বিবাহ।
পদ্মকুমাৰীৰ মহীৰামে সৈতে বিবাহ হব, এই বাতৰি শুনি আজি ইমান দিনে মহীৰামৰ বুজ-বাতৰি নোলোৱা বৰ বাপেক ধনৰীয়া চৌধাৰী হৰদত্তৰ ঘৰলৈ আহি হৰদত্তক জনালে, যে মহীৰাম যদিও মাউৰা, তথাপি তাৰ বঙহে পৰিয়ালে জুৰি আছে। তদুপৰিও সি এঘৰৰ এটা লৰা। এনেস্থলত মহীৰামক তেওঁলোকে ধনৰালৈ নি তাতে তাৰ হতুৱাই নও পুৰুষৰ শ্ৰাদ্ধাদি কৰাই নোৱাব ধুৱাব আৰু তাৰে পৰা সাজি-কাচি আহি মহীৰামে বিবাহ কৰাব। যদিও হৰদত্তৰ গৃহিণী ভিতৰি এই প্ৰস্তাৱত মান্তি নহল, তথাপি ৰাইজে বেয়া বুলিব, এই ভয় দেখুৱাই হৰদত্ত আৰু তেওঁৰ ভায়েক বীৰদত্তই বুজোৱাত বৰুৱাণী মান্তি হল। কিন্তু বৰুৱাণীয়ে জিদ কৰি বহিল যে তেওঁ ছোৱালী ধনৰালৈ নপঠিয়ায়। ঘৰ গচকাবলৈ মহীৰামৰতো নিজৰ ঘৰেই নাই। এনেস্থলত পৰৰ ঘৰ গছকাবলৈ তেওঁ জীয়েকক এৰি নিদিয়ে। হৰদত্তে “বাৰু! তেতিয়া যি হয় কৰিবা; এতিয়া মহীৰামক যাবলৈ দিয়া” এই কথা কোৱাত বৰুৱাণীয়ে মহীৰামক ওচৰলৈ মাতি নি কলে :—“বাপা মহীৰাম। মোৰ প্ৰাণৰ পুতলা এই একেজনী মোৰ জীয়াৰি, তাকে তালৈ বিবাহ দিম; কিন্তু বাপা তই মোক শপত কাঢ়ি কব লাগে যে বিয়া কৰাই উঠি তই সদায় আমাৰ লগতে থাকিবি আমাৰ ঘৰ দুৱাৰেই তোৰ ঘৰ দুৱাৰ হব। আমাৰ অভাল ভালে তয়ে আমাৰ পিণ্ড দিবি। ইয়াকে যদি তই কৰিম বুলি কওৱ, তেন্তে তই সদ্যহতে ধনৰালৈ যা। তাৰে পৰা আহি বিয়া কৰাবি; কিন্তু বিয়া কৰায়ে আমাৰ ঘৰতে ৰই যাব লাগিব। ছোৱালীক ঘৰ গছকাবলৈ বুলি হলে নিব নোৱাৰ”। বৰুৱাণীৰ এই কথাত মহীৰামে সেৱা কৰি কলে :— আই! আপুনিয়েই এই হতভগীয়াক সৰুৰে পৰা খুৱাই-ধুৱাই ডাঙ্গৰ কৰিছে আৰু, এতিয়াই মই যাক ভাল পাওঁ, তেওঁক দেউতাই সৈতে মোৰ হঁকে, হাই কাজীয়া