পুৰণি অসমীয়া সাহিত্য/চিৰশিশু ৰূপ

ৱিকিউৎসৰ পৰা

[ ৪০ ]

চিৰশিশু ৰূপ

 বিদ্যাপতি, চণ্ডীদাস আদি সহজিয়া কবিসকলৰ কৃষ্ণ যেনে চিৰপ্ৰেমিক ( eternal lover ) আমাৰ বৰগীত, কাণখোৱা, চোৰধৰা আদিৰ কৃষ্ণও তেনে চিৰশিশু ( eternal child )। শিশু-জীৱন অশেষ আনন্দ, কাৰুণ্য, ভেম, চাতুৰী তেওঁলোকৰ কবিতাবোৰৰ নিচিনাকৈ ক’তো প্ৰকাশ হোৱা দেখা নেযায়। কৃষ্ণৰ নাম বাদ দিলে এইবোৰ কবিতা যেই সেই শিশুৰ জীৱনতে খাপ খায়।

হামু বিহানত  খেৰি খেলাৱত
 আজো কিছু এ নাহি খাৱতৰি।
তুমহি হামাকো  নাহি ডাকল মাই
 ভোখহি বৰ দুখ পাৱতৰি॥
খালি উদৰে হৰি  হাত নিৱেশিয়ে
 দেখত বোলত বাণী।
আপুন তনয়কহো  দুখ দেখিয়ে মাই
 নয়নে ঝুৰাৱত পানী॥
পুতা পুতা বুলি  আঞ্চোৰে মোচল
 শ্যাম শৰীৰক ধূলি।
মোৰ বাপ বুলি  ক্ষীৰ পিয়াৱত
 বাহু মেলি কোলে তুলি॥  ( মাধৱদেৱ )

শিশুৰ এই আব্দাৰ জগতৰ যেই সেই শিশুতে খাটিব।

 অসমীয়া বৈষ্ণৱ সাহিত্যৰ মূল প্ৰেৰণা দাস্য-ভাব হ’লেও ইয়াত বাৎসল্য ভাৱৰ প্ৰৱল আধিপত্য আছে। সাহিত্য আৰু সুকুমাৰ শিল্পত এই দুটি ভাৱৰ কেনে অঙ্গাঙ্গি সম্বন্ধ, ইয়াতেই অলপ আলোচনা কৰা যাওক।

 দাস্য-ভাবৰ কল্পনা প্ৰাৰ্থনা-ক্ষেত্ৰত বিশেষকৈ খাটে। নিজক দাসানুদাস বা সৰুতকৈও সৰু বুলি ভাবি ল’ব পাৰিলে মদ, মাৎসৰ্য, [ ৪১ ] অহঙ্কাৰ আদি প্ৰবৃত্তিবোৰৰ তেজ ভালেখিনি কমে আৰু আত্মবিৰামৰ অৱস্থা সোনকালে আহিব পাৰে। কিন্তু স্নেহ, কৰুণা, দয়া, দাক্ষিণ্য আদি মনৰ কোমল ভাববোৰৰ একান্ত বিলোপ হ’লে প্ৰাৰ্থনাও নীৰস হৈ পৰে। সেই কাৰণে সাধকসকলে “ৰসময়ী ভকতিৰ” হে কামনা কৰে। ভকতি ৰসময়ী হ’ব লাগিলে তাত এনেকুৱা ৰস থাকিব লাগিব, যাৰ ভোগৰ ভিতৰতেই ত্যাগ আছে, যাৰ আকাঙ্ক্ষাৰ ভিতৰতেই তৃপ্তি আছে, যাৰ প্ৰতি ধাউতিয়েই নিবৃত্তিৰ পৰিপোষক।

 বাৎসল্য ৰসৰ নিচিনা নিষ্কাম নিৰ্বিকাৰ ভাব আৰু দ্বিতীয় নাই বুলিলেই হয়। সন্তানৰ প্ৰতি যি প্ৰকৃত স্নেহ, তাত স্বাৰ্থৰ গোন্ধ নাই, তাত ভোগৰ ভিতৰতেই ত্যাগ আছে। ঘোৰ সংসাৰীৰ পৰা পৰম বিৰাগী পুৰুষৰ মনতো ই কোনো বিকাৰ নোপজোৱাকৈ বৰ্তিব পাৰে। লৌকিক দৃষ্টিত যিটো দাস্য-ভাব, অন্তৰৰ ফালৰ পৰা সেয়ে বাৎসল্য-ভাবত পৰিণত হয়। গৃহস্থৰ ঘৰৰ বহুদিনীয়া দাস-দাসীসকলে বয়সৰ তাৰতম্য অনুসাৰে যিফালৰ পৰাই হওক গিৰিহঁতৰ লগত বাৎসল্য বা তাৰ সমান শ্ৰেণীৰ ভাবেৰে অন্তৰৰ সংযোগ স্থাপন কৰে। সেই হিছাপে দাস্য আৰু বাৎসল্য ভাবৰ ওচৰ-চুবুৰীয়া সম্বন্ধ। দূৰৈৰপৰ৷ যিটো দাস্যভাব, ওচৰৰপৰা ই সিয়েই বাৎসল্য়-ভাব।

