দন্দুৱা দ্ৰোহ/ঊনবিংশ অধ্যায়
[ ৯৮ ] ”বাছা হৰদত্ত! তই বহুত দুখ পাইছ। তোৰ কৰ্ম্মও শেষ হল। এই অসম ৰাজ্যত আৰু দহ বাৰ বছৰৰ পিছতে ভয়ঙ্কৰ বিপ্লব হব। আহোমৰ ৰাজ্য নাথাকিব। তই মোৰ
গুৰিলৈ সপৰিবাৰে আহিবি। ” এই কথা কইয়েই দেবী
অন্তৰ্দ্ধান হল। হৰদত্ত “দুৰ্গে দুৰ্গে দুৰ্গতি নাশিনী, ভব
ভয় হাৰিণী, তাৰিণী” বুলি সাৰ পালে। সাৰ পাই তেওঁ
ভাবিব ধৰিলে। ভাবি ভাবি পালে যে, তেওঁৰ কি,
তেওঁৰ ভায়েকৰো কোনো পুত্ৰ সন্তান নাই। আনকি
দুয়ো ভায়েকৰ ভিতৰতে অকল পদ্মকুমাৰীত বাজে আন
কোনো সতি-সন্তানেই নাই। সেই পদ্মকুমাৰীকে যেতিয়াই
পাত্ৰস্থা কৰিছে, তেতিয়াই তেওঁৰ সংসাৰ-বন্ধন তো এক-
প্ৰকাৰ ছিগিছেই। দেশৰ হঁকে তেও যথেষ্ট যুঁজ কৰিলে।
এই পৰিমিত তেওঁ কামৰূপীয়াৰ গৌৰব ৰক্ষা কৰিছে।
এতিয়া এই কামৰূপৰ বিষয়া আৰু প্ৰজা সকলেই যি স্থলত
তেওঁক ভাল নোপোৱাত পৰিছে আৰু আহোমে সৈতে
ৰণ কৰিবলৈ মান্তি নোহোৱাত পৰিছে, তেনে স্থলত তেওঁৰ
আৰু দেশৰ হঁকে আহোমে সৈতেও ৰণ কৰাৰ ওৰ পৰিছে।
এই ৰকমে ভাবি, এই কথাকে সাৰোগত কবি তেওঁ সেই
নিশাৰে পৰা ৰণ, বিগ্ৰহ, বিষয় ইত্যাদি সমস্তৰে ধান্দা
এৰি দিলে। মাথোঁন বীৰদত্তকে তেওঁ মাজে মাজে ক’ব
ধৰিলে:— “বাপা বীৰদত্ত! আহোমৰ সৈতে আমাৰ ৰণ
এৰাই ভাল। কামৰূপীয়া বৰুৱা, চৌধাৰী, প্ৰজা, সকলো
আমাৰ ওপৰত অসন্তুষ্ট হইছে; শিখ সকলে প্ৰজাক পীড়ণ
কৰিছে। ” বীৰদত্তে কলে:— “নহয় দাদা। এইবাৰ খৰালিৰ ৰণটো কৰি লওঁ। বাৰু, তাৰ পিছত যি হয় কৰা
যাব। ” হৰদত্তে ঘৈণীয়েকক এদিন কলে:— “মাইছানাৰ
মাক! আমি মাইছানা আৰু জোঁৱাই উভয়কে ধনৰালৈ
পঠিয়াই দি ৰণ-বিগ্ৰহ এৰি তীৰ্থলৈকে যাওঁ বলা। ”
ঘৈণীয়েকে কলে:—“আপুনি কি কথা কয়? মই
প্ৰাণটো গলেও জী জোয়াইক ধনৰালৈ পঠিয়াব নোৱাৰোঁ।
মোৰ অঙ্গীকাৰ এৰিব নোৱাৰোঁ। ঘৈণীয়েকৰ পৰাও
