গৈছে। “আন দেৱ-দেৱী নকৰিবা সেৱ” ইত্যাদি শাসনৰ মৰ্মও মহাপুৰুষৰ মূল আদৰ্শৰ পোহৰতহে ধৰিব পাৰি। বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান- দান, বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰ জাগৰণ, আমাৰ জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্ৰধান দান।
গীতাত উল্লেখ কৰা চাৰিবিধ ভক্তৰ ভিতৰত “অৰ্থাৰ্থী” অৰ্থাৎ বিশেষ বিশেষ কামনা সিদ্ধিৰ বাবে ঈশ্বৰক চিন্তা কৰা সকলৰ সংখ্যাই বেছি। কিন্তু কামনা সিদ্ধিয়েই ঈশ্বৰ-চিন্তাৰ মূল প্ৰেৰণা হ’ব লাগিলে প্ৰধান পুৰুষৰ প্ৰতি সকলো সময়তে মানুহৰ মন উধাব নোখোজে। কামনাৰ নিবৃত্তি নাই—এটিৰ সিদ্ধি হ'লে আন এটি [ ৩ ] জাগি উঠে। তাত বাজেও বিশেষ বিশেষ কামনা সিদ্ধি কৰা অসংখ্য দেৱতাৰ উল্লেখ পুৰাণ, তন্ত্ৰ আদি শাস্ত্ৰত আছে। আৰু সেইবোৰৰ প্ৰতি মানুহৰ সহজেই ঢাল খোৱা স্বাভাৱিক। মূল সত্যৰ উপলব্ধি অনাবিল ৰাখিবৰ বাবে মহাপুৰুষে নিষ্কাম বা নিষ্পৃহ ভক্তিৰ প্ৰৱৰ্তন কৰে। নিষ্কামভাৱে ঈশ্বৰক ভাবিব পাৰিলে সকলো কামনাৰ সিদ্ধি হয়। কেৱল সমুদ্ৰৰ প্ৰতি প্ৰবল বেগে বৈ গ’লেও বাৰিষাৰ ঢল নামিলে নৈয়ে ওচৰত থকা খাল-পুখুৰী আদি সকলোকে ভৰপূৰ কৰে।
এক ঈশ্বৰৰ প্ৰতি প্ৰবল বেগে মন ধাৱিত হৈ থাকিলে ভাবৰ প্ৰাচুৰ্যই সৰু-সুৰা কামনাৰ খাল বিল পূৰ নকৰিব কিয়? কৰ্মৰ বিভিষিকা নিবাৰণ মহাপুৰুষৰ আন এটি শ্ৰেষ্ঠ দান। ব্যয় সঙ্কুল বিশেষ বিশেষ অনুষ্ঠান কৰিব নোৱাৰিলে আধ্যাত্মিক পথত আগ বাঢ়িব নোৱাৰি, ধৰ্মৰ কোনো অঙ্গই সিদ্ধ নহয়—এই ভাৱে সমাজত এনেভাৱে শিপা মেলি থাকে যে, “ধনেই ধৰ্মৰ মূল” এনে কথাও লৌকিক প্ৰৱচনৰ ভিতৰত পৰিছে। ধন নহ’লে যাগ-যজ্ঞ, পূজা- অৰ্চ্চনা, তীৰ্থ যাত্ৰা আদি অনুষ্ঠান কৰিব নোৱাৰি, আৰু সেইবোৰ কৰিব নোৱাৰিলে ঈশ্বৰ চিন্তা সম্ভৱনে? বিশুদ্ধ – ভাবে কৰিব পাৰিলে কৰ্ম-অনুষ্ঠান আধ্যাত্মিক