পঞ্চৰত্ন

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ i ]

পঞ্চৰত্ন।

 

শ্ৰীজ্ঞানদাভিৰাম বৰুৱা।

[ iii ]
 

শ্ৰীশ্ৰীশঃ।

 

পঞ্চৰত্ন।

 

বা

 

শ্যেক্সপিয়েৰৰ পাঁচ খন নাটকৰ চমু কথা

 

শ্ৰীজ্ঞানদাভিৰাম বড়ুৱা

 

আৰ্ল্ ল কলেজ

 

গুৱাহাটী।

 

বেচ ৷৴৹ পাঁচ অনা ।

[ iv ]
 

Published by
The Assam Printers and Publishers, Limited
DIBRUGARH.

 

ডিব্ৰুগড়।
“অসমীয়া” প্ৰেছত
শ্ৰীমহিমচন্দ্ৰ সিংহৰ দ্বাৰাই ছপা হ'ল

[ v ]
 

সূচী।

 
১। ৰজা লীয়াৰ
২। তোমাৰ যি ভাল লাগে
৩। ভেৰোণাৰ দুজন ভাল মানুহৰ কথা ১৪
৪। দন্দুৰী দমন ২১
৫। ভূলৰ ধেমালি ২৭
 

[ vi ]
 

শ্ৰীশ্ৰীশঃ ।

 

উৎসৰ্গ

 

স্বৰ্গীয় ককাইদেৱ
কৰুণাভিৰাম বড়ুৱা

    আৰু

   স্বৰ্গীয় ককাইদেৱ
   কমলাভিৰাম বড়ুৱাৰ

 

স্মৃতিৰ উদ্দেশে
এই সৰু কিতাপ খনি
আগবঢ়ালোঁ ।

 

 জ্ঞান ।
২৩ । ১ । ১৯

[ vii ]

মোৰ নিবেদন।

 “ভেনিচৰ সাওদ” উলিয়াবৰ আজি সাতবছৰ মান হৈছে। মোৰ ইচ্ছা আছিল যে এই ভেনিচৰ সাওদৰ আৰ্হিৰে মহাকবি শ্যেক্সপিয়েৰৰ একো একোখন কিতাপ আমাৰ ৰাইজলৈ আগ বঢ়াওঁ। কিন্তু সেই ইচ্ছা কাৰ্য্যত পৰিণত কৰিব এতিয়াও নোৱাৰিলোঁ। ভবিষ্যত কি হয় কব নোৱাৰো। এতিয়া শ্যেক্সপিয়েৰৰ পাঁচখন নাটকৰ সাৰ কথা চমুকৈ লেখি আমাৰ কিতাপ পঢ়োতা ৰাইজৰ আগত ধৰো বুলি আমাৰ সাহিত্য সেৱক শ্ৰদ্ধাস্পদ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াৰ ওচৰলৈ এই কাকত কেখনি পঠাই দিওঁ। ইচ্ছা যে তেখেতৰ তত্ত্বাৱধানৰ মুদ্ৰাযন্ত্ৰত এই কিতাপ খনি ছপাই মোক বাধিত কৰে। আমাৰ দেশতে মুদ্ৰাযন্ত্ৰ আছে যেতিয়া বিদেশলৈ যাওঁ কিয়?

 ইয়াত ‘ৰজা লিয়েৰ’ (King Lear), ‘তোমাৰ যি ভাল লাগে’ (As you like it), ‘ভেৰোণাৰ দুজন ভাল মানুহর কথা’ (Two Gentlemen of Verona), ‘দন্দুৰী দমন’ (Taming of the Shrew), ‘ভুলৰ ধেমালি’ (Comedy of Errors) এই পাঁচ খনৰ কথা আছে। যিসকলে ইংৰাজী নেজানে এই কিতাপ খনি পঢ়িলে মহা কবি শ্যেক্সপিয়েৰৰ এই পাঁচখনি নাটকৰ মূল কথা জানিব পাৰিব এনে আশা কৰো আৰু আশা কৰো আমাৰ সৰু লৰা ছোৱালী সকলোৱে এই কিতাপ পঢ়ি অলপ সোৱাদ পাই তেওঁলোক ডাঙৰ হলে ইংৰাজী কিতাপ পঢ়ি সেই সোৱাদ পূৰা মাত্ৰাত উপভোগ কৰিব। শ্যেক্সপিয়েৰৰ কিতাপবোৰ ইংৰাজী ভাষাৰ অমূল্য ৰত্ন। ‘বাইবেল’ৰ পাছতে শ্যেক্সপিয়েৰৰ গ্ৰন্থবোৰৰ স্থান। সকলো ইংৰাজী জনা মানুহে বাইবেল আৰু শ্যেক্সপিয়েৰ পঢ়া উচিত। কাৰো কাৰো বাইবেল পঢ়িবলৈ আপত্তি থাকিব [ viii ] পাৰে— কিন্তু ইংৰাজী ভাষা পঢ়িবলৈ আৰু ভালকৈ জানিবলৈ হ'লে বাইবেলৰ বচনবোৰেৰে সৈতে আমাৰ সুন্দৰৰূপে চিনাকী থকা উচিত। শ্যেক্সপীয়েৰৰ গ্ৰন্থবোৰৰো সৈতে সেইৰূপে চিনাকী থকা উচিত।

