পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)
পঞ্চৰত্ন।

কলে “বাৰু মই স্বীলিয়াৰ বিয়াৰ দিনা তেওঁক আনি দিম!” কোৱা কথাই সঁচা হ'ল অৰ্থাৎ বিয়াৰ দিনা নিজৰ কাপোৰ পিন্ধি ওলালত অৰ্লেণ্ডোই তেওঁৰ মনোহাৰিণীক চকুৰ আগতে দেখি আনন্দত আপ্লুত হ'ল আৰু বনবাসী ডিউকেও নিজৰ জীয়াৰীক পুৰ্নলাভ কৰি সেই আনন্দত যোগ দিলে।

 অলিভাৰে স্বীলিয়াক পাই আৰু বিপদৰ সময়ত সৰু ভায়েকৰ পৰা ইমান উপকাৰ পাই অৰ্লেণ্ডোক সম্পত্তিৰ অংশ দিব খুজিলে। ফ্ৰেডেৰিকে ককায়েকৰ সন্ধান পাই তেওঁক মাৰিবৰ নিমিত্তে আৰ্ডেণাৰণ্যৰ ফালে আহিল। কিন্তু ভগবানৰ কি ইচ্ছা! বাটতে এজন ধাৰ্ম্মিক বুঢ়াৰ সৈতে দেখা হলত তেওঁ আৰু কুপথগামী নহ'ল। বনবাসী ডিউকক তেওঁৰ নিজৰ ৰাজ্য আকৌ ওভটাই দি নিজে ধৰ্ম্মকৰ্ম্মৰ পিনে চকু দিবলৈ আৰম্ভ কৰিলে।

 এতিয়া সকলোৰে আনন্দ। আৰ্ডেণাৰণ্যত আনন্দ, ৰাজ্যত আনন্দ সকলো ঠাইতে আনন্দ। আহাঁ, সেই আনন্দৰ কথা শুনি তেওঁলোকৰ আনন্দত যোগ দি অমিও আনন্দিত হওঁ।


 

ভেৰোণাৰ দুজন ভাল মানুহৰ কথা।

 ইটালিৰ ভেৰোণা নগৰত দুজন বন্ধু আছিল। তেওঁলোকৰ নাম ভেলেণ্টাইন আ প্ৰোটিয়াছ্‌। দুইয়ো