পঞ্চৰত্ন/ৰজা লীয়াৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]

পঞ্চৰত্ন।


 

ৰজা লীয়াৰ।

 বহুত দিন আগৈয়ে ব্ৰিটেন্ দেশত লীয়াৰ নামেৰে এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁ ৰাজত্ব কৰি যেতিয়া বুঢ়া হ'ল তেতিয়া তেওঁ ভাবিলে যে তেওঁৰ ৰাজ্যৰ ভাৰ আনক দি তেওঁৰ জীৱনৰ শেহৰ দিনকেইটা সুখ আৰু শান্তিত খেদায়। ইয়াকে ভাবি তেওঁৰ তিনিউজনী জীয়েকক মাতি আনি ক'লে যে তেওঁক যিজনী জীয়েকে সকলোতকৈ বেছি ভাল পায় তেওঁকেই ৰাজ্যৰ সৰহ যিনি ৰজাই দিব। তেওঁৰ ডাঙৰজনী জীয়েকৰ নাম গণেৰিল, তেওঁৰ অলবানীর ডিউকর সৈতে বিয়া হৈছিল। মাজিউ জনীর নাম ৰীগেণ, তেওঁৰ কৰ্ণওৱালৰ ডিউকৰ সৈতে বিয়া হৈছিল। সৰ্বকণিষ্ঠৰ নাম কৰ্ডীলিয়া! তেওঁৰ বিয়া হোৱা নাছিল। কৰ্ডীলিয়াই তিনিউৰ ভিতৰত সুন্দৰী। ৰজাৰ কোনো পুত্ৰ সন্তান নাছিল।

 কোনে আটাইতকৈ তেওঁক ভাল পায় বুলি শোধাত ডাঙৰজনী ছোৱালী গণেৰিলে কলে “দেউতা, মই পৃথিৱীত যিমান ভাল ভাল বস্তু আছে, তাতকৈও আপোনাক ভাল [  ] পাওঁ; মোৰ দৃষ্টি শক্তি, মোৰ সৌন্দৰ্য্য, মোৰ শরীৰৰ স্বাস্থ্য, এনে কি মোৰ জীৱনকো আপোনালৈ মোৰ ভক্তি আৰু মৰমৰ তুলনাত তুচ্ছ জ্ঞান কৰোঁ।” ৰীগেণেও বাইদেৱেকে কোৱা কথাকে কৈ কলে যে “গণেৰিলতকৈও মই আপোনাক ভাল পাওঁ, মোৰ আনন্দ আৰু আন কিহতো নাই, কেৱল মাথোন আপোনাৰ মৰম মই কেনেকৈ পাওঁ আৰু পাই কেনেকৈ ৰাখোঁ, সেই চিন্তাতেহে মোৰ আনন্দ।” বুঢ়াই এইবোৰ কৃত্ৰিম কথাত পমি গৈ দুইজনক ৰজ্যৰ তিনি ভাগৰ এভাগ এভাগ দিলে।

 এতিয়া ৰজাই কৰ্ডীলিয়াক শুধিলে। কৰ্ডীলিয়াই বাইদেৱেকহঁতৰ দৰে আপোনপেটীয়া মিছা কথা কব নেজানিছিল। সেইদেখি তেওঁ অতিৰঞ্জিত কৰি একো কথা নকৈ সাধাৰণ ভাবে দেউতাকক জনালে যে “যেনেকৈ এজনী ছোৱালীয়ে বাপেকক ভাল পাব লাগে মই তেনেকৈ আপোনাক ভাল পাওঁ।” এনে কথাত ৰজা খঙত জ্বলি উঠিল আৰু তেতিয়াই ৰাজ্যক দুই ভাগ কৰি ডাঙৰ দুজনী জীয়েকৰ মাজত ভগাই দিলে। কৰ্ডীলিয়াৰ ভাগত একো নপৰিল।

 রজাৰ পারিষদবৰ্গর ভিতৰৰ এজনে কৰ্ডীলিয়াৰ হৈ কথা কবলৈ যোৱাত ৰজাই তেওঁক ৰাজ্যৰ পৰা খেদাই দিলে। এওঁ ৰজাৰ বিশ্বাসী লগুৱা আৰ্ল অব্ কেণ্ট।
[  ]  রজাৰ রাজ্য দুভাগ হোৱাত ডিউক অব্ অলবাণী আৰু ডিউক অব্ কৰ্ণওৱালে ঘৈণীয়েকহঁতৰ পক্ষে ৰাজত্ব কৰিবলৈ ধৰিলে। লীয়াৰৰ বৰ ইচ্ছা আছিল যে তেওঁৰ জীৱনৰ শেহৰ কেটা দিন এশটী অনুচৰৰ সৈতে আজি ডাঙৰ জীয়েকৰ তাত কালি মাজিউ জীয়েকৰ তাত এনেকৈ কটাব। কিন্তু ৰজা দুৰ্ভগীয়া। বুঢ়াই গণেৰিলৰ ঘৰত অলপমান দিন থাকিয়েই গম পালে যে তাইৰ মৰমৰ কথাবোৰ সঁচা নে মিছা, গণেৰিলৰ নিষ্ঠুৰ ব্যৱহাৰে ৰজাৰ জীৱন কণ্টকময় কৰি পেলালে। যিহতে ৰজাৰ অশান্তি আৰু অসুখ হয় গণৰিলে তাকে দিনৌ কৰিব ধৰি ৰজাৰ জীৱন অশান্তিময় আৰু দুঃখময় কৰি নিজৰ স্বভাবৰ গুণ দেখুৱাব ধৰিলে। ৰজাই তেওঁৰ অনুচৰবৰ্গৰে সৈতে তাৰ পৰা গুচি যাবলৈ বাধ্য হল। গণেৰিলে ইয়াকে বিচাৰিছিল।

 তাৰ পৰা ৰজাই তেওঁৰ এজনা পুৰণা পাৰিষদৰ ঘরলৈ গ'ল। তেওঁৰ নাম আৰ্ল অব্ গ্লষ্টাৰ। লীয়াৰ ৰজা যেনেকৈ নিজৰ অনিষ্টৰ কাৰণ নিজেই হৈছিল এই গ্লষ্টাৰর আৰ্ল জনাও তেনেকৈ নিজৰ অনিষ্টর কাৰণ নিজেই হৈছিল। এওঁৰ দুটী লৰা এড্ মণ্ড আৰু এড্ গাৰ। এড্ মণ্ড আপোনপেটীয়া, কুটিল, চক্ৰান্তকাৰী আৰু এড্ গাৰ সজ আৰু ধাৰ্ম্মিক। এড্ মণ্ডৰ চক্ৰান্তত [  ] আৰু দেউতাকৰ তাড়নাত এড্ গাৰ স্বদেশ এৰি বিদেশলৈ যাবলৈ বাধ্য হ'ল।

 যি ভাল তাৰ ভগবান সহায়। কৰ্ডীলিয়াক, যাক ৰজা লীয়াৰে সঁচা কথা কোৱাৰ নিমিত্তে ৰাজ্যৰ ভাগ নিদিলে, সেই কৰ্ডীলিয়াক ফ্ৰান্সৰ ৰজাই সহধৰ্ম্মিনী কৰিলে। কৰ্ডীলিয়াৰ সৌন্দৰ্য আৰু মধুৰ স্বভাৱে ফ্ৰান্সৰ ৰজাক আকৰ্ষণ কৰিলে।

 গ্লষ্টাৰৰ ঘৰত লীয়াৰৰ দিন আৰু দুখৰ হ'ল। গণেৰিলৰ তালৈ লীয়াৰ যোৱা দেখি ৰীগেণৰ ভয় হ'ল— বুঢ়া যদি তাইৰ ঘৰলৈকে আহে। এই ভাবি রীগেণ সেই খিনি সময়তে এড্ মণ্ডৰ সৈতে পৰামৰ্শ কৰিবলৈ আহিল। গণেৰিলো সেই একে সময়তে একে কাৰণৰ নিমিত্তে সেই খিনি পালেহি। এড্ মণ্ড পৰামৰ্শদাতা | আৰু কোনে পায়? তেতিয়া গণেৰিল আৰু ৰীগেণে পৰামৰ্শ কৰিলে যে লীয়াৰৰ এশজন অনুচৰৰ একোকে দৰ্কাৰ নাই। বুঢ়া মানুহৰ ইমান সুখ কিয়? বুঢ়াই তৰণী নেপাই সকলোকে ত্যাগ কৰিলে। এইবাৰ ৰজাৰ সঁচাসঁচিকৈ বনবাস হ'ল। অনুচৰবৰ্গ এৰি ৰজাই একেটা মাথোন লগুৱা লৈ বনবাসলৈ গ'ল। লগুৱাটো ৰাজসভাৰ বহুৱা। আৰু এটী লগত মানুহ আছিল। তেওঁ আৰ্ল অব্ কেন্ট্। ৰজাই খেদিলে কি হ'ল? তেওঁ ৰজার মৰম এৰিব নোৱাৰি ছদ্মবেশতে ৰজাক সহায় কৰিবৰ অৰ্থে লগে লগে ফুৰিছিল।
[  ]  ফুৰোঁতে ফুৰোঁতে তেওঁলোকে গৈ এদিন ধুমুহা বৰষুণ দি থাকোঁতে পথাৰ এখনত এটা পজাত আশ্ৰয় ললেগৈ। সেই পজাত এটী বলিয়া মানুহ আছিল। সেই বলিয়া মানুহটী আৰু কোনো নহয়; গ্লষ্টাৰৰ গৃহ- ত্যাগী পুতেক এড্‌গাৰে বলিয়াৰ ভাও জুৰি তাতে পঁজা সাজি আছিল।

 আৰ্ল অব্‌ গ্লষ্টাৰ মানুহটী বেয়া নাছিল। তেওঁৰ ইচ্ছা তেওঁ লীয়াৰক সহায় কৰে। এডমণ্ড, গণেৰিল আৰু ৰীগেণে তেওঁক কিন্তু লীয়াৰক সহায় কৰিবলৈ মনা কৰিছিল। এই মানা সত্ত্বেও তেওঁ তেওঁৰ প্ৰভূ লীয়াৰক সাহায্য কৰিব খুজিছিল। এই কথা তেওঁৰ পুত্ৰ এড্‌মণ্ডক কলে আৰু ক'লে যে ফ্ৰান্সৰ ৰজাই ইংলণ্ড আক্ৰমণ কৰিব। এই বিষয় তেওঁ এখন গুপ্ত চিঠিৰ পৰা জানিব পাৰিছে। এই বাতৰি পাই এড্‌মণ্ড আনন্দত অধীৰ হ’ল। তেতিয়াই ডিউক অব্‌ কৰ্ণওৱলাৰ ওচৰলৈ লৰি গল। ইয়াৰ পুৰস্কাৰ স্বৰূপে বাপেকৰ আৰ্লৰ উপাধিটো সি পালে। ধন্য পুত্ৰ!

 ইপিনে গ্লষ্টাৰে তেওঁৰ ঘৰৰ ওচৰতে এটী পজাত লীয়াৰ, তেওঁৰ বহুৱা, আৰ্ল অব্‌ কেন্ট্‌ আৰু তেওঁৰ পুত্ৰ এড্‌গাৰক আশ্ৰয় দিলে। কেন্ট্‌ আৰু এড্‌গাৰ ছদ্মবেশী!

 ইংলিশ চ্যানেলৰ দাঁতিত ডোভাৰ নামে ঠাইত ব্ৰিটেনৰ সৈন্যসামন্ত সকল ফ্ৰান্সৰ ৰজাৰে সৈতে যুজিবলৈ সাজু হৈ আছে। ফ্ৰান্সৰ সৈন্যৰ লগত কৰ্ডীলিয়াও আছিল। [  ] গ্লষ্টাৰে ৰজাক এই ডোভাৰলৈকে পঠাই দিলে।

 গ্লষ্টাৰে ৰজাক সহায় কৰাৰ বাতৰি ডিউক অব্‌ কৰ্ণৱালে পাই তেতিয়াই গ্লষ্টাৰক ধৰি নিয়ালে আৰু খঙ্গত তেওঁৰ চক্ষুৰুৎপাটন কৰিলে। এই পাশবিক অত্যচাৰৰ নিমিত্তে ডিউকৰ এজন নিজৰ অনুচৰেই পাপৰ শাস্তি দিলে অৰ্থাৎ ডিউকক এনেকৈ আহত কৰিলে যে এই চক্ৰান্তকাৰী ৰাজবৈৰীয়ে সেই আঘাততে মানৱলীলা সামৰিলে।

 চক্ষুহীন গ্লষ্টাৰক এড্‌গাৰে ডোভাৰলৈ লৈ গ'ল। বাটত লীয়াৰৰ বৰ সৈতে সাক্ষাৎ। এতিয়া লীয়াৰ একেবাৰে বলিয়া। তেওঁৰ সাজ পাতেৰে ফুলেৰে ভৰা। নগৰৰ ওচৰত গণেৰিলৰ লগুৱা এটীয়ে গ্লষ্টাৰক দেখি মাৰিবলৈ খোজাত এড্‌গাৰে পিতৃক ৰক্ষা কৰি সেই মানুহটোক মাৰিলে। সেই মানুহটীয়ে গণেৰিলৰ পৰা এড্‌মণ্ডলৈ এখন চিঠি লৈ গৈছিল। গণেৰিলৰ মনৰ কি ভাব সেই চিঠিৰ পৰা গম পাই এড্‌গাৰ আচৰিত হ’ল। সেই চিঠি খনিয়ে গণেৰিল আৰু এড্‌মণ্ডৰ প্ৰেমৰ কাহিনী প্ৰকাশ কৰিলে। বাইয়েক ভনীয়েক দুইৰো এতিয়া বৰ কাজিয়া। কিয়নো ৰীগেণেও এড্‌মণ্ডক ভাল পায়! এনে অৱস্থাত দুজনী তিরুতাৰ মিল কেতিয়াও থাকিব নোৱাৰে— এই দুটী তিরুতাৰ তাৰম, এই দুটীৰো মৌখিক মিল শত্ৰুতাত পৰিণত হ’ল।

 এড্‌গাৰে সেই চিঠিখন ডিউক অব অলবাণীক [  ] দিয়াত তেওঁ খঙত জ্বলি উঠিল। তেওঁ তেতিয়াই এড্ মণ্ডর সৈতে যুদ্ধ কৰি তাক এনে ভাবে মাৰিলে যে তাৰ সেই মাৰতেই মৃত্যু হ'ল। তাৰ অলপ আগৈয়েই ইংৰাজ আৰু ফ্ৰান্সৰ এটা যুজ লাগি লীয়াৰ আৰু কৰ্ডীলিয়াক ইংৰাজে বন্দী করিলে।

 ইপিনে গণেৰিল আৰু ৰীগেণৰ শত্ৰুতা এনে হ'ল যে পৃথিৱীত দুজনী একেলগে জীয়াই থাকিব নোৱাৰা হ'ল। গণৰিলে এড্ মণ্ডৰ আন প্ৰণয়িনী ৰীগেণক বিহ খুৱাই মাৰিলে। তাইৰ চিঠিৰ কথা যেতিয়া ওলাই পৰিল তেতিয়া তাই নিজৰ বুকুতে কটাৰিৰ কোব মাৰি মৰিল। দুজনী চক্ৰী তিৰুতা পৰলোকলৈ এনেকৈ গল।

 এডমণ্ড মৰণাপন্ন। তেতিয়া অনুতাপে তাক পুৰিব ধৰিলে। মৃত্যু ওচৰ জানি সি কৰ্ডীলিয়াৰ প্ৰাণ ভিক্ষা কৰিলে। কিন্তু যি নহবৰ সি হ’ব কিয়? লীয়াৰে বলিয়া হৈ কৰ্ডীলিয়াৰ মৰা শ মুৰত লৈ ঠিক সেই সময়তে এড্‌মণ্ডৰ ওচৰতে নাচিব ধৰিলেহি।

 অলবাণীৰ ডিউকৰ মন আগৰে পৰা লীয়াৰৰ ফালে ঢাল খাইছিল। এতিয়া তেওঁকো অনুতাপে দগ্ধিব ধৰিলে। ৰজাক আকৌ নিজ ৰাজ্যৰ ভাৰ দিব খুজিলে, কিন্তু সি দুৰাশা! ৰজাক মৃত্যুৱে আহি আগুৰি ধৰিলেহি। অলবাণীয়ে পাছত ৰজা লীয়াৰৰ দুখৰ সময়ত সহায় কৰাৰ বাবে এড্‌গাৰ আৰু কেণ্টক পুৰস্কাৰ দি নিজর মনৰ হেপাহ পলুৱালে।