এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাৰু খং নুঠিব! কি কৰিম, এই ওভত-গোৰে নচা ল’ৰাটোৰপৰা মই নিৰুপায়। যাওক সি, ক’ত মৰে মৰকগৈ। মই যাওঁ ভিনীহিয়েকক বৰাই-বুজাই আকৌ মাতি আনোগৈ। যাওঁ।
(প্ৰস্থান)
(চম্পাৱতীয়ে ফুলনিৰ ফুল তুলি লৈ, মালা গাঁথিবলৈ বহি, গুণগুণকৈ বিয়া-নাম গায়)
পুখুৰীৰে চউপাশে খাগৰিৰে বেৰা,
ৰাম ৰাম খাগৰিৰে বেৰা।
দলি মাৰি পেলাই দিছে স্ফটিকৰে মালা,
ৰাম ৰাম স্ফটিকৰে মালা।।
* * * *
পুখুৰীৰ চউপাশে মৃগপহু চৰে,
ৰাম ৰাম মৃগপহু চৰে।
তাকে দেখি ৰামচন্দ্ৰে শৰ-ধনু ধৰে,
ৰাম ৰাম শৰ-ধনু ধৰে।।
ৰংদৈ।— এ, আই, আইদেৱেচোন অকলে অকলেই বিয়াখন পাতিছে! মই তেও আঁৰে আঁৰে শুনিহে আছিলোঁ। পিছে নামৰ মূৰৰ ফাঁকিকেচোন এৰিলে!