পঞ্চৰত্ন/ভেৰোণাৰ দুজন ভাল মানুহৰ কথা
ভেৰোণাৰ দুজন ভাল মানুহৰ কথা।
ইটালিৰ ভেৰোণা নগৰত দুজন বন্ধু আছিল। তেওঁলোকৰ নাম ভেলেণ্টাইন আ প্ৰোটিয়াছ্। দুইয়ো [ ১৫ ] একে লগে ফুৰে, থাকে, খায়। এজনে আনজনক নেৰে। পাছত এদিন প্ৰোটিয়াছে জুলিয়া বুলি ছোৱালী এটিক দেখিলে। দেখি ভাল পালে। তেতিয়া আৰু ভেলেণ্টাইনৰ লগ ভাল নলগা হ'ল। প্ৰোটিয়াছে জুলিয়াৰ লগহে বেছিকৈ ভাল পোৱা হ'ল। ভেলেণ্টাইনে প্ৰোটিয়াছৰ নতুন ভাব দেখি অলপ চৰপ হাঁহিব আৰু জুলিয়াৰ বিষয় কৈ প্ৰোটিয়াছক জোকাব ধৰিলে। প্ৰোটিয়াছৰ এই কথা ভাল নেলাগিছিল চাগৈ। সি বাৰু যি হওক, ভেলেণ্টাইনে এই বাৰ দেশভ্ৰমণলৈ বুলি মিলানলৈ অকলৈ যাব লগীয়া হ'ল। ভেলেণ্টাইন্ অকলৈ যোৱা দেখি প্ৰোটিয়াছৰ খুড়াক এজনে প্ৰোটিয়াছৰ বাপেকক কোৱাই তেওঁকো দেশভ্ৰমণলৈ পঠোৱালে। তেওঁ কলে যে প্ৰোটিয়াছে ডেকা বয়সত দেশভ্ৰমণ কৰা ভাল আৰু ভেলেণ্টাইন্ আৰু তেওঁ দুইয়ো একে লগে ফুৰা ভাল। এই বুলি তেওঁকো মিলানলৈ বন্ধুৰ সৈতে একে লগ হবলৈ কলে। পাছত প্ৰোটিয়াছে দেখে গৈ কি—যি ভেলেণ্টাইনে তেওঁক ভেৰোণাত জুলিয়াৰ কথা লৈ জোকাইছিল সেই একেটি মানুহেই এতিয়া সেই বেমাৰতে ভুক্তভোগী। পোনাই কবলৈ গলে প্ৰোটিয়াছে যেনেকৈ জুলিয়াক ভেৰোণাত ভাল পাইছিল তাতকৈও বেছিকৈ ভেলেণ্টাইনে ( ভেলেণ্টাইনে তাকে ভাবিছিল) মিলান দেশৰ এজন সুন্দৰীক ভাল পাবলৈ ধৰিলে। প্ৰোটি[ ১৬ ] য়াছে জানিবা সমান অৱস্থাৰ মানুহকে ভাল পাইছিল, এওঁ একেবাৰেই ওপৰৰ খাপতে আৰম্ভ কৰি'লে। মিলানৰ ডিউকৰ জীয়াৰি ছিল্ভিয়। এওঁৰ ভাল পোৱাৰ পাত্ৰী! এতিয়া প্ৰোটিয়াছৰ হাঁহিবৰ দিন।
ভেলেন্টাইন্ নিৰুপায়। ডিউকে কেতিয়াও
সন্মতি নিদিয়ে। কিন্তু ভেলণ্টাইনে এক ফিকিৰ
উলিয়ালে। ৰাতি খিৰিকীয়েদি দি নমাই ছিল্ভিয়াৰ পাণি
গ্ৰহণেচ্ছে হ'ল। আৰু ঠিক এনে সময়তে প্ৰোটিয়াছে
মিলান পালে গৈ। বন্ধুক পাই নিজৰ বুকুৰ বোজা
কমাবলৈ সকলো কথাকে কলে কিন্তু প্ৰেমৰ কি
বিচিত্ৰ গতি। ছিলভিয়াক দেখি প্ৰোটিয়াছে জুলিয়ালৈ
পাহৰিলে। ছিলভিয়াক ভাল পালে। অৱশ্যে
তেতিয়াই আকৌ ভেলেণ্টাইনক আৰু ভাল চকুৰে
নোচোৱা হ’ল। প্ৰোটিয়াছে ছিল্ভিয়াক দেখি বন্ধুতাৰ
কৰ্ত্তব্য, ভদ্ৰতা সকলোকে পাহৰি ভেলেন্টাইনৰ
কথা ডিউকক কৈ দিলে। এই কথা শুনি ডিউকৰ
খং উঠিল আৰু ভেলেণ্টাইনক তেওঁ শাস্তি দিবলৈ সাজু
হ'ল! সেই দেখি ভেলেণ্টাইনক মাতি আনি কলে
মই তোমাক এটা কথা সুধিব খোজোঁ। মোক
অলপমান পৰামৰ্শ দিয়াঁচোন। মই এজনক বব ভাল
পাওঁ কৰিব খোজোঁ। কিন্তু তেওঁৰ পৰিয়ালৰ
ইচ্ছা নহয়, যে মই বিয়া কৰাওঁ। মই আকৌ কাকো
এই বিষয়ে কবও নোখোজোঁ। তোমাকে সজ লৰা [ ১৭ ] দেখি এই বিষয়ে পৰামৰ্শ সোধোঁ। কোৱাচোন কি
কৰিম? নিজে এনে অৱস্থাত পৰা হলে তুমি কি