চিন্তাৰ পৰিপোষক হ’ব পাৰে; কিন্তু সেইবোৰৰপৰা ঈশ্বৰ চিন্তাৰ প্ৰধান প্ৰেৰণা আহিব নোৱাৰে। সেইবোৰ ঈশ্বৰ-চিন্তাৰ লীলা-ভূমি নহয়। ঈশ্বৰ-চিন্তাৰ প্ৰধান ক্ষেত্ৰ বিশুদ্ধ হৃদয়, বিশুদ্ধ মন। সৎ ভাৱ আৰু সৎ চিন্তাৰ দ্বাৰা হিয়া আৰু মন যিমানেই নিকা হয় তিমানেই ঈশ্বৰ-উপলব্ধিৰ বিষয়ত ইয়াৰ শক্তি উৰ্বৰা হয় আৰু হিয়া-মন চিকুণাবলৈ কোনো ব্যয় বা কষ্ট নালাগে। “মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। এতেকে মুকুতি পাইবা কহিলো স্বৰূপ॥” —ঈশ্বৰ-চিন্তাৰ পথত স্বকৰ্ম আৰু অনুষ্ঠানে মানুহৰ মনত কু-সপোনৰ দৰে যি বিভীষিকাৰ ছাঁ বিস্তাৰ কৰি আছিল, সেইটো আঁতৰাই মানুহৰ হিয়াক মেঘ-মুক্ত আকাশৰ দৰে নিৰ্মল কৰিবৰ উদগনি মহাপুৰুষে দি যায়। বাহ্যিক অনুষ্ঠানৰ ঠাইত বিশুদ্ধ [ ৪ ] অন্তৰক আধ্যাত্মিক উপলব্ধিৰ প্ৰধান লীলা-ক্ষেত্ৰ বুলি ডাঠকৈ প্ৰতিপাদন কৰা মহাপুৰুষৰ আন এটি দান।
আধ্যাত্মিক উপলব্ধি যদি ঈশ্বৰ আৰু শুদ্ধ মনৰ ভিতৰত বুজা-বঢ়া কৰিবলগীয়া বিষয় হয়, তেনেহ’লে সামাজিক শ্ৰেণী- বিভাগ অনুসৰি ইয়াত অধিকাৰ ভেদ থাকিব নোৱাৰে। ওখকুলীয়া মানুহহে ঈশ্বৰ আৰাধনাৰ অধিকাৰী বা নীহকুলীয়া মানুহৰ ইয়াত অধিকাৰ নাই, এনে ভেদ জ্ঞান ইয়াত থাকিব নোৱাৰে। নিষ্কাম সাধন-মাৰ্গত সকলোৰে অধিকাৰ সমান আৰু এই বাটত কোনে কিমান আগ বাঢ়িব পাৰে সেইটো ব্যক্তিগত চেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত সামাজিক শ্ৰেণী-ভেদ বা পৌৰোহিত্যৰ ব্যৱধান নাই।
বেদ উপনিষৎ আদি শাস্ত্ৰতো সামাজিক শ্ৰেণী ভেদ অনুসাৰে সাধনাত সিদ্ধি লাভ হয় বুলি কোনো কথা নাই বুলি পণ্ডিতসকলে কয়। ব্যক্তিগত শক্তিৰ বিকাশৰ দ্বাৰা যেয়েই পৰমাত্মাৰ অনুগ্ৰহৰ পাত্ৰ হয় সেয়েই আত্মলাভ কৰে।
দেৱী সূক্তত ব্ৰহ্মৰূপী বাগ্ দেৱতাই কৈছে—
যং কাময়ে তং তমুগ্ৰং কৃ্ণোমি।
তং ব্ৰহ্মাণং তমৃ্ষিং তং সুমেধাম্।
