মাটি বৃত্তি, বেটী বন্দী সমস্ত আমাৰ হাততে
আছে। তাকে দেখোন আমাৰ মাইছানাক বিয়াদি এই
এই ঘৰে দুৱাৰে ৰাখি আমাৰ এই সমস্ত বিষয় সম্পত্তি ৰাজ্য
তাকে সমৰ্পণ কৰিব পাৰিম। আমাৰ যেতিয়া নিজৰ
লৰা নাই তেতিয়া তাকে দেখোন পো বুলিলেও পো
জোয়াই বুলিলেও জোঁয়াই ৰাখিব পাৰো। তেতিয়া হলে
আমাৰ অভাল ভালে সিযেই দেখোন এই কামৰূপ ৰাজ্যৰ
ৰজা হৈ থাকিব। এই দৰে হলেও দেখোন আপোনাৰ
দৈবজ্ঞৰ কথা মিলে। ”
হৰদত্তৰ—মইছানাৰ মাক। তুমি যি কলা এক
প্ৰকাৰে সেইটো সচা। কিন্তু মোৰ আপত্তি হৈছে যে
প্ৰথমতে সি ৰজাৰ লৰা নহয়। দ্বিতীয়তঃ যদিও সি
মাউৰাহৈ শৈশব কালৰে পৰা আমাৰ ঘৰতে ডাঙ্গৰ হৈছে
তথাপি সি যেতিয়াই এজন ডেকা বীৰপুৰুষ হৈ উঠিছে
তেতিয়াই তাৰ এই সমযত বৰ বাপেক, ভাই ভাগী সকলো
ওলাব। সেই সকলে জানো তাক আমাৰ ঘৰত চিৰকাললৈ ঘজ্জীয়া ৰব দিব? যিকি নহওক বাৰু তোমাৰ কথাটোও
শুনিলো। সদ্যহতে তুমি মোক তাইৰ বিয়াৰ বিষয়ে দিক্
নকৰিবা। মই এইবাৰৰ ৰণ খনৰ পিছত যি হয় এটা
কৰিম ”।
গিৰিয়েকৰ এই কথাত বৰুৱানী মনে মনে ৰল। পাঠক! যদিও পদ্ম কুমাৰীক টোপনিত থকা বুলি মাক বাপেকে ভাবিছিল; তথাপি তেওঁ হলে দৰাচলতে টোপনি ষোৱা নাছিল। মাক বাপেকৰ সমস্ত মেল আৰু আলোচনা টোপনি ভাওযুৰি শুনি আছিল।