পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মানুহ! তদুপৰি আমাক দৰঙ্গৰ ৰজা কৃষ্ণনাৰায়ণেও সহায় কৰিব৷ বাস্কাৰ চৌধাৰী সকলে আমাক কছাৰী ৰণুৱা দিব৷ আমি কাইথ কলিতা আগৰ ক্ষত্ৰিয় নহওঁনে? আমি ইমান কাপুৰুষ হলো নে যে আহোমৰ ভয়ত কুচি মুচি থাকিম৷ ভাবি চাওকচোন, অন্যায়ৰূপে হাতীৰ চতকাত মৰা এই অন্যায়ৰ প্ৰতিশোধ লবলৈ আমাক ৰাইজেও কোৱা নাইনে? সেই দেখি আমাৰ ভয় কৰাৰ কোনো কাৰণ নাই৷ আপোনাসকলে মোক মাথোঁন বছৰি কেতখিনি মানুহ আৰু ৰণুৱাহতৰ নিমিত্তে খোৱা লোৱা বস্তু কাপোৰ কানিৰ যোগাৰ দিয়ক; দেখিব, মই বীৰদত্তে সেই ৰণুৱা লই আপোনাসকলৰ সহায় আৰু আজ্ঞা অনুসৰি বাৰ বছৰলৈকে আহোমে সৈতে লেলপেল যুদ্ধ কৰি আহোমক খেদিম৷ আহোমে দেখিব— কামৰূপীয়াৰ গাত তেজ শক্তি বল আছেনে নাই৷ আহোমে দেখিব বীৰদত্তৰ তৰোৱালৰ কোব কিমান চোকা- বীৰদত্তৰ এই তীব্ৰ তেজাল বাক্যত সকলোৱে ধইন ধইন কৰি কলে:—“আমি আৰু আহোমক নামানো৷ কৰকাটল নিদিওঁ৷ আমি হৰদত-বীৰদতক মানুহ কানিকাপোৰ, খোৱা বস্তু বছৰি দিম৷ আমি আজিয়েই বীৰদত বাপাক আমাৰ সেনাপতি পাতিলো৷ আমি সকলোৱে আজিৰে পৰা হৰদত চৌধাৰীক বৰুৱা খিতাপ দিলোঁ৷ কমাৰকুচীয়া বৰুৱাকে আমি এজন সেনাপতি পাতিলো৷ যুঁজ চলাবলৈ সমস্ত ভাৰ হামি হৰদত্ত বৰুৱাক দিল—