 ‘ভেনিচৰ সাওদ’ৰ পাতনিত শ্যেক্সপীয়েৰৰ জীৱনীৰ চমুকৈ আলোচনা কৰিছোঁ। তেওঁক আমেৰিকাবাসীসকলে ইমান শ্ৰদ্ধাৰ চকুৰে দেখে যে সেই দেশৰ কোনো কোনো মানুহে তেওঁৰ জন্মগৃহটী তুলি আমেৰিকালৈ লৈ যাব খুজিছিল কিন্তু ইয়াত ইংলণ্ডবাসী সকলে আপত্তি কৰাত তেওঁলোকে সেই ঘৰ লৈ যাব নোৱাৰিলে। এভন্ নৈৰ দাঁতিৰ ষ্ট্ৰেটফৰ্ড নগৰত সেই ঘৰ এতিয়াও বৰ্ত্তমান।

 এই কিতাপত যি পাঁচ খন নাটকৰ বিষয় আছে সকলোটি তেওঁৰ এটা পাছে এটা লেখা নহয়। ভবিষ্যতে যদি সময় পাওঁ তেনেহলে এখনৰ পাছত এখন লেখা সময়ৰ অনুসাৰে এই জগৎ কবিজনাৰ সকলোখিনি কিতাপৰ পূৰ্ণ ভাঙ্গনি আসমীৰ ৰাইজৰ আগত উলিয়াবৰ আশা ৰাখিলো। এই আশা কিমান ফলবতী হয় ভবিষ্যতেহে কব পাৰিব।

 আমাৰ দেশৰ আধুনিক সাহিত্য এতিয়াও টনকিয়াল নহয়। সেই গুণে সাহিত্যসেৱীসকলে কিতাপ দেখি বাকছত সুমুৱা ই থৈ দিয়া উচিত নহয়। মই এনে বহুতো লেখকক জানো যি সকলে আৰ্থিক অভাবৰ নিমিত্তে কিতাপ লেখি ছপাব নোৱাৰে। এনেবোৰ কিতাপ-লেখকৰ নিমিত্তে এটি ধনৰ ভঁৰাল হোৱা উচিত। সেই ধনৰ ভঁৰাল কেইজনমান উদ্যোগী মানুহৰ তত্ত্বাৱ- ধানত ৰাখি সেই টকাৰে বছৰে বছৰে দুখন হওক এখন হওক কৃতী অথচ অৰ্থহীন মানুহৰ ভাল ভাল কিতাপ ছপোৱা উচিত। [ ix ] অৱশ্যে সেই ভৰাল জনসাধাৰণৰ দয়া আৰু মৰমৰ ওপৰত নিৰ্ভৰ কৰিব। দেখি বৰ ৰং লাগে যে আমাৰ দেশৰ ছাত্ৰসকলে এনে এটা ভঁৰাল খুলি কোনো কোনো কিতাপ ৰাইজক দিছে আৰু দিবও। তেওঁলোকৰ উদ্যোগ সফল হওক, ভগবানে তেওঁলোকৰ মঙ্গল কৰোক। তেওঁলোকে কিন্তু এই কথাটী মনত ৰাখিব লাগিব যে সাহিত্যসেবী মাত্ৰেই প্ৰায় অৰ্থহীন। লক্ষ্মী আৰু সৰস্বতী দুইৰো কৃপা অতি কম লোকৰ ওপৰতহে বৰষে।

 “কিং লিয়েৰ"⸺১৬০৫ কি ১৬০৬ চনত এই নাটখন তেওঁ লেখাৰ সম্ভৱ, কিয়নো ১৬০৬ চনৰ ডিচেম্বৰৰ ২৬ তাৰিখৰ দিনা ৰজাৰ আগত এই নাটখনৰ ভাৱনা হৈছিল। ১৬০৭ চনৰ ২৬ নভেম্বৰত “ষ্টেশ্যনাৰ অফিচত" “ৰেজিষ্টাৰ” বহিত এই কিতাপ খন তালিকাভুক্ত কৰা হয়, তেতিয়া শ্যেক্সপিয়েৰৰ বয়স ৪২।৪৩ বছৰ। এই কিতাপখনি লেখোতে শ্যেক্সপিয়েৰৰ হাত ভালকৈ পকিছে।

 “তোমাৰ যি ভাল লাগে”(As you like it)-১৫৯৯ চনত লেখা হৈছিল। ১৫৯o চনত ওলোৱা “ৰোজোলিণ্ড্” বুলি কিতাপৰ ছায়া অৱলম্বন কৰি তেওঁ এই কিতাপখনি ৰচিছিল। এই নাটত যি “ফৰেষ্ট অব্ আৰ্ডেণ”ৰ কথাৰ উল্লেখ আছে— যাক মই “আৰ্ডেণাৰণ্য” বুলি অনুবাদ কৰিছো সেই ঠাই ষ্ট্ৰেটফৰ্ডৰ পৰা বেছি দূৰ নহয়। ষ্ট্ৰেটফৰ্ডৰ ওচৰত “ফৰেষ্ট অব্ আৰ্ডেণ” বুলি যি ঠাই আছে তেওঁ সেই ঠাইৰে উল্লেখ কৰিছে চাগৈ।

