মনাই।— কটা, গৰু! দান নহ’লে যে সমিধান দিয়ে। তইনো কি দান পাইছিলি? তোক পালে কিহে আজি?
টেটোন।—পাব লাগিছে কিহে আৰু, ওভোতগোৰৰ বুলিছাঁই নহয়।
মনাই।— হেৰ, ভিনীহিয়েৰে বাপেৰ ক’লৈ গ’ল বুলি সোধোঁতে তই কি বুলি ক’লি?
টেটোন।— ক’লোঁ বোলোঁ, বোপাই পতাল ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গৈছে।
মনাই।—দেখিছাঁ বাৰু এতিয়া!
টেটোন।— বোলোঁ, দেখিবলগীয়া বস্তু নহয়, কথা হে। ভিনীহিক কোৱা কথা মিছা জানো? তুমি হাল বাবলৈ নাই যোৱা জানো?
মনাই।— বাৰু, আন কাৰোবাৰ কথা সোধা নাই নে?
টেটোন।— কিয় নাই সোধা; আইৰ কথাও সুধিছিল, বাইটীৰ কথাও সুধিছিল।
মনাই।— তই পিছে কি ক’লি?
টেটোন।— মই সঁচা সঁচা কথা ক’লোঁ।
মনাই।— হেৰ, কি সঁচা কথা ক’লি?
টেটোন।— ক’লোঁ, বোলোঁ, আই সাদিনীয়া পঁইতা খুৱাই মৰা জীয়াবলৈ গৈছে, আৰু বাইটী সাগৰ চালি মাণিক তুলিবলৈ গৈছে।
মনাই।— বাৰু, চোৱাঁ এতিয়া।
টেটোন।— বোলো চাবলগীয়া বস্তু নহয়, কথাহে। আই ভুঁই ৰুবলৈ আৰু বাইটী জকাই বাবলৈ যোৱা নাই জানো?
মনাই।— বন্দী, বাঘৰ বুকুত যোৱা, আৰু কিবা সুধিছিল নে, তোক আজি ধুন্ দেখুৱাম বাপেৰে!
টেটোন।— আজিয়েই বা কাইলৈয়েই। কি ধুন্ দেখুৱাঁ, দেখুৱাবাঁ। যি হৈছিল তাকেহে কৈছোঁ। সঁচা কথা ক’লে খং উঠে যদি নকওঁ, কি আছে!