পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


হাতত তৰোৱাল, কাড়ধেনু৷ কামৰূপীয়াসকলৰ হাততে সেই অস্ত্ৰ৷ উভয় দলৰ প্ৰথমে কাড়ে কাড়ে যুদ্ধ হল৷ দুয়োফালে ৰণবাদ্য বাজিল৷ শেহত কামৰূপী বীৰসকলে আহোমৰ সৈন্য তাকৰ দেখি কিৰিলি মাৰি খেদি আহি তৰোৱালে তৰোৱালে কটা-কটি লগালে৷ বীৰদতে নিজ হাতেৰে কুৰি পচিশটা আহোম ৰণুৱা কাটিলে৷ চাওঁতে চাওঁতে এপৰৰ ভিতৰতেই ৰণৰ ওৰ পৰিল৷ তিনিউ ঠাইতে আহোম ঘাটিল৷ আহোম ৰণুৱা যি কুৰি পচিশজন মান বাচিল সেই কেইজন পিচ হুহঁকি আহি নাৱত উঠি নাও মেলি দিলে৷ কামৰূপীয়া সৈন্যই পিছে পিছে খেদি আহি নাৱলৈকো কাঁড় মাৰি আৰু চাৰি পাচঁজনমান আহোম ৰণুৱা বধিলে৷ বাকী কেজনে গই বৰফুকনক পৰাজয়ৰ বাতৰি দিলে৷ বৰ ফুকনে প্ৰমাদ গণিলে৷ কামৰূপীয়া সকলে আমিন গাওঁ, উত্তৰ গুৱাহাটী আৰু ৰজাদ্বাৰত কোঠ মাৰি বহিল৷ উত্তৰ গুৱাহাটী আৰু ৰংমহলৰ অহমীয়া ভদ্ৰলোক সকলক তেওঁলোকৰ ( কামৰূপীয়াৰ ) তলতীয়া হল বুলি ঢোলপিতি শুনাই দি কৰ কাটল, ৰছদ-পাতি লবৰ ব্যবস্থা কৰিলে৷ উপযুক্ত অধিপতিৰ তলত সৈন্য বিলাকক থই কামৰূপীয়া তিনিউজন সেনাপতি ঘৰলৈ উলটিল৷ তিনিউজনকে ঘৰৰ ওচৰত কামৰূপীয়া ৰাইজে সাদৰি আগ বঢ়াই নিলে৷ কামৰূপীয়া মহিলা সকলেও আনন্দত আপ্লুত হৈ উৰুলি জোকাৰ দি বীৰসকলক অভ্যৰ্থনা কৰিলে৷