সমললৈ যাওক

পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰণুৱা অনাইছিল, তথাপি এতিয়া এই শিখ সকলক মাহে মাহে দৰমহা দিয়া আৰু ৰছদ দিয়া সমস্ত বোলা অকল হৰদত্তৰ মূৰতে পৰিল! হৰদত্তে পোনে প্ৰথমে বৰুৱা চৌধাৰী সকলক অনেক কাবৌ-মিনতি কৰি কিছু কিছু ৰছদ আৰু ধন আনি তাৰেই পাল মাৰিছিল। কিন্তু পিছত বৰুৱা চৌধাৰী সকলেও মাহে মাহে গুদগুদাব ধৰিলে। এনেয়ে আজি এই গত পাচ বছৰে আহোমে সৈতে বছৰি ৰণ কৰাত ঢেৰ কামৰূপীয়া প্ৰজা মৰিছে, খেতি খালা নষ্ট হইছে আৰু গত দুবছৰ শিখক মাহে মাহে দৰমহা দিয়াত হাতৰ কোঁচৰ ধনো গইছে; এতিয়া আকৌ মাহে মাহে শিখক খুৱাবলৈ আৰু দৰমহা দিবলৈ কামৰূপৰ বৰুৱা চৌধাৰী- সকলে টান পাব ধৰিলে। হৰদতে এই শঁকৰ বহাগৰ সাত বিহুৰ দিনাই আলচ যুক্তি হবলৈ বৰুৱা চৌধাৰী সকলক নিমন্ত্ৰণ কৰিলে। প্ৰায় দুভাগেই সেই নিমন্ত্ৰণলৈ নাহিল। যি এভাগ আহিছিল, সেই সকলেও জনালে বে তেওবিলাকে আৰু ধনেৰে সহায় কৰিবলৈ অক্ষম। বৰুৱা চৌধাৰী সকলে এই কথা কইয়েই নিজ নিজ ঘৰলৈ উলটিল। হৰদত্ত বৰুৱা কিংকৰ্ত্তব্য-বিমুঢ় হল। তেওঁ- বিলাক গুচি যোৱাৰ পিছত হৰদতে ভায়েক বীৰদত্তৰ সৈতে পৰামৰ্শ কৰিলে। তেওঁ বীৰদত্তক কলে, যে যেতিয়া কামৰূপীয়া বৰুৱা চৌধাৰী সকলে তেওঁক সহায় নকৰাত পৰিল আৰু ধনৰীয়া চৌধাৰীকে প্ৰমুখ্য কৰি দুই চাৰিজনে তেওঁৰ বৈৰীও হই উঠিল, এনেস্থলত তেওঁলোকৰ উচিত হল, যে তেওঁলোকে শিখ সকলক বিদায় দি বৰফুকনত আত্ম-সমৰ্পণ কৰিব লাগে, নতুবা কামৰূপ ৰাজ্য এৰি বিজনি বা বেহাৰ, বা ৰংপুৰ, এনেকুৱা ঠাইত গই আশ্ৰয় লব লাগে। হৰদত্তৰ এই পৰামৰ্শত বীৰদত্তে মান্তি নহই কলে—যে তেনেকুৱাটো সদ্যহতে কৰিব নোৱাৰি। বৰুৱা চৌধাৰীসকলেই মত দি এই শিখ অনাইছে যেতিয়া, তেতিয়া তেওঁবিলাকেই আৰু এবছৰ দুবছৰলৈ শিখক পোহ-পাল দি ৰাখিবই লাগিব। ব্ৰহ্মপুত্ৰ নৈ পাৰ হই গুৱাহাটীতে গই পাষণ্ড বৰফুকনটোক ধৰিবই লাগিব। যদি তেওঁ তাকে কৰিব নোৱাৰে, তেন্তে তেওঁ নিজেই আত্মহত্যা কৰিব। যুঁজ এৰি কাপুৰুষালী কৰিবলৈবীৰদত্ত জীয়াই নাথাকে। তেওঁৰ এই কথাত হৰদত্তে আকৌ কলে—যে “যি স্থলত কামৰূপীয়া বৰুৱা চৌধাৰী সকলেও তেওঁবিলাকৰ ধনেৰে আৰু ৰছদেৰেও সহায় কৰিবলৈ আগ নবঢ়াত পৰিল আৰু সেই