টেটোন।—(কাষলতি বজাই জঁপিয়ায়) আয়ুস, আয়ুস, এতিয়াহে মোৰ গাটি শুত্ লাগিছে। আজি এইপাটক এইদৰে নেখেদা হ’লে, মোৰ ফালে মৰঠী-পুঠী খৰিকাত দিয়াটি হৈছিল আৰু! (ভিনীহিয়েকলৈ চাই চাই) যোৱাঁগৈ, বেগাই যোৱাঁগৈ। ঘৰত চাগৈ ৰোহপাটিখনে বিৰহত বিনাব লাগিছে!
মনাই।— কি, অ, আপুটি, কি হ’ল? আজিচোন মনত বৰ ৰং?
টেটোন।— এৰা, ভিনীহিৰ খংচাট্ দেখি!
মনাই।— কি ভিনীহিয়েৰ আহি গ’ল নে কি?
টেটোন।— ওঁ, সৌটো নহয়, ভিৰাই বেগ্ ধৰিছে ঘৰলৈ।
মনাই।—কিয়? কিয়?
টেটোন।— কিয়? -পৰ্ব্বতখন যে থিয়।
মনাই।— এ, দুপৰীয়া খং তুলি ন’লবি দেই লৰাই। কি হৈছিল ভাঙ্গি নকৱ কিয়?
টেটোন।— ভাঙ্গিম কেনেকৈ আকৌ? হাতেৰে ধৰিব পৰা বস্তু হ’লেহে ভাঙ্গিব পাৰোঁ।
মনাই।— কটা, মই কি ওভত্-গোৰৰ ল’ৰাটো পালোঁ। এনে ল’ৰা হোৱাতকৈ নোহোৱাই ভাল। হেৰ, বোলোঁ, মোৰ কথা কিবা কৈছিলনে ভিনীহিয়েৰে?
টেটোন।— ও কৈছিল তো। সম্বন্ধত নাকটি ছিঙ্গি কৈছিল, বোলো “বাপেৰ ক’লৈ গ’ল?”
মনাই।— পিছে? - তই কি সমিধান দিলি?
টেটোন।—পিছে ময়ো দিলোঁ তাক দান চাই সমিধান যি দিব লাগে।