পৃষ্ঠা:টেটোন তামুলী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় পট,—
ধনাইৰ আগচোঁতাল।

ধনাই।— (অকলে ) উঃ কটা, ল’ৰাটোৰ ভেঙ্গুচালিখন! কটা, ওঁঠ চেপিলে গাখীৰ ওলোৱা কালিৰ ফুকলীয়া ল’ৰাটোৰ কেনে আঁহে আঁহে কথা! নহব নো কেলেই, —যেনে বাপেকি, তেনে পোৱালি। বাপেকপাটো সেই; বাপেকৰ চালত হে পিতেক চলে। মোক মাতি নি এই দৰে লঘু কৰাটো বাপেকৰ বুধি নহলে নো ফুকলীয়া ল’ৰাই ইমানবোৰ কথা ঢুকি পায় নে? আৰু মাকজনীও হব পায় সেই একে গছৰে পাণ। জীয়েকতে তাৰ পৰিমাণ পাইছোঁ নহয়। সেই দিনা দুপৰীয়া পথাৰৰপৰা আহি খকা-খুন্দাকৈ শুদা ভাতগৰ্হা গিলোঁতে টেঁটুত লাগি মৰোঁ আৰু। তথাপি তাই জানো কৈ দিলে, পানী এঢোকা পি দিয়া বুলি। সেই হে কয়, বোলে, “টিক্‌ বলধা, ওলাই মাটি; মাক ভালে হে জীয়েক জাতি।” মই যেনিবা নুগুণি-নেমেলি ভাল গলগ্ৰহটো চপাই ললোঁ!

      (মনাইৰ প্ৰৱেশ)।

মনাই।— (আঁতৰৰপৰা) এঃ দেহি! ল’ৰাটিয়ে বৰ বেজাৰ পাই আহিল। বেজাৰ পাবৰ কথাও হয়, বাঘেখোৱা ল’ৰাটোৰ কথাত মোৰ খং-বেজাৰ গৈ মুৰত উঠিছিল। হেজাৰৰ হওক, পৰৰ ল’ৰা; পৰৰ তিতা মাত কেনেকৈ সহিব! সেইবোৰ বাৰু এৰিছোঁ। এতিয়া; মই আগবাঢ়ি আহি কিন্তু ভাল কৰিলোঁ। নহ’লে, আকৌ উপ্যাচি আমাৰ ঘৰলৈ যাবলৈ লৰাই বেয়া পালেহেঁতেন। এতিয়া মই মিঠামুখেৰে দু-আষাৰমান ক’লেই পাহৰি যাৰ আটাইবোৰ কথা। (ফুটাই) এ, বোপাই, ঘৰলৈ গৈ আকৌ গুচি আহিলি নো কিয়?