মনাই।—উঃ, উপায় নাই ইয়াৰপৰা! বাৰু ক, আৰু কি হৈছিল কৈ যা।
টেটোন।— আৰু, ভিনীহিয়ে কৈছিল, বোলে, বাপেৰ আহিলে ক’বি, তহঁতৰ বৰ চঁপা গছজোপা কাণমাৰিলৈ কাটি নিবলৈ আহিছিলোঁ, পিচে –
মনাই।— (হাঁহি মাৰি) পিচে, তই কি ক’লি?
টেটোন।— মই ক’লোঁ, বোলোঁ সিটি আশা এৰি দিয়াঁ ভিনীহি, আমাৰ দাঁত-খৰিকা কৰিবলৈ সেইজোপা গছ মই কাটোঁ কাটোঁকৈ হে আছোঁ।
মনাই।—(আপোনা-আপুনি) ইয়াৰ আটাইবোৰ পাক-লগা কথা! (ফুটাই) তাৰ পিচে?
টেটোন।— তাৰ পিচে, ভিনীহি দেখোন উচাট মাৰি গুচি গৈছেগৈ!
মনাই।— অ, কটা, ল’ৰাই ইমান অতপালি কৰ! বাপুৰে, ভিনীহিক এসাঁজ খুৱাবলৈ বুলি মাতি আনিছে, ভালকৈ মাতি-বুলি বহিবলৈ দিওঁ, সেইটো নাই, সি পেংলাই কৰি খেদি হে দিলে! কটা, এনে আপদীয়া ল’ৰা কেলেই লাগিছে! তই এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা। নহ’লে এই হালোৱা এছাৰিৰ কোবত তোৰ ধাতু উৰুৱাম আজি!
টেটোন।—বাৰু, মোৰ ধাতুটো উৰুৱাই তোমাৰটো ধাতু পাচত উৰুৱাবলৈ ৰ’ব নেলাগে! আমি বাৰু আপোন মনেৰেই ওলাই যাওঁ। তুমি জী-জোঁৱাই লৈয়ে থাকাঁ। ওলাই নগ’লে মোৰ কল্যাণ নাই বুলি ময়ো জানি লৈছোঁ। যাওঁ, কাৰোবাৰ জীৰ লগত মোৰো জোঁৱাই-যোৰা মিলিলে মিলিব পাৰে।
(গা কেহেলিয়াই কেহেলিয়াই টেটোনৰ প্ৰস্থান)
মনাই।— ভাল কৰিলে বন্দী বাঘেখোৱাই! ভিনীহিয়েকে চাগৈ বেজাৰ পাই হে গৈছে। যেনেবোৰ হে ভেঙ্গুচালিৰ কথা শুনিলোঁ, কাৰ নো