যায়। ককায়েকক তেনে অৱস্থাত দেখি সিংহক তেওঁ তেতিয়াই বধ কৰি ককায়েকক ৰক্ষা কৰিলে। ইপিনে নিজে বৰ দুখ পালে। সিংহেৰে সৈতে যুঁজোতে অৰ্লেণ্ডোৰ গাৰ নানা ঠাইত সিংহই নখ দাঁত বহুৱাইছিল।
ৰক্ষাকাৰী কোন দেখি অলিভাৰ আচৰিত হ'ল। অলিভাৰ আৰু অৰ্লেণ্ডোৰ আকৌ মিল হ'ল। মানুহে বিপদত পৰিলেহে জানে কোন কাৰ বন্ধু। ইমান দিন অলিভাৰে অৰ্লেণ্ডোক হিংসাৰ চকুৰে দেখিছিল। এই মহা উপকাৰ পাই ভায়েকৰ মনৰ ভাব ভালকৈ বুজি পালে। দুয়ো ভাইৰ মিল হ'ল। পৃথিৱীত এয়ে হোৱা উচিত।
অৰ্লেণ্ডো সেই দিনা পুৰুষবেশী ৰোজেলিণ্ডৰ লগত দেখা কৰিব নোৱাৰিলে। এই কথা জনাবলৈ ককায়েকক পঠাই দিলে। ভেৰা-ৰখিয়ানীৰ বেশত স্বীলিয়াৰ সুন্দৰ মুখ দেখি অলিভাৰে স্বীলিয়াক তেতিয়াই ভাল পালে! স্বীলিয়ায়ো সেই ভাল পোৱাৰ প্ৰতিদান দিলে।
বনবাসী ডিউক্ জনাৰ আগতে সেই বিয়া সমাধা হবৰ কথা হ'ল। অৰ্লেণ্ডোৰ মন কিন্তু বিষা- দেৰে ভৰা। তেওঁ তেতিয়াও হা-হুনুনিয়াহ কাঢ়ে আৰু কয় যে যিজনে তেওঁক ডিঙ্গিৰ মণি দিছিল, সেই জনকে তেওঁ এতিয়াও ভাল পায়। কি কৰা যায় এতিয়া? ভেৰা-ৰখীয়াৰ বেশধাৰিণী ৰোজেলিণ্ডে