 চৰিত-পুথিত আছে ৰামকৃষ্ণ পৰমহংসদেৱে নিৰ্বিকল্প সমাধিৰ পিছতো “মা, মা” বুলি ঈশ্বৰক উদ্দেশ্য কৰি চিয়ঁৰিছিল। বাৎসল্য-ৰসৰ ইমানেই মন-প্ৰাণ জুৰোৱা শক্তি! সেই কাৰণে আধ্যাত্মিক ক্ষেত্ৰত মানসিক প্ৰকৃতিৰ তাৰতম্য অনুসাৰে ঈশ্বৰত নানা ভাবৰ আৰোপ কৰা দেখা যায়। কেতবোৰে ঈশ্বৰক সন্ধানৰূপে কল্পনা কৰে, কেতবোৰেবা নিজকেই জগন্মাতাৰ সন্তান বুলি ভাবে আৰু কেতবোৰে বিশেষকৈ তিৰোতা সাধিকাসকলে ঈশ্বৰক দৰা বা স্বামী বুলি কল্পনা কৰে। সাধক-সাধিকাসকলৰ জীৱনত এনেকুৱা ৰস-সম্বন্ধৰ অভিব্যক্তি দাস্য-ভাবৰ স্বাভাৱিক [ ৪২ ] পৰিণতি যেন লাগে। ভক্ত মীৰাবায়ে শ্ৰীকৃষ্ণক স্বামীৰূপে বৰণ কৰিছিল—“মেৰে গিৰধৰ গুপাল দূসৰো ন কোই। জা কে সিৰ মোৰমুকট মেৰো পতি সোই॥”

 শ্ৰীকৃষ্ণৰ পৌৰাণিক জীৱনীত জানিবা শিশু-লীলা, ৰাস-লীলা আদি নানা লীলা-খেলাৰ উল্লেখ আছে আৰু প্ৰৱাদ পৰম্পৰা অনুসাৰে কৃষ্ণ-নামৰ লগত ৰস-সম্বন্ধৰ প্ৰথাও চলি আহিছে, কিন্তু যীশুখ্ৰীষ্টৰ জীৱনীত তেনে কোনো লীলাৰ উল্লেখ নাই। খ্ৰীষ্টধৰ্মতো মূলতঃ ঈশ্বৰক প্ৰভু কল্পনা কৰাটোহে দেখা যায়। তথাপি য়ুৰোপৰ মধ্য-যুগৰ কঠোৰ সন্ন্যাস-ব্ৰতী তিৰোতা সাধিকাসকলে (Elizabeth, Mary, Hildegard Lintgard ) ভক্ত মীৰাবাঈৰ দৰে খ্ৰীষ্টক দৰা বুলি বৰণ কৰি নিজক নিজক কইনা ( bride of Christ ) বুলি কল্পনা কৰিছিল।

 তাত বাজেও য়ুৰোপীয় মধ্য-যুগৰ সুকুমাৰ শিল্পত কুমাৰী মেৰী আৰু শিশু খ্ৰীষ্টৰ বাৎসল্য ভাবৰ অভিব্যক্তি স্বৰূ অসংখ্য ছবি অঁকা হৈছিল। এই বিষয়ত য়ুৰোপীয় বাৎসল্য-ৰস প্ৰকাশৰ ছবিৰ ঠাই আমাৰ দেশত শিশুকৃষ্ণ-বিষয়ক অসংখ্য কবিতাই অধিকাৰ কৰি আছে। উপাসনা-ক্ষেত্ৰত যি আদৰ্শ প্ৰভু-কল্পনা, সাহিত্যত সেই প্ৰভু-ভাবৰেই স্বাভাৱিক বিকাশ হৈছে স্নেহেৰে আঁকোৱালি ধৰিব পৰা বাৎসল্য-লীলা-কীৰ্তন।