অৰ্লেণ্ডোক সমূলি দেখিব নোৱারিছিল—শিক্ষার তো কথাই নাই। অৰ্লেণ্ডোই একো নকরি এলেহুৱা হৈ জীৱন কটাবলৈ ধরিলে। অৰ্লেণ্ডো আৰু কিমান দিন এলেহুৱা হৈ থাকিব? থাকি থাকি আমনি লাগিল। এনেয়ে বহি থাকি ভাল নলগাত ককায়েকক বাপেকে থৈ যোৱা টকা কেটা খুজিলে। ককায়েকৰ ঘৰত থাকিবলৈ ভাল নলগাত সেই ঘৰ এৰি যাবৰ ইচ্ছা বৰকৈ প্ৰবল হ'ল। টকা খোজাৰ কাৰণো সেয়ে।
অলিভারর কিন্তু টকা দিবৰ মন নাই দেই। ভাল মতলব থকা হলে শিক্ষাকে দিলে হেতেন নহয়। ভাবি চিন্তি ঠিক করিলে যে এটা বলী মানুহর সৈতে অৰ্লেণ্ডোৰ যুজ লগাই দিলেই তো হৈ যায়। ইয়াকে ভাবি এটি বলী মানুহর হতুৱাই অৰ্লেণ্ডোক যুজ কৰিবলৈ মতালে। অলিভারর ইচ্ছা যে অৰ্লেণ্ডো মৰে⸺মৰিলেইতো টকাখিনি নিজর হৈ যায়।
অৰ্লেণ্ডোই যুদ্ধৰ নিমন্ত্ৰণ ৰংমনেরে ৰক্ষা কৰিলে। এই মল্ল যুদ্ধ চাবলৈ বহুতো মানুহ গোট খাইছিল। স্বীলিয়া আৰু ৰোজেলিণ্ডো চাবলৈ আহিছিল। এনে এজন কোমল বয়্সীয়া লৰাই নামজ্বলা মল্লৰ সৈতে যুজ কৰিবলৈ সাজু হোৱা দেখি ৰোজেলিণ্ড তবধ হল আৰু লৰাটীক যুজ নকৰিবলৈ বহুতো বুজলে। কিন্তু ডেকা লৰাই কেতিয়া এনে হাক শুনে? যুজ লাগিল।
আটাইয়ে যুজৰ ফল দেখি আচৰিত হল। আমাৰ
খ