পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/২০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০)
পঞ্চৰত্ন।

অৰ্লেণ্ডোই জয়ী হল। ধন্য অৰ্লেণ্ডো।

 ফেডেরিকেও এই যুজ চাইছিল। এই কুমলীয়া লৰা- টীকে জিকা দেখি মনৰ আনন্দত তেওঁৰে সৈতে চিনাকী হবলৈ যাওঁতেই শুনা পালে যে এই লৰাটী তেওঁৰ এজন বৈৰীৰ পুত্ৰ। তেতিয়াই তেওঁৰ আনন্দ গুচি খঙ হল গৈ। মানুহ এনে অবুজ। ক’ত আনন্দ ক’ত খঙ! ৰোজেলিণ্ডে যেতিয়া দেখিলে যে তেওঁ যি লৰাটীক যুজ কৰিবলৈ মানা কৰিছিল সেই লৰাটীয়েই জিকিল, তেতিয়া তেওঁ আনন্দত অধীৰা হৈ তেওঁ পিন্ধি থকা সোণৰ মণি ধার লৰাটীৰ ডিঙিত পিন্ধাই দিলে। ইয়াকে দেখি ফ্ৰেডেৰিকৰ খং আৰু বাঢ়িল। তেতিয়াই খঙ পূৰ্ণ মাত্ৰালৈ উঠোঁতেই ৰোজেলিণ্ডক ৰাজ্যৰ পৰা নিৰ্ব্বাসিত কৰিলে। এই খঙটো এটা চেলুহে জানিবা দেই। মন চাগৈ আগৰে পৰা গৈছিল-লাজতে হে একো কৰিব পৰা নাছিল। এতিয়া এই সুযোগ পাইয়েই ছোৱালীটীক ৰাজ্যৰ পৰা খেদি দিলে। স্বীলিয়াতকৈ ৰোজেলিণ্ড সুন্দৰী নহয় নে? ৰোজেলিণ্ড স্বীলিয়াতকৈ কথা-বতরাতো বাৰু নহয় নে? পাঠকৰ যি মন যায় ভাবি, খেদাই দিয়াৰ কাৰণ উলিয়াবলৈ বেছি পৰ নেলাগিব হব পায়। স্বীলিয়াৰ চৰিত্ৰ আৰু ফ্ৰেডেৰিকৰ চৰিত্ৰ কিন্তু একে নহয়। যেতিয়া তেওঁ দেখিলে যে তেওঁৰ মৰমৰ সখীৰ এনে বিলাই হল তেতিয়াই মনতে গুণি ঠিক কৰিলে যে তেৱোঁ সখীয়েকৰ