চম্পা।— মোৰ মনত নাই অ’, ৰংদৈ! মূৰৰ ফাঁকি নো কি আছিল?
ৰংদৈ।— এই ফাঁকি আছিল শুনক:—
আগত দিয়াঁ পাছত দিয়াঁ পাঞ্চ আয়তীয়ে,
ৰাম ৰাম পাঞ্চ আয়তীয়ে।
দুৰ্ব্বা ঘাটৰ পানী তোলে যশোদা সুন্দৰী,
ৰাম ৰাম যশোদা সুন্দৰী॥
চম্পা।— তোৰো ভাল মনত থাকে, ৰংদৈ।
ৰংদৈ।— মনত নাথাকিব কিয়, মই আওৰাই থৈছোঁ নহয়।
চম্পা।— কেলৈ নো আওৰাই থৈছ?
ৰংদৈ।— কেলৈ? ⸺বিয়ালৈ।
চম্পা।— কাৰ বিয়ালৈ অ’, ৰংদৈ?
ৰংদৈ।— মই যাৰে বান্দী, তাৰে বিয়ালৈ।
চম্পা।— হেঁই এই জনি! ⸺গুচ্ ইয়াৰপৰা।
ৰংদৈ।— আও! নামৰ ভাগ ল’লেও দায় লাগেনে? নেলাগে বাৰু নামৰ ভাগ, যোজনা এটাকে দি থওঁ,— “বাঁহৰ আগত বগলী নাচে, আমাৰ আইদেউৰ বিয়ালৈ এদিন-এবেলা আছে।”
চম্পা।— এই লেবীজনীয়ে কিখন বলকে! থাক্ তই তোৰ যোজনা লৈ। (চাঁত্কৰে আঁতৰি গুচি যায়)
ৰংদৈ।—এ, আই ৰং কৰোঁতে খঙেই উঠিল হ’বলা। যাওঁচোন, আকৌ ৰং লগাবলৈ চাওঁগৈ।
(প্ৰস্থান)