পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গইছে সেইটোক চেচামুখৰ আলি বোলে৷ এই আলিয়েদি গই থাকিলেই চেচামুখ নামেৰে নৈৰ ঘাট এটা পোৱা যায়৷ চেচা নামৰ নৈখান বেলেগ এটা নৈ নহয় পুঠিমাৰী নৈয়ে এই ডোখৰত চেচা নাম পাইছে৷
 কোনোবাই যদি কেতিয়া বা উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণ গুৱাহাটীলৈ পশ্চিমৰ পৰা পূবলৈকে চাইছে তেন্তে দেখিব দক্ষিণ গুৱাহাটীৰ নৈৰ গাতে পচিমে ভুবনেশ্বৰীৰ ওখ পাহাড়টা আৰু সেই পাহাড়ৰ ওপৰত ভুবনেশ্বৰী দেবীৰ শুভ্ৰ মঠটো ধুকধুক্‌কৈ জিলিকিছে৷ ভুবনেশ্বৰীৰ পূবৰে পৰা নৈৰ কাষৰ প্ৰায় দুমাইল ঠাই সমথল৷ ইয়াৰ মূৰত আকৌ নৈৰ কাষে কাধে বৰ্ত্তমান কছাৰী ঘাটলৈকে এশাৰী সৰু টিলা আছে৷ এই টিলাৰ ওপৰত শুক্লেশ্বৰ জনাৰ্দ্দনৰ মন্দিৰ কছাৰি ঘাটৰ পৰা প্ৰায় দেড় মাইল নৈৰ পাৰৰ ঠাই আকোঁ সমথল৷ এই সমথলৰ পূব মূৰৰ পৰা নৈৰ পাৰে পাৰে আকৌ পাহাড় নগাওঁ জিলাৰ পৰা বই অহা কলং নৈৰ মুখলৈকে৷
 পাঠক! গুৱাহাটী ছহৰৰ এই প্ৰসিদ্ধ ঠাই বিলাকৰ বৰ্ণনা, বিবৰণ আৰু পুৰণি ইতিবৃত্ত লেখিবলৈ গলে এখান বৃহৎ পুথি হয়৷ সেই সমস্ত বৰ্ণাবলৈ গলে আমি আমাৰ মূল উদ্দেশ্যৰ পৰাও ভালেমান আঁতৰত পৰোঁ৷ সেই দেখি আমাৰ এই উপন্যাসৰ নিমিত্তে যি কেইডোখৰ ঠাইৰ বৰ্ণনা লাগে তাক দিবলৈ বাধ্য হলোঁ৷