এনেকুৱা সমিধান পাই তেওঁ মনে মনে ৰল। যুঁজৰ ভাব
বীৰদত্ত, সংসাৰৰ ভাৰ ঘৈণীয়েকত অৰ্পি তেওঁ দিবা ৰাত্ৰি
দুৰ্গা নাম জপিব ধৰিলে। [ ৯৯ ] ইফালে এই ১৭৯৫ শকৰ আৰম্ভতে আমাৰ ৰজা
৺গৌৰীনাথ সিংহ স্বৰ্গী হল। অসমৰ ৰাজ পাটত কমলেশ্বৰ
সিংহ ৰজা হল। বুঢ়া গোহাঁই ৺ঘনশ্যাম পৰলোক হোৱাত
তেওঁৰ পুত্ৰ মহামতি ৺পূৰ্ণানন্দ বুঢ়া গোহাঁই হল।
৺কমলেশ্বৰ সিংহে ৰাজপাটত উঠি ৺পূৰ্ণানন্দ বুঢ়া গোহাঁয়ে
সৈতে আলচ যুক্তি কৰি বেছকৈ জানিলে যে ভাটীৰ দন্দুৱা
দ্ৰোহটোৰ গুৰিত বদনচন্দ্ৰ বৰফুকনৰ কামৰূপীয়া প্ৰজাৰ ওপৰত অত্যাচাৰ; আৰু ৰজা আৰু বুঢ়া গোহাঁই উভয়ে
এইটোও জানিলে যে বদনৰ নিচিনা বৰফুকনে দ্ৰোহটো
নিবাৰণ কৰিবলৈ অক্ষম। ইত্যাদি কাৰণে ৺কমলেশ্বৰ
সিংহ স্বৰ্গদেৱে বদন বৰফুকনক উজনিলৈ মাতি পঠিয়ালে
আৰু তেওঁৰ ঠাইত ৺কলীয়া ভোমোৰাক বৰফুকন পাতি
তেওৰ লগত ইউৰোপীয় ধৰণে শিক্ষিত পাঁচ শ অহোম
ৰণুৱা দি কামৰূপলৈ পঠিয়ালে। স্বৰ্গদেৱে ৺কলীয়া
ভোমোৰা বৰফুকনক দঢ়াই কলে যে তেও গই অতি শীঘ্ৰে
দ্ৰোহটো নিবাৰণ কৰিব লাগিব আৰু যদি যুঁজত নমৰি
হৰিদত্ত বৰদত্ত ধৰা পৰে, তেন্তে সিহঁতক শূলত দিব।
৺কলীয়া ভোমোৰা বৰফুকনে ৰজাৰ এই আদেশ লই
কামৰূপলৈ আহিল আৰু বহাগৰ মাহৰ ভিতৰতে গুৱাহাটী
পাই ৺বদন ববফুকনৰ পৰা যিমান দূৰ পাৰিলে কামৰূপৰ
ভিতৰুৱা অবস্থা সুধি-পুছি ললে।
বুৰঞ্জীত আছে যে কলীয়া ভোমোৰা বৰবিচক্ষণ,
ৰাজনীতিজ্ঞ আৰু তাৰ লগে লগে প্ৰায় লাচিত ফুকনৰে
নিচিনা বাহুবলী বীৰ আছিল। প্ৰবাদ আছিল, যে তেওঁৰ
গতি-বিধি এনেকুৱা আছিল যে তেওঁ কোন সময়ত কিদৰে
কাম কৰে তাক কেৱে আগতে হঠাতে জানিব নোৱাৰিছিল।
তেওঁ কামৰূপত ভৰি দিয়েই পোন প্ৰথমেই চোৰাংচোৱা
লগাই হৰদত্ত বীৰদত্তৰ গতি-বিধি লক্ষ্য কৰিবলৈ ধৰিলে।
ঠায়ে ঠায়ে কামৰূপীয়া দুই একজন বৰুৱা চৌধাৰী আৰু প্ৰজাৰে মনৰ ভাব লবলৈ ধৰিলে। শিখে জোৰ জবৰদস্তি
