পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)
পঞ্চৰত্ন।

দেখিলে যে সকলোবোৰেই ৰোজেলিণ্ডক লক্ষ্য কৰি লেখা। ৰোজেলিণ্ডৰ তেতিয়াও মুনিহৰ কাপোৰ। স্বীলি- য়াই কলে “মই বাৰু উলিয়াওঁ ই কোন প্ৰেমিক, কোনেনো রোজেলিণ্ডৰ উদ্দেশ্যে ইমান হুমুনিয়াহ কাঢ়ি ফুৰিছে।” অলপ পাছত স্বীলিয়াই বিচাৰ কৰি জানিলে যে এই লেখকজন অৰ্লেণ্ডো, আন আৰু কোনো নহয়। ৰোজেলিণ্ডৰ মুনিহৰ কাপোৰ সেই দেখি কলে যে “মই অৰ্লেণ্ডোৰ বেমাৰৰ দৰব দিম। মোক যদি ৰোজেলিণ্ড বুলি ভাবি তেওঁ আহি কথা কয়, তেতিয়াই তেওঁ ৰোজেলিণ্ডৰ কথা পাহৰিব।” অৰ্লেণ্ডোই অৱশ্যে নেজানিছিল যে ৰোজেলিণ্ডেই মুনিহর কাপোৰ পিন্ধি তেওঁরে সৈতে কথা কব। অৰ্লেণ্ডো আৰু ৰোজেলিণ্ডৰ আকৌ চিনাকী হ’ল।

 ইপিনে ৰাজপুৰীত হুলস্থুল। ছোৱালী দুজনী কলৈ গ'ল? ফ্ৰেডেরিকে ভাবিলে যে এই কাম নিশ্চয় অলিভাৰৰ। অলিভারেই অৰ্লেণ্ডো আৰু ছোৱালী দুজনীক লুকাই থৈ দিছে। কিন্তু ফ্ৰেডেৰিকেতো নেজানে অৰ্লেণ্ডোৰ প্ৰতি অলিভাৰৰ কিমান মৰম। ইপিনে যে তেওঁৰ নিমিত্তেই অৰ্লেণ্ডোৰ বনবাস। ফ্ৰেডেৰিকে নুশুনে! অলিভাৰও বনবাসী হ'ল। পাছত অৰণ্যত যে কেৱল এওঁলোক থাকে এনে নহয়। সিংহ আদিৰো বাস। অলিভাৰক এটা সিংহই আক্ৰমণ কৰে। সেই খিনি সময়তে অৰ্লেণ্ডো সেই ফালে