সমললৈ যাওক

পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সকলৰ পৰামৰ্শ মতেই কামৰূপীয়াৰ প্ৰজাও যুঁজলৈ নোলোৱাত পৰিল, পবিল, তেনেস্থলত নো তেওঁলোকে আৰু কেনেকৈ বৰফুকনেৰে সৈতে যুঁজিব। ইয়াৰ উত্তৰত বীৰদত্তে কলে যে — “যদি তেওঁ ( হৰদত্ত ) নিজৰ প্ৰাণলৈ ভয় কৰিছে, তেন্তে তেওঁ উঠি বিজনী বা বেহাৰ বা ৰংপুৰলৈ সপৰিবাৰে যাব পাৰে; কিন্তু তেওঁ হলে নাযায়। তেওঁ সেই দুশ শিখ, আৰু যি পায় কামৰূপীয়া প্ৰজা, তাকে লইয়েই যুঁজি থাকিব। যুঁজত জিকিব পাৰে যদি ভালেই, নোৱাৰে যদিও তেওঁ সেই যুঁজতেই প্ৰাণ ত্যাগ কৰিব। ” ভায়েকৰ এনেকুৱা তেজোপূৰ্ণ বাক্য শুনি হৰদত্তে কলে —“যদি তেওঁ বীৰদত্তে তেওঁৰ লগত কামৰূপ এৰি যাবলৈ সন্মত নহয়, তেন্তে তেঁৱো এনেকুৱা কাপুৰুষ নহয় যে তেওঁ ভায়েকক এৰি নিজৰ প্ৰাণ বচাবলৈ বিদেশলৈ যাব। ” তেওঁৰ এই কথাত বীৰদত্তে কলে যে—বাৰু, তেনেহলে তেওঁ (হৰদত্তে) একো চিন্তা নকৰিব। শিখক ৰছদ দিয়া, দৰ্ম্মহা দিয়া, যুঁজ চলোৱা সমস্ত ভাৰ তেওঁ ( বীৰদত্তে ) ললে। ককায়েকে মনে মনে ঘৰৰ কাম যি হয় কৰক, আৰু নিজৰ ইষ্ট-দেবীক ধ্যান কৰক।

 হৰদত্ত ভায়েকৰ এই কথা শুনি মনে মনে ৰল। বীৰদত্ত শিখ সেনাপতি কুমেদানক তেওঁলোকৰ ভিতৰুৱা অৱস্থা সমস্তকে জনাই কলে—যে তেওঁলোকে দৰ্ম্মহা আৰু ৰছদ নিজে নিজে এমাহত দুঘৰ বৰুৱা চৌধাৰী, আন মাহত আন দুঘৰ বৰুৱা চৌধাৰীৰ পৰা আদায় কৰি লব। বীৰদত্তৰ এই আদেশ পাই কুমেদানৰ শিখ সকলে ইমাহত চাৰি ঘৰ, সিমাহত চাৰি ঘৰ বৰুৱা চৌধাৰী আৰু তেওঁলোকৰ প্ৰজা সকলৰ পৰা জোৰ-জবৰদস্তি কৰি ৰচদ আৰু দৰমহা আদায় কৰিব ধৰিলে। যেতিয়াৰে পৰা শিখ সকলে এইদৰে জোৰ-জবৰদস্তি কৰি ৰছদ আৰু ধন তুলিব ধৰিলে, তেতিয়াৰে পৰা কামৰূপীয়া বৰুৱা চৌধাৰী প্ৰজা হৰদত্তৰ ওপৰত নাৰাজ হই উঠিল। তেওঁ বিলাকে হৰদত্তক দেশৰ বৈৰী বুলি ভাবিৱ ধৰিলে। জাকে জাকে প্ৰজাই আহি হৰদত্তৰ ওচৰত আৰাৱ কৰিব ধৰিলে। হৰদত্তে যথাসাধ্যে প্ৰজা সকলক বুজালে। কিন্তু এতিয়া তেওঁৰ বুজনি মানে কোনে? ঠায়ে ঠায়ে শিখে আৰু প্ৰজাই হতাহতি হব ধৰিলে। হৰদত্ত কিংকৰ্ত্তব্য-বিমূঢ় হল। শিখক ৰাখিলেও মৰণ, এৰি দিলেও মৰণ। তেওঁ নিজৰ কপালকে গুণি-গাথি এনিশা শুই আছে; এনেতে সপোন দেখিলে যেন দুৰ্গা দেবীয়ে আহি তেওঁক দেখা দি কইছে :-