পঞ্চৰত্ন/তোমাৰ যি ভাল লাগে

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]

তোমাৰ যি ভাল লাগে।

 এজন মৰমীয়াল আৰু দন-হাই ভাল নোপোৱা ৰজাই এখন ৰাজ্যক রাজত্ব করিছিল। দন-হাই ভাল নোপোৱা মানুহ পাই তেওঁৰ 'ভাইয়েক ফ্ৰেডেৰিকে তেওঁক ৰাজ্যৰ পৰা খেদি দি নিজে সেই ৰাজপাটত বহিল। ৰজাই ৰং মনেৰে ৰাজভোগ ৰাজসুখ এৰি কেজনমান বিশ্বাসী তেওঁৰ মৰমৰ অনুচৰ বৰ্গৰে সৈতে বনবাসলৈ গ'ল। সেই বনৰ নাম আৰ্ডেশাৰণ্য।

 ফেডেৰিকৰ স্বীলিয়া নামে এটি কন্যা আছিল। এই কন্যাৰ সখীয়েকৰ নাম ৰোজেলিণ্ড। ৰোজেলিণ্ড ফ্ৰেডেৰিকৰ বনবাসী ককায়েকৰ জীয়েক। ফ্ৰেডেৰিকে যদিও ৰোজেলিণ্ডক ভাল নেপাইছিল কিন্তু দুইও জনী ছোৱালীৰ এনে মিল দেখি ফ্ৰেডেৰিকৰ বেয়া লাগিলেও বাধ্য হৈ স্বীলিয়াৰ মুখলৈ চাই ৰোজেলিণ্ডক ৰাজঘৰত ৰাখিছিল। ফ্ৰেডেৰিকে ৰোজেলিণ্ডক ভাল নেপাবৰ আৰু এটা কাৰণ আছিল যে তেওঁ স্বীলিয়াতকৈও সুন্দৰী।

 সেই ৰাজ্যৰে এজন ডাঙ্গৰ মানুহৰ তিনটী লৰা আছিল, অলিভাৰ, অৰ্লেণ্ডো, আৰু জাক্‌। তেওঁ মৰিবৰ সময়ত অলিভাৰক তেওঁৰ সকলো সম্পত্তি দি যায়। অৰ্লেণ্ডোৰ নিমিত্তে মুঠে সেইদেশৰ এহেজাৰ টকা থৈ যায়। মৰিবৰ সময়ত কৈ যায় যে অলিভাৰে যেন সৰু ভায়েক দুটীক ভালকৈ তত্ত্বাৱধান কৰে আৰু যেন সিহঁতক সজ শিক্ষা দিয়ে। অলিভাৰে জাকক সজ শিক্ষা দিয়ালে কিন্তু [  ] অৰ্লেণ্ডোক সমূলি দেখিব নোৱারিছিল—শিক্ষার তো কথাই নাই। অৰ্লেণ্ডোই একো নকরি এলেহুৱা হৈ জীৱন কটাবলৈ ধরিলে। অৰ্লেণ্ডো আৰু কিমান দিন এলেহুৱা হৈ থাকিব? থাকি থাকি আমনি লাগিল। এনেয়ে বহি থাকি ভাল নলগাত ককায়েকক বাপেকে থৈ যোৱা টকা কেটা খুজিলে। ককায়েকৰ ঘৰত থাকিবলৈ ভাল নলগাত সেই ঘৰ এৰি যাবৰ ইচ্ছা বৰকৈ প্ৰবল হ'ল। টকা খোজাৰ কাৰণো সেয়ে।

 অলিভারর কিন্তু টকা দিবৰ মন নাই দেই। ভাল মতলব থকা হলে শিক্ষাকে দিলে হেতেন নহয়। ভাবি চিন্তি ঠিক করিলে যে এটা বলী মানুহর সৈতে অৰ্লেণ্ডোৰ যুজ লগাই দিলেই তো হৈ যায়। ইয়াকে ভাবি এটি বলী মানুহর হতুৱাই অৰ্লেণ্ডোক যুজ কৰিবলৈ মতালে। অলিভারর ইচ্ছা যে অৰ্লেণ্ডো মৰে⸺মৰিলেইতো টকাখিনি নিজর হৈ যায়।

