যদিও সন্মত হল; তথাপি উভয়ে তেওঁবিলাকক দঢ়াই দঢ়াই কলে যে তেওঁবিলাকে যেন নিৰুৎসাহ নহয়; আৰু বিদেশী সৈন্য আহি পালে সেই সৈন্যৰ খৰচ ৰচদ পাতি দিয়াত যেন এফেৰাও ক্ৰটি নকৰে। বৰুৱা চৌধাৰী সকলে কলে—“বাৰু। আমাৰ দিহা মতে কাম কৰা, আমি সহায় কৰাত পিছ নোহোঁহকো” ইত্যাদি ৰূপে কই ঘৰা-ঘৰি গল। হৰদত্ত বৰুৱাই দৰঙ্গ আৰু বিজনী লৈ কটকি পঠালে। মহীৰামক লগত দি কটকি এযোৰা কোচ বেহাৰলৈকো পঠালে। এযোৰ মানুহক পাচশ শিখ চিপাহী আনিবলৈ পঞ্জাবলৈকো পঠালে। কোচবেহাৰলৈ দিয়া চিঠিত এইটোও ইঙ্গিত কৰিলে যে কামৰূপ দেখোন আগৰ তেওঁবিলাকৰ ৰাজ্য সেই দেখি আহোমক খেদি তেওঁ বিলাকেই আহি এই ৰাজ্য লওক। কামৰূপীয়া মানুহে তেওঁ বিলাকক যিমান দুৰ পাৰে ধনে জনে সহায় কৰিব।
ইফালে ঘৰত হৰদত্তক তেওঁৰ গৃহিণীয়ে পদ্মকুমাৰীৰ বিয়াৰ বিষয়ে খেচ খেচাব ধৰিলে। হৰদত্তে ঘৈণীয়েকক বুজালে যে এনেকুৱা শঙ্কটৰ সময়ত তেও জীয়াৰীৰ বিয়াৰ বিষয়ে একো কৰিব নোৱাৰে। তাতে মহীৰামক কোচ বেহাৰলৈ পঠোৱা হৈছে। সি উলটি আহিলে দিন কালৰ সুবিধা চাই পিচে পৰেও যি হয় কৰা যাব।