পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অবিশ্বাসী হলো যে আন কি নিশা আমি গুৱাহাটীত থাকিব নোৱাৰোঁ, চাৰি চকিব বাজ হৈহে থাকিব লাগে! বাপসকল! ৰাইজ সকল! ইয়াতকৈ আৰু আমাক অপমান লাগে নে? এই বিলাক কৰিও হেঁপাহ নপলাল৷ এইবাৰ ৰং চাবলৈ আমাক মাতি নি আমাৰ নিৰাপৰাধী লৰা-ছোৱালী কেতবিলাকক পুতেক দুটাৰ হতুয়াই হাতী মেলাই গছকাই মাৰিলে৷ বিচাৰ প্ৰাৰ্থনা কৰাত উলটি ঢেকেৰী সম্বোধন আৰু নানা গালি গালাজ হে কৰিলে৷ হায়! আমাৰ কামৰূপীয়াৰ এনেকুৱাহে কপাল নে? ৰজা আৰু মন্ত্ৰীৰ ওচৰলৈ বিচাৰ প্ৰাৰ্থনা কৰি পঠালো—তাতো আমাৰ নিষ্ফল হল৷ মোৰ বিবেচনাৰে হলে এই অন্যায়ৰ বিচাৰ আমাৰ নিজৰ হাতত লোৱাই ভাল; মোৰ বিবেচনাৰে হলে আহোমৰ দিন উকলিল৷ এওঁলোকৰ ৰাজা আৰু নাথাকে৷ এওঁলোকৰ ভিতৰ ফোফোলা হৈছে৷ এতিয়া আমাৰ কি কৰা উচিত, আপোনালোকেই থিৰ কৰক”৷ তেওঁৰ এই কথাত কমাৰ কুচীয়া বৰুৱাই উঠি কলে :—
 “বাপসকল ৰাইজসকল! আমাৰ হৰদত্ত চৌধাৰীয়ে যি কলে তাক আপোনাসকলে শুনিলে৷ আমাৰ কামৰূপীয়াৰ গাত এনেকুৱা তেজ নোহোৱা হল নে যে আমি এইদৰে স্ত্ৰী-বধ, শিশুবধৰো কোনো প্ৰতিকাৰ নকৰি মনে মনে বহি থাকিব লগীয়াত পৰিলো৷ দুখৰ বিষয়! যি