 অৰ্লেণ্ডোই যুদ্ধৰ নিমন্ত্ৰণ ৰংমনেরে ৰক্ষা কৰিলে। এই মল্ল যুদ্ধ চাবলৈ বহুতো মানুহ গোট খাইছিল। স্বীলিয়া আৰু ৰোজেলিণ্ডো চাবলৈ আহিছিল। এনে এজন কোমল বয়্সীয়া লৰাই নামজ্বলা মল্লৰ সৈতে যুজ কৰিবলৈ সাজু হোৱা দেখি ৰোজেলিণ্ড তবধ হল আৰু লৰাটীক যুজ নকৰিবলৈ বহুতো বুজলে। কিন্তু ডেকা লৰাই কেতিয়া এনে হাক শুনে? যুজ লাগিল। আটাইয়ে যুজৰ ফল দেখি আচৰিত হল। আমাৰ [ ১০ ] অৰ্লেণ্ডোই জয়ী হল। ধন্য অৰ্লেণ্ডো।

 ফেডেরিকেও এই যুজ চাইছিল। এই কুমলীয়া লৰা- টীকে জিকা দেখি মনৰ আনন্দত তেওঁৰে সৈতে চিনাকী হবলৈ যাওঁতেই শুনা পালে যে এই লৰাটী তেওঁৰ এজন বৈৰীৰ পুত্ৰ। তেতিয়াই তেওঁৰ আনন্দ গুচি খঙ হল গৈ। মানুহ এনে অবুজ। ক’ত আনন্দ ক’ত খঙ! ৰোজেলিণ্ডে যেতিয়া দেখিলে যে তেওঁ যি লৰাটীক যুজ কৰিবলৈ মানা কৰিছিল সেই লৰাটীয়েই জিকিল, তেতিয়া তেওঁ আনন্দত অধীৰা হৈ তেওঁ পিন্ধি থকা সোণৰ মণি ধার লৰাটীৰ ডিঙিত পিন্ধাই দিলে। ইয়াকে দেখি ফ্ৰেডেৰিকৰ খং আৰু বাঢ়িল। তেতিয়াই খঙ পূৰ্ণ মাত্ৰালৈ উঠোঁতেই ৰোজেলিণ্ডক ৰাজ্যৰ পৰা নিৰ্ব্বাসিত কৰিলে। এই খঙটো এটা চেলুহে জানিবা দেই। মন চাগৈ আগৰে পৰা গৈছিল-লাজতে হে একো কৰিব পৰা নাছিল। এতিয়া এই সুযোগ পাইয়েই ছোৱালীটীক ৰাজ্যৰ পৰা খেদি দিলে। স্বীলিয়াতকৈ ৰোজেলিণ্ড সুন্দৰী নহয় নে? ৰোজেলিণ্ড স্বীলিয়াতকৈ কথা-বতরাতো বাৰু নহয় নে? পাঠকৰ যি মন যায় ভাবি, খেদাই দিয়াৰ কাৰণ উলিয়াবলৈ বেছি পৰ নেলাগিব হব পায়। স্বীলিয়াৰ চৰিত্ৰ আৰু ফ্ৰেডেৰিকৰ চৰিত্ৰ কিন্তু একে নহয়। যেতিয়া তেওঁ দেখিলে যে তেওঁৰ মৰমৰ সখীৰ এনে বিলাই হল তেতিয়াই মনতে গুণি ঠিক কৰিলে যে তেৱোঁ সখীয়েকৰ [ ১১ ] লগৰীয়া হব। টচ্‌ষ্টোন্‌ নামেৰে ৰাজসভাৰ বহুৱাক লগত লৈ দুয়ো ৰাজ্যৰ পৰা ওলাল। কিন্তু যায় কলৈ? যি অৰণ্যত ৰোজেলিণ্ডৰ দেউতাকে মনৰ সুখেৰে গৈ ৰাজত্ব কৰিছিল সেই অৰণ্যলৈকে বুলি তেওঁলোকে খোজ ললে। তেওঁলোকৰ কাপোৰ কানি এৰি, ৰোজেলিণ্ড অলপ দীঘল দেখি সেই দেশৰে ভেৰাৰখীয়া লৰাৰ সাজ পিন্ধিলে, আৰু স্বীলিয়া হল ভেৰা-ৰখীয়ানী।