 “ভেৰোণাৰ দুজন ভাল মানুহ" (Two Gentlemen of Verona)⸺১৫৯৫ চনত লেখা হৈছিল বুলি আন্দাজ কৰা হয়।

 “দন্দুৰী দমন" ( Taming of the Shrew) ১৫৯৩ চন। এইখন তেওঁৰ অষ্টম নাটক। [ x ]  "ভূতৰ ধেমালি" (Comedy of Errors) ১৫৯৩ চন। এইখন তেওঁৰ ষষ্ঠ নাটক। এই খিনিৰ সময়ত ভাৱনাঘৰ “প্লেগৰ” নিমিত্তে কেমাহ মান বন্ধ থাকে শ্যেক্সপিয়েৰৰ জন্ম ১৫৬৪ চনত- মৃত্যু ১৬১৬ চনত।

 ইয়াৰ দ্বাৰাই দেখা যায় মই ধাৰাবাহিক ৰূপে শ্যেক্সপিয়েৰে লেখা সময় অনুসৰি এই কিতাপখনত এই নাট বোৰৰ ঠাই দিয়া নাই।

 শ্যেক্সপিয়েৰ তেওঁৰ ২৮ বছৰ বয়সত লেখকস্বৰূপে সাধাৰণৰ আগত ওলায়। তেওঁৰ প্ৰথম নাটক "ষষ্ঠ হেনৰী। " ইয়াত ইয়ৰ্ক আৰু লেঙ্কেষ্টাৰ ফৈদৰ যুদ্ধৰ কাহিনী আছে। ১৫৯১/৯২ চনত তেওঁ এই কিতাপ লেখে। এই খিনি সময়ত ইংলণ্ডত প্লেগ্‌মহামাৰী আৰু “বায়ট”ও হৈছিল। থিয়েটাৰ ঘৰ বন্ধ হোৱাত শ্যেক্সপিয়েৰ নিশ্চয়ে ক্ষতিগ্ৰস্ত হৈছিল। ৰবাৰ্ট গ্ৰীণ্, নামে তেতিয়াৰ এজন নামী লেখকে "ষষ্ঠ হেনৰী। " দেখি ইতিকিং কৰি হাঁহিছিল। তেতিয়া হাঁহিছিল। পাছত এতিয়া? শ্যেক্সপিয়েৰৰ নাম জগদ্বিখ্যাত, সকলো সময়লৈকে তেওঁ জগদ্বিখ্যাত থাকিব আৰু ৰবাৰ্ট গ্ৰীণ? তেওঁক কেই জনে জানে? ইংৰাজীত এটা ৰচনা আছে নহয়-"he laughs best who laughs last.” আমাৰ ইতিকিং কৰা অভ্যাস মুঠেই ভাল নহয়। সকলোৰে ই পৰিত্যজ্য।

 এই এপ্ৰিল মাহৰ ২৪ তাৰিখে এই কেফাঁকি কথা লেখি নিজক আপ্যায়িত কৰিলো—কিয়নো শ্যেক্সপিয়েৰৰ জন্ম আৰু মৃত্যু এই মাহতে।

শ্ৰী জ্ঞানদাভিৰাম বড়ুুুৱা  আৰ্ল ল কলেজ, গুৱাহাটী।
 ২৪|৪|১৯

[ ৩৮ ]
 

জাননী

৺ গুণাভিৰাম বৰুৱাৰ —

 
আসাম বুৰঞ্জী ১৲
৺ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত ১৲
লৰাপুথি ৵৹
কঠিন শব্দৰ ৰহস্য বাখ্যা ৵৹

 

শ্ৰীমতী স্বৰ্ণলতা দেবীৰ

 
আৰ্হি তিৰুতা (সচিত্ৰ) ৵৹

 

শ্ৰীযুত জ্ঞানদাভিৰাম বৰুৱাৰ

 
ভেনিচৰ সাওদ ৵৹
Folk Tales of Assam- (ইংৰাজী ভাষাত ১৭ টী অসমীয়া সাধুকথা। ইংৰাজী শিকিবৰ ভাল কিতাপ) ১৲

 ওপৰত লেখা কিতাপবিলাক গুৱাহাটীৰ আৰ্ল ল কলেজত আৰু আসামৰ সকলো কিতাপৰ দোকানত পোৱা যায়


 

 মোৰ ঘৰৰ পৰা ৺ গুণাভিৰাম বৰুৱাৰ গ্ৰন্থাবলী দুই খণ্ড আৰু Robinson's History of Assam হেৰাইছে। যদি কোনোবাই মোক বিচাৰি দিয়ে তেওঁক বঁটা দিয়া হ'ব।

 

শ্ৰী জ্ঞানদাভিৰাম বৰুৱা,
আৰ্ল ল কলেজ, গুৱাহাটী

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )