দন্দুৱা দ্ৰোহ/অষ্টাদশ অধ্যায়
বিবাহ।
পদ্মকুমাৰীৰ মহীৰামে সৈতে বিবাহ হব, এই বাতৰি
শুনি আজি ইমান দিনে মহীৰামৰ বুজ-বাতৰি নোলোৱা বৰ
বাপেক ধনৰীয়া চৌধাৰী হৰদত্তৰ ঘৰলৈ আহি হৰদত্তক
জনালে, যে মহীৰাম যদিও মাউৰা, তথাপি তাৰ বঙহে
পৰিয়ালে জুৰি আছে। তদুপৰিও সি এঘৰৰ এটা লৰা।
এনেস্থলত মহীৰামক তেওঁলোকে ধনৰালৈ নি তাতে তাৰ
হতুৱাই নও পুৰুষৰ শ্ৰাদ্ধাদি কৰাই নোৱাব ধুৱাব আৰু
তাৰে পৰা সাজি-কাচি আহি মহীৰামে বিবাহ কৰাব। যদিও
হৰদত্তৰ গৃহিণী ভিতৰি এই প্ৰস্তাৱত মান্তি নহল, তথাপি
ৰাইজে বেয়া বুলিব, এই ভয় দেখুৱাই হৰদত্ত আৰু তেওঁৰ
ভায়েক বীৰদত্তই বুজোৱাত বৰুৱাণী মান্তি হল। কিন্তু
বৰুৱাণীয়ে জিদ কৰি বহিল যে তেওঁ ছোৱালী ধনৰালৈ
নপঠিয়ায়। ঘৰ গচকাবলৈ মহীৰামৰতো নিজৰ ঘৰেই নাই।
এনেস্থলত পৰৰ ঘৰ গছকাবলৈ তেওঁ জীয়েকক এৰি নিদিয়ে। হৰদত্তে “বাৰু! তেতিয়া যি হয় কৰিবা; এতিয়া
মহীৰামক যাবলৈ দিয়া” এই কথা কোৱাত বৰুৱাণীয়ে
মহীৰামক ওচৰলৈ মাতি নি কলে :—“বাপা মহীৰাম।
মোৰ প্ৰাণৰ পুতলা এই একেজনী মোৰ জীয়াৰি, তাকে
তালৈ বিবাহ দিম; কিন্তু বাপা তই মোক শপত
কাঢ়ি কব লাগে যে বিয়া কৰাই উঠি তই সদায় আমাৰ
লগতে থাকিবি আমাৰ ঘৰ দুৱাৰেই তোৰ ঘৰ দুৱাৰ
হব। আমাৰ অভাল ভালে তয়ে আমাৰ পিণ্ড দিবি।
ইয়াকে যদি তই কৰিম বুলি কওৱ, তেন্তে তই সদ্যহতে
ধনৰালৈ যা। তাৰে পৰা আহি বিয়া কৰাবি; কিন্তু
বিয়া কৰায়ে আমাৰ ঘৰতে ৰই যাব লাগিব। ছোৱালীক
ঘৰ গছকাবলৈ বুলি হলে নিব নোৱাৰ”। বৰুৱাণীৰ
এই কথাত মহীৰামে সেৱা কৰি কলে :— আই!
আপুনিয়েই এই হতভগীয়াক সৰুৰে পৰা খুৱাই-ধুৱাই
ডাঙ্গৰ কৰিছে আৰু, এতিয়াই মই যাক ভাল পাওঁ,
তেওঁক দেউতাই সৈতে মোৰ হঁকে, হাই কাজীয়া [ ৯৩ ] কৰিও মোকে দিব খুজিছে; এনেস্থলত মই আপোনাৰ
কথাৰ বিৰুদ্ধ কাম ইটো জনমত নকৰোঁ বুলি শপত
কৰিলোঁ —আপুনি যিহকে ভাল পায় তাকে কৰিম”।
মহীৰামৰ এই কৃপাত বৰুৱাণীয়ে মহীৰামৰ মূৰত ধৰি আশীৰ্ব্বাদ কৰি শিৰ চুম্বন কৰি বিদায় দিলে। মহীৰামে বৰ
বাপেকৰ লগত ধনৰালৈ গল। তাত লঘোন ভোক খাটি বৰ বাপেকৰ ঘৰত ন পুৰুষৰ শ্ৰাদ্ধ কৰিলে। বৰ মাক,
জেঠায়েক, মাহীয়েক, গাওঁ কুচুলীয়া গাভৰু সকলৰ নোৱন
ধোৱন খাই, পিন্ধি উৰি বৰ সাজি লগত অসংখ্য মতা মাইকী
ৰাইজ আৰু কামৰূপৰ সেই কালতো প্ৰসিদ্ধ বৰ্ণিবিৰীয়া
ঢুলীয়া আৰু দুই তিনি যোৰা গায়নে-বায়নে সৈতে উপযুক্ত
সময়ত জিকেৰি পালেহি। অৱশ্যে এই বিবাহত যি খৰচ
হৈছিল, সমস্ত তেওৰ বৰ বাপেক আৰু ধনৰায়া ৰাইজে
অকাতৰে দিছিল।
দেশ দস্তুৰ মতে জিকেৰীয়া ডেকাসকলে ধনৰীয়া
বৰ-যাত্ৰীসকলক বাটতে হেঙ্গাৰ ধৰিলে। উত্তৰ কামৰূপীয়া
প্ৰজাৰ এক প্ৰকাৰ ৰজা হৰদত্তৰ জীয়াৰী পদুম কুমাৰীক
বিয়া কৰাবলৈ অহা দেখি জিকেৰীয়া সকলে সেই হেঙ্গাৰত
উচিত মতে তামোল পান, গুড় গাখীৰ আৰু ৰাইজৰ
অৰিহনাৰ বাবে ৰূপ পাঁচ টকা লই হেঙ্গাৰ এৰি দিলে।
এই হেঙ্গাৰতে দুয়ো পক্ষৰ অলপ মনোবাদো হইছিল।
জিকেৰীয়াই বুজাইছিল যে তেওঁবিলাকহে বলী আৰু
মাতব্বৰ। ধনৰীয়াইও বুজাইছিল যে তেওঁলোকো সিমান
নিঃকিন নহয়।
বাটচৰাত দৰা আদৰোতেও সেইদৰে এফেৰা গোলমাল
হইছিল। চাউল চটিওৱা বাবে মাইকীয়ে মাইকীয়ে এফেৰা
কাজিয়াও হইছিল। দৰা থিয় দিয়া পীড়া খনৰ বাবেও
এফেৰা টনা-আজোৰা হইছিল। যি কি নহওক, এইবিলাক সচৰাচৰ হই থকা ঘটনাৰ পিছত দৰা গাই হোম খলিত
বহিল। ইফালে প্ৰকাণ্ড ৰভাৰ তলত এফালে গায়নবায়নৰ
নটুৱাৰ নাচ হল। আনফালে বৰ্ণিবৰীয়া ঢুলীয়াহঁতে ভাও
উলিয়াইছিল। সেই ঢুলীয়াৰ ভাওত ঢুলীয়াহঁতে
গাইছিল—
মইছানা তিয়ঁহৰ জালি
আজি কালি কৰি মাইছানা ডাঙ্গৰ হল
ভালেমান দিনৰ পিছত পৰম্পৰে পৰম্পৰক চিৰ জীৱনলৈ
লভি পদ্ম আৰু মহীৰাম পৰম সুখী হল। বৰযাত্ৰী সকলে
হেনো এই বিবাহত এফেৰা অপমান পাইছিল। হৰদত্ত
বৰুৱাৰ ফালৰ সকলে হেনো অহঙ্কাৰতে তেওঁবিলাকক
ভালকৈ সোধ-পোচ কৰা নাছিল।
বিয়া ভঙ্গাৰ পিছত কইনা ঘৰে বৰ কন্যাক লই দেশ
দস্তুৰ মতে স্ত্ৰী আচাৰাদি কৰা হলত বৰ পক্ষৰ কৰ্ত্তা
মহীৰামৰ বৰ বাপেক আৰু ধনৰীয়া প্ৰজা সকলে কন্যাক
দৰাৰ ঘৰ গছকাবলৈ নিব লাগে বুলি জনালে! হৰদত্তৰ
গৃহিণীয়ে ভিতৰৰে পৰা সমিধান দি পঠিয়ালে যে তেওঁ
জীয়েকক ধনৰালৈ নপঠিয়ায় জী-জোঁৱাই হালকে ঘৰতে
ৰাখিব আৰু ধনৰাত যিস্থলত মহীৰামৰ নিজৰ ঘৰ নাই তেনে স্থলত কাৰ ঘৰলৈ নো জীয়েকক পঠাব। তেওঁ
এই কথাত ধনৰীয়া চৌধাৰীয়ে জনাই পঠিয়ালে যে “কিয়,
তেওঁৰ ঘৰেই জানো মহীৰামৰ ঘৰ নহয়! বৰুৱানীয়ে কই
পঠিয়ালে যে তেওঁৰ ঘৰেই মহীৰামৰ ঘৰ হোৱা হলে
মহীৰাম সৰুৰে পৰা তাতেহে ডাঙৰ দীঘল হব লাগিছিল।
তাৰ শৈশৱ কালত কেৱে যেতিয়া তাৰ গৰাকী নোলাল,
এতিয়া কিশোৰতনো তাৰ কোন গৰাকী ওলাল? এতেকে
ধনৰীয়া সকলে মহীৰামক এৰিয়েই বিদায় হই যাওক। ”
বৰুৱানীৰ এনেকুৱা স্পষ্ট জবাবত ধনৰীয়া চৌধাৰীয়ে
মৰণান্তিক বেজাৰ পালে। মহীৰামক হৰদত্তৰ ঘৰতে এৰি
সুদা দোলা দুখান লই ধনৰীয়া সকলে উলটি গল। ধনৰীয়া
চৌধাৰীৰ মনত হৰদত্ত বৰুৱা এক প্ৰকাৰ বৈৰী হল।
আৰু পাঠক! বিয়াৰ পিছত মহীৰাম আৰু পদুমক লই
গাৱঁৰ মাইকীবিলাকে স্ত্ৰী-আচাৰৰ যিবিলাক ৰঙ ধেমালি
কৰিছিল আৰু মহীৰাম পদুমে বিবাহৰ পিছত কি কথা
বতৰা হইছিল, সেইবিলাক আমি কব নোৱাৰোঁ, যিহেতু
সেইবিলাক ঠাইলৈ আমাৰ প্ৰবেশ নিষেধ আছিল।
আপোনাসকলেই অনুমান কৰি লওক। আমি উপন্যাস
কাৰকে মাথোন ইয়াকে কব পাৰোঁ, যে যি ক্ষেত্ৰত বৰ
কন্যাৰ আগৰে পৰা প্ৰীতি থাকে, সেই ক্ষেত্ৰত উভয়ে-
উভয়ক বিবাহ-সূত্ৰত আৱদ্ধ হই চিৰলগৰীয়া পালে যে কি
১৭৯8 শঁক
বহাগত মহীৰাম আৰু পদুমৰ বিবাহ হল। ডেকা গাভৰু উভয়ে সুখী হল। কামৰূপীয়া প্ৰজাসকল জেঠ মাহৰে পৰা খেতি খামাৰত লাগিল। হৰদত্ত বৰুৱাই শিখ বিলাকক বহুৱাই বহুৱাই ৰছদ খুৱাই আৰু দৰমহা দি থাকিব লগা হোৱাত বৰ হাইৰাণ হব ধৰিলে। তেওঁৰ হাতৰ কোছৰ সমস্ত ধনবিত গ’ল; তেওঁ অলপ কড়া ভাবেই কামৰূপৰ বৰুৱা চৌধাৰী সকলৰ পৰা ধন তুলিব লগাত পৰিল। এই কথাতে কামৰূপীয়া বৰুৱা আৰু চৌধাৰী সকলৰ অনেকে তেওঁৰ ওপৰত অলপ অলপকৈ অসন্তুষ্ট হব ধৰিলে; কিন্তু তেতিয়াও হৰদত্ত বৰুৱাৰ পয়োভৰ থকা দেখি কেৱে মুখ ফুটাই একো কব নোৱাৰিলে। চাওঁতে চাওঁতে বাৰিষা গ’ল, খৰালি গল। হৰদত্তই অনেক পৰিশ্ৰম কৰি তিনি চাৰি হেজাৰ কামৰূপীয়া ৰণুৱা গোটালে। সেই ৰণুৱা আৰু ৩০০ তিনিশ শিখেৰে সৈতেই এই বছৰৰ খৰালিৰ ৰণত কোনোৰকমে আহোম সৈন্য তিনি জাকৰ ভিতৰত কামৰূপলৈ সোমোৱা গতিৰোধ কৰি দৰজা তিনিখান ৰক্ষা কৰিলে।
১৭৯৫ শঁক
এই শঁকৰ বহাগ মাহৰে পৰা হেনো হৰদত্ত বৰুৱাৰ সুদিন গই দুৰ্দ্দিন আহিল। দৈবজ্ঞ সকলে তেওঁৰ সোঁৱৰণীৰ ফলাফল চাই কোৱা মতে তেওঁক অশুভ গ্ৰহ সকলে বেড়ি ধৰিলে। যুঁজৰ পিছৰ পৰা শিখ সকলক আকৌ মাহে মাহে ৰছদ আৰু দৰমহা দি থাকিব লগীয়া হোৱাত হৰদত্ত বৰুৱা আৰু বিষম সমস্যাত পৰিল। যদিও কামৰূপীয়া বৰুৱা চৌধাৰী সকলেই পৰামৰ্শ দি পঞ্জাবৰ পৰা শিখ [ ৯৬ ] ৰণুৱা অনাইছিল, তথাপি এতিয়া এই শিখ সকলক মাহে মাহে দৰমহা দিয়া আৰু ৰছদ দিয়া সমস্ত বোলা অকল হৰদত্তৰ মূৰতে পৰিল! হৰদত্তে পোনে প্ৰথমে বৰুৱা চৌধাৰী সকলক অনেক কাবৌ-মিনতি কৰি কিছু কিছু ৰছদ আৰু ধন আনি তাৰেই পাল মাৰিছিল। কিন্তু পিছত বৰুৱা চৌধাৰী সকলেও মাহে মাহে গুদগুদাব ধৰিলে। এনেয়ে আজি এই গত পাচ বছৰে আহোমে সৈতে বছৰি ৰণ কৰাত ঢেৰ কামৰূপীয়া প্ৰজা মৰিছে, খেতি খালা নষ্ট হইছে আৰু গত দুবছৰ শিখক মাহে মাহে দৰমহা দিয়াত হাতৰ কোঁচৰ ধনো গইছে; এতিয়া আকৌ মাহে মাহে শিখক খুৱাবলৈ আৰু দৰমহা দিবলৈ কামৰূপৰ বৰুৱা চৌধাৰী- সকলে টান পাব ধৰিলে। হৰদতে এই শঁকৰ বহাগৰ সাত বিহুৰ দিনাই আলচ যুক্তি হবলৈ বৰুৱা চৌধাৰী সকলক নিমন্ত্ৰণ কৰিলে। প্ৰায় দুভাগেই সেই নিমন্ত্ৰণলৈ নাহিল। যি এভাগ আহিছিল, সেই সকলেও জনালে বে তেওবিলাকে আৰু ধনেৰে সহায় কৰিবলৈ অক্ষম। বৰুৱা চৌধাৰী সকলে এই কথা কইয়েই নিজ নিজ ঘৰলৈ উলটিল। হৰদত্ত বৰুৱা কিংকৰ্ত্তব্য-বিমুঢ় হল। তেওঁ- বিলাক গুচি যোৱাৰ পিছত হৰদতে ভায়েক বীৰদত্তৰ সৈতে পৰামৰ্শ কৰিলে। তেওঁ বীৰদত্তক কলে, যে যেতিয়া কামৰূপীয়া বৰুৱা চৌধাৰী সকলে তেওঁক সহায় নকৰাত পৰিল আৰু ধনৰীয়া চৌধাৰীকে প্ৰমুখ্য কৰি দুই চাৰিজনে তেওঁৰ বৈৰীও হই উঠিল, এনেস্থলত তেওঁলোকৰ উচিত হল, যে তেওঁলোকে শিখ সকলক বিদায় দি বৰফুকনত আত্ম-সমৰ্পণ কৰিব লাগে, নতুবা কামৰূপ ৰাজ্য এৰি বিজনি বা বেহাৰ, বা ৰংপুৰ, এনেকুৱা ঠাইত গই আশ্ৰয় লব লাগে। হৰদত্তৰ এই পৰামৰ্শত বীৰদত্তে মান্তি নহই কলে—যে তেনেকুৱাটো সদ্যহতে কৰিব নোৱাৰি। বৰুৱা চৌধাৰীসকলেই মত দি এই শিখ অনাইছে যেতিয়া, তেতিয়া তেওঁবিলাকেই আৰু এবছৰ দুবছৰলৈ শিখক পোহ-পাল দি ৰাখিবই লাগিব। ব্ৰহ্মপুত্ৰ নৈ পাৰ হই গুৱাহাটীতে গই পাষণ্ড বৰফুকনটোক ধৰিবই লাগিব। যদি তেওঁ তাকে কৰিব নোৱাৰে, তেন্তে তেওঁ নিজেই আত্মহত্যা কৰিব। যুঁজ এৰি কাপুৰুষালী কৰিবলৈবীৰদত্ত জীয়াই