 ইপিনে অৰ্লেণ্ডোৰ জয় হোৱাৰ পাছত ঘৰলৈ যাওঁতে বাটতে এডাম বুলি বাপেকৰ দিনৰ লগুৱা এটাৰ সৈতে দেখা হল। সি কলে— “বোপাই, বল, তয়ো বল, ময়ো তোৰ লগতে যাওঁ। এই ঘৰত থাকিলে তোক মাৰিল। মই জীয়াই থাকিম আৰু তোক এনেকৈ সি মাৰিব, মই তাকে চাই থাকিমনে? বল, যাওঁ ইয়াৰ পৰা মোৰ লগত মোৰ সাঁচি থোৱা টকা কেটামান আনিছোঁ তোৰে মোৰে তাৰে হব দে, এতিয়া ইয়াৰ পৰা বেগ দিওঁ মাথোন।” অৰ্লেণ্ডোৰ মন সৰল, এইবোৰ কথা শুনি আচৰিত হৈ বুঢ়াটীৰ কথাতে মান্তি হৈ দুয়ো সেই পাপ ঘৰ এৰি গল। তেওঁলোকৰো যাবলগীয়া ঠাই আৰ্ডেশাৰণ্য।

 গৈ গৈ ৰোজেলিণ্ড আৰু স্বীলিয়া থকা সেই অৰণ্যৰে এটী পজা ঘৰত আশ্ৰয় ললে। দুয়ো থাকে। পাছত গছৰ কোৰোঙ্গৰ আৰু ডালৰ মাজে মাজে বহুতো লেখা লাপাত মাজে মাজে পায়। সেইবোৰ পঢ়ি চাই [ ১২ ] দেখিলে যে সকলোবোৰেই ৰোজেলিণ্ডক লক্ষ্য কৰি লেখা। ৰোজেলিণ্ডৰ তেতিয়াও মুনিহৰ কাপোৰ। স্বীলি- য়াই কলে “মই বাৰু উলিয়াওঁ ই কোন প্ৰেমিক, কোনেনো রোজেলিণ্ডৰ উদ্দেশ্যে ইমান হুমুনিয়াহ কাঢ়ি ফুৰিছে।” অলপ পাছত স্বীলিয়াই বিচাৰ কৰি জানিলে যে এই লেখকজন অৰ্লেণ্ডো, আন আৰু কোনো নহয়। ৰোজেলিণ্ডৰ মুনিহৰ কাপোৰ সেই দেখি কলে যে “মই অৰ্লেণ্ডোৰ বেমাৰৰ দৰব দিম। মোক যদি ৰোজেলিণ্ড বুলি ভাবি তেওঁ আহি কথা কয়, তেতিয়াই তেওঁ ৰোজেলিণ্ডৰ কথা পাহৰিব।” অৰ্লেণ্ডোই অৱশ্যে নেজানিছিল যে ৰোজেলিণ্ডেই মুনিহর কাপোৰ পিন্ধি তেওঁরে সৈতে কথা কব। অৰ্লেণ্ডো আৰু ৰোজেলিণ্ডৰ আকৌ চিনাকী হ’ল।

 ইপিনে ৰাজপুৰীত হুলস্থুল। ছোৱালী দুজনী কলৈ গ'ল? ফ্ৰেডেরিকে ভাবিলে যে এই কাম নিশ্চয় অলিভাৰৰ। অলিভারেই অৰ্লেণ্ডো আৰু ছোৱালী দুজনীক লুকাই থৈ দিছে। কিন্তু ফ্ৰেডেৰিকেতো নেজানে অৰ্লেণ্ডোৰ প্ৰতি অলিভাৰৰ কিমান মৰম। ইপিনে যে তেওঁৰ নিমিত্তেই অৰ্লেণ্ডোৰ বনবাস। ফ্ৰেডেৰিকে নুশুনে! অলিভাৰও বনবাসী হ'ল। পাছত অৰণ্যত যে কেৱল এওঁলোক থাকে এনে নহয়। সিংহ আদিৰো বাস। অলিভাৰক এটা সিংহই আক্ৰমণ কৰে। সেই খিনি সময়তে অৰ্লেণ্ডো সেই ফালে [ ১৩ ] যায়। ককায়েকক তেনে অৱস্থাত দেখি সিংহক তেওঁ তেতিয়াই বধ কৰি ককায়েকক ৰক্ষা কৰিলে। ইপিনে নিজে বৰ দুখ পালে। সিংহেৰে সৈতে যুঁজোতে অৰ্লেণ্ডোৰ গাৰ নানা ঠাইত সিংহই নখ দাঁত বহুৱাইছিল।

