পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/১৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
(৮)
পঞ্চৰত্ন।

তোমাৰ যি ভাল লাগে।

 এজন মৰমীয়াল আৰু দন-হাই ভাল নোপোৱা ৰজাই এখন ৰাজ্যক রাজত্ব করিছিল। দন-হাই ভাল নোপোৱা মানুহ পাই তেওঁৰ 'ভাইয়েক ফ্ৰেডেৰিকে তেওঁক ৰাজ্যৰ পৰা খেদি দি নিজে সেই ৰাজপাটত বহিল। ৰজাই ৰং মনেৰে ৰাজভোগ ৰাজসুখ এৰি কেজনমান বিশ্বাসী তেওঁৰ মৰমৰ অনুচৰ বৰ্গৰে সৈতে বনবাসলৈ গ'ল। সেই বনৰ নাম আৰ্ডেশাৰণ্য।

 ফেডেৰিকৰ স্বীলিয়া নামে এটি কন্যা আছিল। এই কন্যাৰ সখীয়েকৰ নাম ৰোজেলিণ্ড। ৰোজেলিণ্ড ফ্ৰেডেৰিকৰ বনবাসী ককায়েকৰ জীয়েক। ফ্ৰেডেৰিকে যদিও ৰোজেলিণ্ডক ভাল নেপাইছিল কিন্তু দুইও জনী ছোৱালীৰ এনে মিল দেখি ফ্ৰেডেৰিকৰ বেয়া লাগিলেও বাধ্য হৈ স্বীলিয়াৰ মুখলৈ চাই ৰোজেলিণ্ডক ৰাজঘৰত ৰাখিছিল। ফ্ৰেডেৰিকে ৰোজেলিণ্ডক ভাল নেপাবৰ আৰু এটা কাৰণ আছিল যে তেওঁ স্বীলিয়াতকৈও সুন্দৰী।

 সেই ৰাজ্যৰে এজন ডাঙ্গৰ মানুহৰ তিনটী লৰা আছিল, অলিভাৰ, অৰ্লেণ্ডো, আৰু জাক্‌। তেওঁ মৰিবৰ সময়ত অলিভাৰক তেওঁৰ সকলো সম্পত্তি দি যায়। অৰ্লেণ্ডোৰ নিমিত্তে মুঠে সেইদেশৰ এহেজাৰ টকা থৈ যায়। মৰিবৰ সময়ত কৈ যায় যে অলিভাৰে যেন সৰু ভায়েক দুটীক ভালকৈ তত্ত্বাৱধান কৰে আৰু যেন সিহঁতক সজ শিক্ষা দিয়ে। অলিভাৰে জাকক সজ শিক্ষা দিয়ালে কিন্তু