কৰিলা হেতেন কোৱাচোন? ভেলেন্টাইনৰ সহানুভূতি হ’ল। তেওঁ কলে যে আটাইতকৈ ভাল উপায়
হৈছে ৰিলিকিয়েদি গৈ বাহিৰলৈ অনা। (অৰ্থাৎ
নিজে যি পন্থা ডিউকৰ জীয়েকৰ সম্পৰ্কে অৱলম্বন
কৰিব খুজিছিল, সেই পন্থাই ভাল পন্থা বুলি কৈ
দিলে।) এই উপদেশৰ ওপৰঞ্চি নিজৰ চোলাটোও
ডিউকক দিলে “আপুনি এই চোলা পিন্ধি গলে
আপোনাক কোনেও চিনি নেপাব। এইটোকে পিন্ধি যাব।” এই সহানুভুতিয়েই কিন্তু ভেলেণ্টাইনৰ কাল
হ'ল। এই চোলাৰ জেপতেই ভেলেণ্টাইনে ডিউকৰ
জীয়েকলৈ লেখা চিঠি ডিউকে পালে। এই চিঠি
পোৱাত ডিউকৰ আৰু বিশেষ কষ্ট কৰি ভেলেণ্টাইনক
ধৰিব নেলাগিল। ইচ্ছা আছিল যে পলাই যাওঁতে
ভেলেণ্টাইনক ধৰিব, সেই দেখিহে ডিউকে ভেলেণ্টাইনক
পৰামৰ্শ শুনিছিল—মানুহে কেতিয়াবা নিজৰ মনৰ ভাব
এনেকৈয়ে প্ৰকাশ কৰে। ডিউকে যে মানুহৰ স্বভাৱ
সুন্দৰরূপে ভু পাইছিল ইয়াৰ পৰাই বুজা যায়।
এই সুযোগৰ নিমিত্তে বাট চাবলৈ নহ'ল। এই চিঠিখনেই
সকলো ক’লে। ডিউকে ভেলেণ্টাইনক ৰাজ্যৰ পৰা খেদি দিলে।
[ ১৮ ] পাছত ডিউকে ছিল্ভিয়াৰ দৰা বিচাৰিবলৈ
ধৰিলে। থিউৰিও বুলি এজন ভাল বংশৰ লৰাক
ঠিকঠাক কৰা হ'ল। ছিল্ভিয়াৰ মন যাতে ভেলে-
ণ্টাইনৰ পৰা দূৰৈত থাকে সেই কামৰ সহায়াৰ্থে
ডিউকে প্ৰোটিয়াছক খাটিলে। ইপিনে প্ৰোটিয়াছে
যে ছিল্ভিয়াক ভাল পায় ডিউকে সেই বিষয় নেজানিছিল।
প্ৰোটিয়াছে অতি ৰং মনেৰে সেই কামৰ
ভাৰ ল'লে। প্ৰোটিয়াছে থিউৰিওৰ কথা কবলৈ
সময়কে নেপালে। নিজৰ বিষয় ভাবোঁতে আৰু
কওঁতেই সকলো সময় যায়। ছিল্ভিয়াক তেওঁৰ নিজৰ
মনৰ ভাব কলে। তেওঁ আচৰিত হ'ল। ভেলেণ্টাইনক
তেওঁ এতিয়াও ভাল পায়।
প্ৰোটিয়াছক বিচাৰি জুলিয়া সেই খিনি পালেহি। জুলিয়াই কিন্তু লৰাৰ সাজঁ পিন্ধি মিলানলৈ আহিল। এদিন থিউৰিওক লৈ প্ৰোটিয়াছে গায়ন বায়নেৰে সৈতে ছিলভিয়ার খিলিকিৰ ওচৰত সঙ্গীত কৰিছিল! এনে সঙ্গীত নিশা কৰা হয়— ইয়াক Serenade (ছেৰিনাড্) কয়। এওঁ- লোকে এই সঙ্গীত নিশাতে কৰিছিল। এই সঙ্গীত জুলিয়াই আহি শুনিলে। পাছত প্ৰোটিয়াছে ছিল্- ভিয়া আৰু তেওঁ অকলৈ আছে বুলি ভাবি, ছিল্ভিয়াক নিজৰ মনৰ ভাব ব্যক্ত কৰি কলে। কিন্তু এইবোৰ কথা জুলিয়াই তেনেই শুনি আছিল। প্ৰোটিয়াছে ভেলে[ ১৯ ] ণ্টাইন্ আৰু জুলিয়া ইহ সংসাৰত নাই বুলি কলে। কিন্তু ছিল্ভিয়াই প্ৰোটিয়াছক ইতিকিং কৰে, আৰু কয় যে তেওঁ বৰ বিশ্বাসঘাতক। জুলিয়া আহি প্ৰোটিয়াছৰ তাত চাকৰ হয়হি। এই জুলিয়াকে (অৱশ্যে নিচিনি) প্ৰোটিয়াছে এখন ছিল্ভিয়াৰ চিত্ৰ আনিবলৈ পঠায়, আৰু এটি আঙঠি ছিল্ভিয়াৰ নিমিত্তে পঠায়। এই আঙঠিটো আকৌ জুলিয়ায়ে দিয়া। জুলিয়াক কিন্তু ছিল্ভিয়াই ওভটাই দিয়ে আৰু কয় যে তেওঁৰ “মুনিব্” বৰ বিশ্বাসঘাতক; তেওঁক তেওঁ মুঠেই ভাল নেপায়! জুলিয়াৰ ইয়াত বৰ আনন্দ হয়। কাৰ নো আনন্দ নহ’ব?