“যাক মই ( অনুগ্ৰহৰ পাত্ৰ বুলি) কামনা কৰোঁ, তাকে তেজাল ব্ৰাহ্মণ, ঋষি, মেধাবী কৰোঁ।”
উপনিষদতো এই ধৰণৰ উক্তিয়েই আছে –
নায়মাত্মা প্ৰৱচনেন লভ্যো ন মেধয়া ন বহুনা শ্ৰুতেন।
যমেৱৈষ বৃণুতে তেন লভ্যস্তস্যৈষ আত্মা বিবৃণুতে তনূং স্বাম্॥
‘প্ৰৱচনৰ দ্বাৰা, মেধা শক্তি বা বহু শাস্ত্ৰ আলোচনাৰ দ্বাৰা এই পৰমাত্মা লাভ নহয়। যাক পৰমাত্মাই ( অনুগ্ৰহ কৰি ) বৰণ কৰি লয় তাৰ দ্বাৰাই ই লভ্য—; তাৰ ওচৰতহে ই ৰূপ প্ৰকাশ কৰে।” আকৌ, “নায়মাত্মা বলহীনেন লভ্যঃ” বলহীনৰ দ্বাৰা আত্মলাভ নহয়। ( মুণ্ডকোপনিষৎ )
উপাস্য আৰু উপাসকৰ ভিতৰত কৰ্মৰ বাহুল্য, সামাজিক [ ৫ ] শ্ৰেণী-বন্ধ আদিৰ ভিতৰত যি অজ্ঞানতাৰ কুঁৱলী বিয়পি আছিল, মহাপুৰুষ প্ৰতিভাৰ পোহৰত সি আঁতৰি গৈ চিৰন্তন আৰ্য সত্যক চকুৰ আগত প্ৰকাশ কৰিছে
কৃষ্ণৰ কথাত যিটো ৰসিক।
ব্ৰাহ্মণ জন্ম তাক লাগে কিক॥
স্মৰোক মাত্ৰ হৰি দিনে ৰাতি।
নবাছে ভকতি জাতি-অজাতি॥
আধ্যাত্মিক সাধনাৰ ক্ষেত্ৰত জাতি-ভেদৰ সমস্যা কোনোক্ৰমেই আহি নপৰে। সামাজিক জীৱনত যাৰ যি অধিকাৰ সি সেই মতেই থাকিব পাৰে; কিন্তু সাধনাৰ বাটত আগ বাঢ়িবৰ শক্তি ব্যক্তিগত চেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে। সামাজিক কৰ্তব্য ব্যৱহাৰিক জগতৰ বস্তু; কিন্তু বিশুদ্ধ হৃদয় আৰু ঈশ্বৰৰ লগত বুজা-বঢ়া অন্তৰ্জগতৰ বস্তু; ইয়াক বাহ্যিক জগতে স্পৰ্শ কৰিব নোৱাৰে।
এতেকে—য আত্মদা বলদা যস্য বিশ্ব
উপাসতে প্ৰশিষং যস্য দেৱাঃ।
যস্য চ্ছায়ামৃতং যস্য মৃত্যুঃ।
[ ৬ ]
(খ)
বৈষ্ণৱ কবিৰ লক্ষ্য আৰু সাধনা
এই আধ্যাত্মিক সাম্যভাবৰ গুণ-কীৰ্তনত পুৰণি কবিসকল প্ৰগলভ হৈ উঠিছিল—
বৰ্ণাশ্ৰম-ধৰ্ম যত যাৰ যেন বিধি আছে
তাৰেসে কেৱল অধিকাৰ।
হৰি-নাম কীৰ্তনত নাহিকে নিয়ম একো
এতেকেসে ধৰ্মমধ্যে সাৰ॥
* * *
পৰম নিৰ্মল ধৰ্ম হৰি-নাম কীৰ্তনত
সমস্ত প্ৰাণীৰ অধিকাৰ। ( মাধৱদেৱ )
* * *
