পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আতঁৰত৷ অশান্ত পাহাড়ৰ ওপৰত এটি সুন্দৰ মন্দিৰ দূৰৰে পৰা দেখি৷ অশ্বক্লান্তৰ নিচেই ওচৰতে পানীৰ মাজত আঁৰ পৰ্ব্বত ইফালে ৰজাদ্বাৰৰ পূবেও মণিকৰ্ণেশ্বৰৰ ওপৰত এটী মন্দিৰ৷ নৈৰ মাজত কছাৰি ঘাটৰ পোনে পোনে উমানন্দৰ পাহাড় আৰু তাৰ ওপৰত মন্দিৰ আৰু উমানন্দৰ দক্ষিণে নৈৰ মাজত উৰ্ব্বশী৷ উৰ্ব্বশীৰ দক্ষিণ পচিমত কৰ্ম্মনাশাৰ পাহাড়৷ কৰ্ম্মনাশাৰ উত্তৰ-পশ্চিমে আকৌ বৰ দমৰা সৰু-দমৰা নামে দুটা শিলো পানীৰ মাজত আছে৷ মণিকৰ্ণেশ্বৰৰ পূবে বৰনদী—উত্তৰৰ ফালৰ পৰা আহি ব্ৰহ্মপুত্ৰত পৰিছে৷ মণিকৰ্ণেশ্বৰৰ গাৰে পৰা উত্তৰৰ দীৰ্ঘেশ্বৰী পাহাড়লৈকে এটা ৰজাদিনীয়া বৰ ওখ গড় আছে৷ এই গড়টোক ৰংমহল গড় বোলে৷ দীঘলে প্ৰায় তিনি মাইল৷ গড় আৰু দীৰ্ঘেশ্বৰী পাহাড়ৰ সঙ্গম স্থলত এচটা বৰ ডাঙ্গৰ শিল আছে৷ এই শিল চটাকে পুষ্পভদ্ৰা বোলে৷ পুষ্পভদ্ৰাৰে পৰা সিফালে ছিলাৰ পাহাড়লৈকে আৰু এটা ওখ গড় আছে৷ ইও প্ৰায় তিনি মাইল দীঘল৷ এই গড়টোক মোমাইকটা গড় বোলে৷ গড়ৰ আৰু পাহাড়ৰ জোৰ থল ডোখৰক ছিলাৰ চকি বোলে৷ ইয়াতে আহোমৰ চকীয়াল আছিল আৰু কামৰূপীয়া মানুহে এই চকিৰ সিফালেহে নিশা থাকিব পাৰিছিল৷
 পশ্চিমে আমিনগাঁৱৰে পৰা আজ্ঞাঠুৰি পাহাড়ৰ কাষে কাষে যিটো আলি দলিবাৰি পছৰীয়া গাৱঁৰ মাজেদি