ৰজা দুৱাৰ, উত্তৰ গুৱাহাটী, আমিন গাওঁ এৰি দীৰ্ঘেশ্বৰীৰ পাহাড়ত ছিলাৰ চকি আৰু পাহাড়ত সিফালে আজ্ঞাঠুৰি পাহাড়ত খোপনি পিতি ৰল। বৰফুকনে ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী আৰু আমিন গাওঁ এই তিনিউ ঠাইতে হিলৈ তিনটা পাতি থৈ দুশ দুশ ৰণুৱা সেই হিলৈ ৰক্ষা কৰি থাকিবলৈ আৰু কামৰূপীয়াৰ গতিৰোধ কৰি থাকিবলৈ এবি বাকী চাৰি পাঁচ শ ৰণুৱাৰে সৈতে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীলৈ উলটিল।
কামৰূপীয়া মানুহে এই গত তিনি বছৰে যদিও ৰণত বাৰে বাৰে জিকিছিল তথাপি এই বেলিৰ ৰণত ভালেমান মানুহ মৰা দেখি মনত বিষাদো লভিলে আৰু নিৰুৎসাহো হব ধৰিলে। আহোমৰ বৰ হিলৈ দেখি কামৰূপীয়া বৰুৱা চৌধাৰীসকলে অলপ-অচৰপ ইতস্ততঃ লগাব ধৰিলে! দৰদত্তেও বুজিলে যে এইদৰে বছৰি কামৰূপীয়া প্ৰজা লৈ
ৰণ কৰি থকাটো বৰ সহজ কাম নহয়। মানুহদুনুহো মবে আৰু খেতি খামাৰো লোকচান হয়। সেই দেখি এইবাৰ বহাগৰ সাত বিহুৰ দিনাই কামৰূপীয়া বৰুৱা চৌধাৰীসকলক নিমন্ত্ৰণ কৰি জিকেৰিলৈ আনি বুধি পৰামৰ্শ হল। তেওঁবিলাকে কলে যে গত তিনি বছৰে ৰণত ঢেৰ মানুহ মৰিল; খেতি খামাৰো বছৰি লোকচান হৈছে। আহোমৰ বৰ হিলৈৰ সৈতে কেৱল ধেনু কাড় লই যুঁজা টান। সেই দেখি হৰদত্ত বৰুৱাই দৰং, কোচবেহাৰ আন কি পঞ্জাবৰ পৰাও সৈন্য অনাওক। তেওঁবিলাক সক- লোৱে মিলিজুলি এই সৈন্যক খৰচ পাতি ৰছদ পত্ৰ যোগাৰ দিব। সেইবিলাক ঠাইৰ পৰা সৈন্য আহি নাপাই মানে- কামৰূপীয়া প্ৰজা সৈন্যেৰেই কোনো ৰকমে দুৱাৰ তিনিখান ৰক্ষা কৰি থকা হওক। তেওবিলাকৰ এই দিয়া পৰামৰ্শত হৰদত