কলিযুগ মধ্যে বৈষ্ণৱেসে বিষ্ণু
কহিলো সন্ত কাহিনী। (অনন্ত কন্দলি)
সকলোৰে সমান অধিকাৰ থকা এই নৱ-ভক্তি-ধৰ্মৰ সাধন- প্ৰণালীও অতি সৰল—
হৰি-নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ
নিয়ম সংযম একো বিধি।
হৰিত শৰণ লৈয়া কেৱল হৰিৰ নাম
কীৰ্তন কৰন্তে হোৱে সিদ্ধি॥ (মাধৱদেৱ)
এই নতুন ধৰ্ম, নতুন সাধন-প্ৰণালী লিখা-পঢ়া জনা পণ্ডিত- মহলতে আৱদ্ধ নাৰাখি সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত প্ৰচাৰ কৰাটোকেই পুৰণি কবিসকলে মহাব্ৰত বুলি ধৰি লৈছিল—
শ্লোক সংস্কৃত আমি লিখিবাক ভাল জানি
তথাপি কৰিলো পদবন্ধ।
স্ত্ৰী শূদ্ৰ আদি যত জানোক পৰম তত্ত্ব
শ্ৰৱণত মিলয় আনন্দ॥ (অনন্ত কন্দলি)
এফালে একান্ত ভক্তি আৰু সাম্যভাবৰ “পৰম তত্ত্ব” প্ৰচাৰ [ ৭ ] আৰু আনফালে শুনোতাক আনন্দ দান—এয়েই পুৰণি সাহিত্যৰ দ্ব্যাত্মক আদৰ্শ আৰু প্ৰেৰণা।
এই প্ৰেৰণাৰ বশবৰ্তী হৈ কবিসকলে গীত, নাট, কাব্য, উপন্যাস আদি লৌকিক সাহিত্যৰ প্ৰধান অঙ্গবোৰৰ সহায়েৰে জন-সমাজত শিক্ষা আৰু আনন্দ বিলাইছিল। চাণক্য শ্লোক, ডাকৰ বচন আদিৰ নিচিনা নৈতিক উপদেশপূৰ্ণ পুথিয়ে মানুহৰ মন আকৰ্ষণ কৰিব নোৱাৰে। সাহিত্যৰ শিক্ষাৰ প্ৰণালীয়েই সুকীয়া। সুখ-দুখ, আশা- নৈৰাশ্য আদিৰ চিত্ৰেৰে মনক কোমলাই সজ সাহিত্যই প্ৰথমে মনক ভাব গ্ৰহণোন্মুখী কৰি তোলে। গীতা এখন দুৰ্বোধ্য দৰ্শন- শাস্ত্ৰ হ’লেও সকলো শ্ৰেণীৰ মানুহৰ ভিতৰতে ই ইমান হোৱাৰ এটি প্ৰধান কাৰণ হৈছে ইয়াৰ অন্তৰ্গত আদৰণীয় ৰমণীয় কাব্য-চিত্ৰ। শত্ৰুৱে কাঢ়ি লোৱা নিজ ৰাজ্য উদ্ধাৰৰ বাবে দৃঢ়ব্ৰতী অৰ্জুনৰো ৰণক্ষেত্ৰত কৌৰৱৰ বিপুল মৰণোন্মুখ সেনানী দেখি মন ভাগিল। অৰ্জুনৰ মনত গভীৰ বিষাদ নামিল। এপিনে ৰাজ্যৰ আকাঙ্খা, আনপিনে পাৰ্থিৱ আকাঙ্খাৰ তাড়নাত আত্মীয়স্বজন বধ! ইমানবোৰ নিৰপৰাধ প্ৰাণী হত্যাৰ আগত ক্ষুদ্ৰ ৰাজ্য কামনাৰ ঠাই ক’ত?
