সমললৈ যাওক

পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দ্বাত্ৰিংশ অধ্যায়।
১৭৯8 শঁক

 বহাগত মহীৰাম আৰু পদুমৰ বিবাহ হল। ডেকা গাভৰু উভয়ে সুখী হল। কামৰূপীয়া প্ৰজাসকল জেঠ মাহৰে পৰা খেতি খামাৰত লাগিল। হৰদত্ত বৰুৱাই শিখ বিলাকক বহুৱাই বহুৱাই ৰছদ খুৱাই আৰু দৰমহা দি থাকিব লগা হোৱাত বৰ হাইৰাণ হব ধৰিলে। তেওঁৰ হাতৰ কোছৰ সমস্ত ধনবিত গ’ল; তেওঁ অলপ কড়া ভাবেই কামৰূপৰ বৰুৱা চৌধাৰী সকলৰ পৰা ধন তুলিব লগাত পৰিল। এই কথাতে কামৰূপীয়া বৰুৱা আৰু চৌধাৰী সকলৰ অনেকে তেওঁৰ ওপৰত অলপ অলপকৈ অসন্তুষ্ট হব ধৰিলে; কিন্তু তেতিয়াও হৰদত্ত বৰুৱাৰ পয়োভৰ থকা দেখি কেৱে মুখ ফুটাই একো কব নোৱাৰিলে। চাওঁতে চাওঁতে বাৰিষা গ’ল, খৰালি গল। হৰদত্তই অনেক পৰিশ্ৰম কৰি তিনি চাৰি হেজাৰ কামৰূপীয়া ৰণুৱা গোটালে। সেই ৰণুৱা আৰু ৩০০ তিনিশ শিখেৰে সৈতেই এই বছৰৰ খৰালিৰ ৰণত কোনোৰকমে আহোম সৈন্য তিনি জাকৰ ভিতৰত কামৰূপলৈ সোমোৱা গতিৰোধ কৰি দৰজা তিনিখান ৰক্ষা কৰিলে।

ত্ৰয়োত্ৰিংশ অধ্যায়।
১৭৯৫ শঁক

 এই শঁকৰ বহাগ মাহৰে পৰা হেনো হৰদত্ত বৰুৱাৰ সুদিন গই দুৰ্দ্দিন আহিল। দৈবজ্ঞ সকলে তেওঁৰ সোঁৱৰণীৰ ফলাফল চাই কোৱা মতে তেওঁক অশুভ গ্ৰহ সকলে বেড়ি ধৰিলে। যুঁজৰ পিছৰ পৰা শিখ সকলক আকৌ মাহে মাহে ৰছদ আৰু দৰমহা দি থাকিব লগীয়া হোৱাত হৰদত্ত বৰুৱা আৰু বিষম সমস্যাত পৰিল। যদিও কামৰূপীয়া বৰুৱা চৌধাৰী সকলেই পৰামৰ্শ দি পঞ্জাবৰ পৰা শিখ