নাথাকে। তেওঁৰ এই কথাত হৰদত্তে আকৌ কলে—যে “যি স্থলত কামৰূপীয়া বৰুৱা চৌধাৰী সকলেও তেওঁবিলাকৰ ধনেৰে আৰু ৰছদেৰেও সহায় কৰিবলৈ আগ নবঢ়াত পৰিল আৰু সেই [ ৯৭ ] সকলৰ পৰামৰ্শ মতেই কামৰূপীয়াৰ প্ৰজাও যুঁজলৈ নোলোৱাত পৰিল, পবিল, তেনেস্থলত নো তেওঁলোকে আৰু কেনেকৈ বৰফুকনেৰে সৈতে যুঁজিব। ইয়াৰ উত্তৰত বীৰদত্তে কলে যে — “যদি তেওঁ ( হৰদত্ত ) নিজৰ প্ৰাণলৈ ভয় কৰিছে, তেন্তে তেওঁ উঠি বিজনী বা বেহাৰ বা ৰংপুৰলৈ সপৰিবাৰে যাব পাৰে; কিন্তু তেওঁ হলে নাযায়। তেওঁ সেই দুশ শিখ, আৰু যি পায় কামৰূপীয়া প্ৰজা, তাকে লইয়েই যুঁজি থাকিব। যুঁজত জিকিব পাৰে যদি ভালেই, নোৱাৰে যদিও তেওঁ সেই যুঁজতেই প্ৰাণ ত্যাগ কৰিব। ” ভায়েকৰ এনেকুৱা তেজোপূৰ্ণ বাক্য শুনি হৰদত্তে কলে —“যদি তেওঁ বীৰদত্তে তেওঁৰ লগত কামৰূপ এৰি যাবলৈ সন্মত নহয়, তেন্তে তেঁৱো এনেকুৱা কাপুৰুষ নহয় যে তেওঁ ভায়েকক এৰি নিজৰ প্ৰাণ বচাবলৈ বিদেশলৈ যাব। ” তেওঁৰ এই কথাত বীৰদত্তে কলে যে—বাৰু, তেনেহলে তেওঁ (হৰদত্তে) একো চিন্তা নকৰিব। শিখক ৰছদ দিয়া, দৰ্ম্মহা দিয়া, যুঁজ চলোৱা সমস্ত ভাৰ তেওঁ ( বীৰদত্তে ) ললে। ককায়েকে মনে মনে ঘৰৰ কাম যি হয় কৰক, আৰু নিজৰ ইষ্ট-দেবীক ধ্যান কৰক।
হৰদত্ত ভায়েকৰ এই কথা শুনি মনে মনে ৰল। বীৰদত্ত শিখ সেনাপতি কুমেদানক তেওঁলোকৰ ভিতৰুৱা অৱস্থা সমস্তকে জনাই কলে—যে তেওঁলোকে দৰ্ম্মহা আৰু ৰছদ নিজে নিজে এমাহত দুঘৰ বৰুৱা চৌধাৰী, আন মাহত আন দুঘৰ বৰুৱা চৌধাৰীৰ পৰা আদায় কৰি লব। বীৰদত্তৰ এই আদেশ পাই কুমেদানৰ শিখ সকলে ইমাহত চাৰি ঘৰ, সিমাহত চাৰি ঘৰ বৰুৱা চৌধাৰী আৰু তেওঁলোকৰ প্ৰজা সকলৰ পৰা জোৰ-জবৰদস্তি কৰি ৰচদ আৰু দৰমহা আদায় কৰিব ধৰিলে। যেতিয়াৰে পৰা শিখ সকলে এইদৰে জোৰ-জবৰদস্তি কৰি ৰছদ আৰু ধন তুলিব ধৰিলে, তেতিয়াৰে পৰা কামৰূপীয়া বৰুৱা চৌধাৰী প্ৰজা হৰদত্তৰ ওপৰত নাৰাজ হই উঠিল। তেওঁ বিলাকে হৰদত্তক দেশৰ বৈৰী বুলি ভাবিৱ ধৰিলে। জাকে জাকে প্ৰজাই আহি হৰদত্তৰ ওচৰত আৰাৱ কৰিব ধৰিলে। হৰদত্তে যথাসাধ্যে প্ৰজা সকলক বুজালে। কিন্তু এতিয়া তেওঁৰ বুজনি মানে কোনে? ঠায়ে ঠায়ে শিখে আৰু প্ৰজাই হতাহতি হব ধৰিলে। হৰদত্ত কিংকৰ্ত্তব্য-বিমূঢ় হল। শিখক ৰাখিলেও মৰণ, এৰি দিলেও মৰণ। তেওঁ নিজৰ কপালকে গুণি-গাথি এনিশা শুই আছে; এনেতে সপোন দেখিলে যেন দুৰ্গা দেবীয়ে আহি তেওঁক দেখা দি কইছে :