ইপিনে ভেলেন্টাইনে যেতিয়া মিলান ৰাজ্য এৰি যাবলৈ হুকুম পায়, তেওঁ ৰাজ্য এৰি গল। পাছত এদল ডকাইতে তেওঁক বাটত ধৰিলে। তেওঁৰ সুন্দৰধীৰ মূৰ্ত্তি দেখি ডকাইতবোৰে ক'লে, “তুমি যদি আমাৰ দলৰ গৰাকী হোৱা, তোমাক নেমাৰোঁ, নহলে তোমাক মাৰিম।” ভেলেন্টাইন ইয়াতে মান্তি হৈ সিহঁতৰ দলপতি হ'ল!
ছিল্ভিয়া আৰু স্থিৰ হৈ থাকিব নোৱাৰিলে। ভেলেন্টাইন্ কলৈ গ’ল, ক’ত আছে এইবোৰ ভাবি তেৱোঁ এজন বিশ্বাসী মানুহৰ সৈতে ভেলেন্টাইনক বিচাৰি ওলাইগ’ল। পাছত বাটতে এওঁলোকক ডকাইতবোৰে ধৰি সিহঁতৰ ৰজাৰ ওচৰলৈ লৈ গ’ল। কি আচৰিত [ ২০ ] কথা। এনে অৱস্থাত ছিল্ভিয়াই ভেলেণ্টাইনক দেখি আৰু ভেলেণ্টাইনে ছিলভিয়াক দেখি আচৰিত হল- আচৰিত হোৱাৰ পাছত তেওঁলোক আনন্দত অধীৰ হ'ল। এনেকৈ যে মিলন হব, তেওঁলোকে সপোনতো ভবা নাছিল। ইপিনে ছিলভিয়াক বিচাৰি ৰাজ পৰিয়ালৰ সকলো প্ৰোটিয়াছ ৰিউৰিও আৰু জুলিয়া (প্ৰোটিয়াছৰ লগুৱা হৈ) সকলো ওলাল। বাটত তেওঁলোকৰো সেই তেনে হল, অৰ্থাৎ ডকাইতে ধৰি নিলে। তাতে ছিলভিয়াক দেখি ৰিউৰিঐ নাচিব ধৰিলে। “সৌৱা নহয় ছিলভিয়া, যিয়ে কাঢ়ি নিলে মোৰ হিয়া।” এই বুলি আনন্দত উত্ৰাৱল হবলৈ ধৰিলে। কিন্তু ভাইৰ উগ্ৰ মূৰ্ত্তি দেখি, ৰিউৰিও কোঁচ খাই পৰিল। প্ৰাণৰ সশয় যেন ভাবি কলে “নেলাগে বোপাই মোৰ ছিলভিয়া টিলভিয়াক মই জীয়াই থাকিলে তেনে বহুত পাম।“
এতিয়া আৰু সাধু শেষ হল। ডিউকে ভেলেণ্টাইনৰ সাহ দেখি আৰু ৰিউৰিওৰ ভয় দেখি ভেলেণ্টাইনলৈ ছিলভিয়াক সম্প্ৰদান কৰিলে। প্ৰোটিয়াছেও জুলিয়া কোন বুলি জনাত আৰু তেওঁৰেই নিমিত্তে ছোৱালীজনীয়ে ইমান কষ্ট স্বীকাৰ কৰিছে বুলি জনাত তেওঁৰ আকৌ জুলিয়াৰ পিনে মন ঢাল খালে। এতিয়া সকলোৰে আনন্দ। এনেকি ৰিউৰিওৰো আনন্দ অসীম, কিয়নো তেওঁৰ প্ৰাণৰ হানি হবৰৰে উদ্যোগ লৈছিল সেই কথা [ ২১ ] নহল।
আমাৰো এতিয়া কাপোৰ কাণি কলা হ'ল।