অৰ্জুনৰ মনত যি দুৰ্বলতাৰ আৱেশ হৈছিল তেওঁৰ অৱস্থাত সকলো সহৃদয় সেনাপতিৰ মনতেই তেনে ভাবৰ উদয় হ'ব পাৰে। পুৰণি ৰোম ৰাজ্যৰ সেনাপতি ক’ৰিওলেনাছ (Coriolanus) অৰ্জুনৰ সমান অৱস্থাতেই বিমোৰত পৰি আত্মঘাতী হয়।
দোধোৰ-মোৰত পৰি অৰ্জুনৰ মনত যি বৈৰাগ্য, সেই বৈৰাগ্যৰ চিত্ৰ আগত দাঙি নধৰি গীতাৰ কবিয়ে যদি নিৰলে সুথিল অৱস্থাত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত গীতা-তত্ত্ব ব্যাখ্যা কৰা বুলি ক’লেহেঁতেন, তেনেহ'লে গীতা শাস্ত্ৰৰ সৌন্দৰ্য বহুত পৰিমাণে কমিলহেঁতেন। সাহিত্যৰ সুকীয়া শিক্ষা-প্ৰণালী পুৰণি কবিসকলে ভালকৈ উপলব্ধি কৰিছিল, আৰু আমাৰ পুৰণি গীত, নাট, কাব্য আদি এই উপলব্ধিৰেই ফল।
ভাষা আৰু সংস্কৃতিৰ ফালৰপৰাও পুৰণি সাহিত্যৰ কৃতকৃত্যতা [ ৮ ] আওহেলা কৰিবলগীয়া নহয়। পুৰণি সাহিত্য আমাৰ অসমীয়া জাতীয় জীৱনৰ এটি সঙ্কটময় সন্ধি-ক্ষণত ৰচিত হয়। পুৰণি কামৰূপ ৰাজ্য তেতিয়া নানান দেশী বিদেশী সৈন্য-সামন্তৰ দ্বাৰা আক্ৰান্ত হৈ জুৰুলা হয়। পূৱে নৱাগত আহোমসকলে, পশ্চিমে কোচ ৰজাসকলে আৰু মাজে মাজে বিক্ৰমী মোগল সেনাবাহিনীয়ে সোমাই কামৰূপ ৰাজ্য বহুধা বিভক্ত কৰি জাতীয় জীৱন সমূলে উৎপাটন কৰিবৰ সূত্ৰপাত কৰে। জাতীয় জীৱনৰ এই ছিন-ভিন হ'বলগীয়া অৱস্থাত বৈষ্ণৱ সাহিত্যই নতুন প্ৰাণৰ সঞ্চাৰ কৰি সৰ্বভাৰতীয়, মহাজাতীয় চৈতন্যৰ লগত ইয়াৰ ঐক্য-ভাৱ স্থাপন কৰে। দেশী বিদেশী সৈন্যৰ জয়-পৰাজয়ৰ প্ৰলয়কাৰী ৰণ-হুঙ্কাৰৰ মাজতো অসমীয়া জাতীয় জীৱনে নৱ-প্ৰতিষ্ঠিত বৈষ্ণৱ সত্ৰবোৰক কেন্দ্ৰ কৰি “নিৱাত-নিষ্কম্প ইৱ প্ৰদীপঃ”—বতাহ নলগা, নকঁপা চাকিটিৰ দৰে জ্বলি থাকিল।
অসমত অসংখ্য ভাষা-ভাষী মানুহৰ সমাৱেশ। চাৰিওফালে বেঢ়ি থকা পৰ্বতীয়া ভাষাবোৰৰ ভিতৰত অসমীয়া ভাষা এটি সৰু দ্বীপৰ দৰে। ইমানবোৰ ভাষা-ভাষীৰ ঠেলা-হেঁচাত হয় অসমীয়া ভাষা বুৰ গ’লহেঁতেন, নহয় ই বিকৃতাকাৰ হ’লহেঁতেন বৈষ্ণৱ কবিসকলে অসমীয়া ভাষাক আশ্ৰয় কৰি সাৰ্বজনীন শিক্ষা দিয়াৰ ব্যৱস্থা কৰাত অসমীয়া ভাষা জাতীয় ভাষাৰূপে পৰিগণিত হ’ল; আৰু পৰ্বতীয়া ভাষাৰ শব্দ চোৰাংকৈ ইয়াত সোমালেও কোনো আদিম ভাষাই ইয়াৰ মৌলিক ৰূপৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই।