পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
(১১)
পঞ্চৰত্ন।

লগৰীয়া হব। টচ্‌ষ্টোন্‌ নামেৰে ৰাজসভাৰ বহুৱাক লগত লৈ দুয়ো ৰাজ্যৰ পৰা ওলাল। কিন্তু যায় কলৈ? যি অৰণ্যত ৰোজেলিণ্ডৰ দেউতাকে মনৰ সুখেৰে গৈ ৰাজত্ব কৰিছিল সেই অৰণ্যলৈকে বুলি তেওঁলোকে খোজ ললে। তেওঁলোকৰ কাপোৰ কানি এৰি, ৰোজেলিণ্ড অলপ দীঘল দেখি সেই দেশৰে ভেৰাৰখীয়া লৰাৰ সাজ পিন্ধিলে, আৰু স্বীলিয়া হল ভেৰা-ৰখীয়ানী।

 ইপিনে অৰ্লেণ্ডোৰ জয় হোৱাৰ পাছত ঘৰলৈ যাওঁতে বাটতে এডাম বুলি বাপেকৰ দিনৰ লগুৱা এটাৰ সৈতে দেখা হল। সি কলে— “বোপাই, বল, তয়ো বল, ময়ো তোৰ লগতে যাওঁ। এই ঘৰত থাকিলে তোক মাৰিল। মই জীয়াই থাকিম আৰু তোক এনেকৈ সি মাৰিব, মই তাকে চাই থাকিমনে? বল, যাওঁ ইয়াৰ পৰা মোৰ লগত মোৰ সাঁচি থোৱা টকা কেটামান আনিছোঁ তোৰে মোৰে তাৰে হব দে, এতিয়া ইয়াৰ পৰা বেগ দিওঁ মাথোন।” অৰ্লেণ্ডোৰ মন সৰল, এইবোৰ কথা শুনি আচৰিত হৈ বুঢ়াটীৰ কথাতে মান্তি হৈ দুয়ো সেই পাপ ঘৰ এৰি গল। তেওঁলোকৰো যাবলগীয়া ঠাই আৰ্ডেশাৰণ্য।

 গৈ গৈ ৰোজেলিণ্ড আৰু স্বীলিয়া থকা সেই অৰণ্যৰে এটী পজা ঘৰত আশ্ৰয় ললে। দুয়ো থাকে। পাছত গছৰ কোৰোঙ্গৰ আৰু ডালৰ মাজে মাজে বহুতো লেখা লাপাত মাজে মাজে পায়। সেইবোৰ পঢ়ি চাই