পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


   “বাপসকল ! ৰাইজ সকল ! এইবাৰ আপোনাসকলে এই দুৰ্গোৎসবলৈ আহি এই নিঃকিনক কৃপা কৰিলে। কিজানি আমাৰ সোধ পোচত কৰবাত কিবা ত্ৰুটী হব পাৰে। সেইটো নিজগুণে সকলোৱে যেন ক্ষমা কৰে। আপোনাসকলক নিমন্ত্ৰণ কৰাৰ এটা ডাঙ্গৰ উদ্দেশ্য আছে। আপোনাসকলৰ মনত অাছে এইবাৰ বহাগৰ বিহুত বৰফুকনে কিদৰে আমাক মাতি নি লঘু-লাঞ্ছনা কৰিলে— আন কি, বিনা দোষে, বিনা কাৰণে হাতীৰে গছকাই আমাৰ লৰা-ছোৱালী মাৰিলে। আপোনাসকলে এই নিঃকিনক পাঁড়ুৰ বাহৰতে উজনিৰ ৰংপুৰৰ ৰজা আৰু মন্ত্ৰীৰ ওচৰলৈ বিচাৰ প্ৰাৰ্থনা কৰি মানুহ পঠাব দিছিল। সেই অনুসৰি মই বুঢ়াগোহাইৰ ওচৰলৈ মানুহ এযোৰা পঠাইছিলো। বুঢ়াগোহাঁয়ে ইয়াকে কলে যে এতিয়া তেওঁ কোনো বিচাৰ কৰিব নোৱাৰে। তেওঁ মোৱামৰিয়াহঁতৰ বিদ্ৰোহ-দমনত ব্যস্ত। আমাৰ মানুহ ৰজাৰ ওচৰকে চাপিব নোৱৰিলে। সেই দেখি আমি আহোম ৰজা আৰু মন্ত্ৰিৰ পৰা যে কিবা সুবিচাৰ পাম তাৰ অাশা নাই। আপোনাসকলে ভাবি চাওক,গুৱাহাটীৰ বৰফুকন সকলে অামাক আজি অত দিনৰে পৰা কি দৰে ব্যৱহাৰ কৰি আহিছে। কেবল লাচিত বৰফুকনত বাজে আমি আজি কেবা পুৰুষৰে পৰা তেনেকুৱা ন্যায় পৰায়ণতা আৰু সুবিচাৰ পোৱা নাই। তেওঁ আমাৰ পূৰ্বপুৰুষসকলক মৰম কৰি,