 ৰক্ষাকাৰী কোন দেখি অলিভাৰ আচৰিত হ'ল। অলিভাৰ আৰু অৰ্লেণ্ডোৰ আকৌ মিল হ'ল। মানুহে বিপদত পৰিলেহে জানে কোন কাৰ বন্ধু। ইমান দিন অলিভাৰে অৰ্লেণ্ডোক হিংসাৰ চকুৰে দেখিছিল। এই মহা উপকাৰ পাই ভায়েকৰ মনৰ ভাব ভালকৈ বুজি পালে। দুয়ো ভাইৰ মিল হ'ল। পৃথিৱীত এয়ে হোৱা উচিত।

 অৰ্লেণ্ডো সেই দিনা পুৰুষবেশী ৰোজেলিণ্ডৰ লগত দেখা কৰিব নোৱাৰিলে। এই কথা জনাবলৈ ককায়েকক পঠাই দিলে। ভেৰা-ৰখিয়ানীৰ বেশত স্বীলিয়াৰ সুন্দৰ মুখ দেখি অলিভাৰে স্বীলিয়াক তেতিয়াই ভাল পালে! স্বীলিয়ায়ো সেই ভাল পোৱাৰ প্ৰতিদান দিলে।

 বনবাসী ডিউক্‌ জনাৰ আগতে সেই বিয়া সমাধা হবৰ কথা হ'ল। অৰ্লেণ্ডোৰ মন কিন্তু বিষা- দেৰে ভৰা। তেওঁ তেতিয়াও হা-হুনুনিয়াহ কাঢ়ে আৰু কয় যে যিজনে তেওঁক ডিঙ্গিৰ মণি দিছিল, সেই জনকে তেওঁ এতিয়াও ভাল পায়। কি কৰা যায় এতিয়া? ভেৰা-ৰখীয়াৰ বেশধাৰিণী ৰোজেলিণ্ডে [ ১৪ ] কলে “বাৰু মই স্বীলিয়াৰ বিয়াৰ দিনা তেওঁক আনি দিম!” কোৱা কথাই সঁচা হ'ল অৰ্থাৎ বিয়াৰ দিনা নিজৰ কাপোৰ পিন্ধি ওলালত অৰ্লেণ্ডোই তেওঁৰ মনোহাৰিণীক চকুৰ আগতে দেখি আনন্দত আপ্লুত হ'ল আৰু বনবাসী ডিউকেও নিজৰ জীয়াৰীক পুৰ্নলাভ কৰি সেই আনন্দত যোগ দিলে।

 অলিভাৰে স্বীলিয়াক পাই আৰু বিপদৰ সময়ত সৰু ভায়েকৰ পৰা ইমান উপকাৰ পাই অৰ্লেণ্ডোক সম্পত্তিৰ অংশ দিব খুজিলে। ফ্ৰেডেৰিকে ককায়েকৰ সন্ধান পাই তেওঁক মাৰিবৰ নিমিত্তে আৰ্ডেণাৰণ্যৰ ফালে আহিল। কিন্তু ভগবানৰ কি ইচ্ছা! বাটতে এজন ধাৰ্ম্মিক বুঢ়াৰ সৈতে দেখা হলত তেওঁ আৰু কুপথগামী নহ'ল। বনবাসী ডিউকক তেওঁৰ নিজৰ ৰাজ্য আকৌ ওভটাই দি নিজে ধৰ্ম্মকৰ্ম্মৰ পিনে চকু দিবলৈ আৰম্ভ কৰিলে।

 এতিয়া সকলোৰে আনন্দ। আৰ্ডেণাৰণ্যত আনন্দ, ৰাজ্যত আনন্দ সকলো ঠাইতে আনন্দ। আহাঁ, সেই আনন্দৰ কথা শুনি তেওঁলোকৰ আনন্দত যোগ দি অমিও আনন্দিত হওঁ।