কৰি ৰছদ আৰু ধন উঠুৱাৰ বাবে যে কামৰূপীয়া বৰুৱা
চৌধাৰীৰ দুই চাৰিজন হৰদত্তৰ ওপৰত বিৰক্তি হইছিল
ইয়াকো জানি ললে। তাৰ পিছত তলে তলে [ ১০০ ] কেবাজনো
বৰুৱা চৌধাৰীক হাত কৰিলৈ তেওঁ হৰদত্তৰ বিৰুদ্ধে
যুঁজিবলৈ বল বান্ধি ৰল।
ইফালে আকৌ বৰুৱা চৌধাৰী সকলৰ পৰা সহায় নাপাই বৰং ঠায়ে ঠায়ে বৈৰীত আৰু বিৰূদ্ধ ভাব পাই বীৰদত্তেও মাহে মাহে কামৰূপীয়া বিষয়া সকলক শিখ লগোৱাই আৰু বেছিকৈ উৎপীড়ন কৰিবলৈ ধৰিলে। ইয়াতে কামৰূপীয়া অনেক বৰুৱা চৌধাৰীয়ে, বিশেষকৈ বিয়াত অপমান পাই থকা ধনৰীয়া চৌধাৰীকে প্ৰমুখ্য কৰি অনেকেই তলে তলে বৰ ফুকনৰ শৰণাপন্ন হবলৈ ধৰিলে। ৺কলীৰা ভোমোৰা বৰফুকনে বঢ়িয়াকৈ জানিলে যে হৰদত্ত বীৰদত্তৰ পতন অনিবাৰ্য্য। তেওঁ খৰালিৰ ৰণলৈ বিপুল আয়োজন কৰি ৰল।
ভাদ মাহ গাই আহিন পৰিল। বহাগৰে পৰা এই আহিন মাহলৈকে শিখ সকলে যিমান দূৰ পাৰিলে কাম- ৰূপীয়া প্ৰজাক লুটিলে। কামৰূপীয়া প্ৰজাইও ঠায়ে ঠায়ে দলবদ্ধ হই মাজে মাজে শিখ সকলক একো থেকচা দিলে। শিখৰ চৰ্দাৰ কুমেদানে দেখিলে যে সদায় প্ৰজাৰ ওপৰত অত্যাচাৰ কৰি দৰমহা আৰু ৰছদ লই থকাটো সহজ আক সুবিধাৰ কাম নহয়; সেইদেখি তেওঁ এইবাৰ আহিন মাহ পৰোতেই বীৰদত্তক কই তেওঁৰ শিখ ৰণুৱা সকলক লগত লই পঞ্জাবলৈ উলটিবৰ মন কৰি জিকেৰি এৰি পচিম মুখে খোজ ললে। শিখসকলক যাব বুলি খৱৰ শুনি উদ্যোগী কলিয়া ভোমোৰা বৰফুকনে চোৰাং-চোৱা পঠিয়াই, নল বাৰিতে শিখ সকলক চোৰাং-চোৱা আৰু চাঁদকুচীয়া বুজৰ বৰুৱাক লগোৱাই, হাজোৰ বাটেৰে পচৰীয়া দলবাৰী আৰু বংশৰলৈ আনি ব্ৰহ্মপুত্ৰ পাৰকৰাই গুৱাহাটীলৈ আনিলে, আৰু পঞ্জাবলৈ উলটি যাবলৈ নিদি নিজৰ ইওৰোপীয় ধৰণে শিক্ষিত পাঁচ শ আহোম ৰণুৱাৰ লগত ভূক্ত কৰি ললে। বেলতলা, লুকী, ডুমুৰীয়া ইত্যাদি ৰজা সকলৰ পৰাও চাৰি পাঁচ শকৈ ৰণুৱা আনি মুঠতে ১৫০০ পোন্ধৰ