ধনাই।— (জ্বলি উঠি) ঔ, কটা, বিটলিয়া সোলা। তই আকৌ কি চেলাবলৈ আহিছ? ঘৰলৈ মাতি নি, পিতেৰৰ হতুৱাই যি জলপান খুৱালি সেয়ে আটিছে, আকৌ বাপেৰটোও খেদি আহিছ ইয়ালৈকে নহয় নে? মই উলটি জলপান নৌ খুৱাওঁতেই ভালো ভালে আঁতৰি গুচি যা এতিয়াই।
মনাই।— এ, বোপাই, কিয়নো খং কৰ। সেইটো তোৰ ভায়েৰ নহয় জানো? নজনা ল’ৰাৰ কথাতে নো লাগিব লাগে নে?
ধনাই।— এৰা, নজনা ল’ৰা,—পানীকেঁচুৱা!
মনাই।— বাৰু, খুলশালিয়েৰ ল’ৰা নহয়, যেনিবা বুঢ়া। এতিয়া মোলৈ চাই তাৰ কথা এৰি পেলা বোপাই! বল, বল, শাহুৱেৰে বাটলৈ চাই হে আছে চাগৈ।
ধনাই।— আকৌ শাহুৰ কথা? জুইত ঘিঁউ ঢালি নলবি দেই এতিয়া। জীয়েকতে পাইছোঁ শাহুটীৰ কথা! তহঁতৰ বাপেৰ চাই পিতেৰ, আৰু মাক চাই জীয়েক, ৰজিতাখাই মিলিছে। বিধতাই একেখন সাঁচতে ভাল মাৰিলে তহঁত চাৰিওকো। যা, যা, জীয়েৰ নে মাৰ সেই জনীক পঠিয়াই দেগৈ এতিয়াই। নহলে, মই যাবলৈ পালে, তাৰেপৰা চুলিত ধৰি চোঁচোৰাই আনিমগৈ।
মনাই।— এৰা, ভালক ভালে নেপায় নহয়।
ধনাই।— (জাঁপমাৰি উঠি) ঔ, কটা, লাপুং! ইমানত আকৌ বোলে ইহে ভাল, মইহে বেয়া; হেৰ, গঁতাত মূৰ নৌ ছিগোতেই গুচি যা এতিয়াই ইয়াৰপৰা।
মনাই।— (আটিমুটি কৰি) অ, কটা, চল পাই কুকুৰে দেখোন গললৈকে জঁপিয়াৱ। চকুচাওঁতেই ইয়াতে তাও কৰিব পাৰোঁ বুলি জনা নাই নে?