পৃষ্ঠা:টেটোন তামুলী.pdf/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


(ধনাইৰ প্ৰবেশ)

টেটোন।— আও। ভিনীহি, তুমি বহুত দিন জীবাঁ দেও।

ধনাই।—হেৰ’, কি হ’ল অ’? কোনখন মঙ্গলত নো পালি, মই বহুত দিন জীম বুলি?

টেটোন।— এ, মঙ্গল নহয়, ভিনীহি, মানুহৰ নাম লওঁতেই ওলালেহি হেনো তাৰ আয়ুস বাঢ়ে।

ধনাই।—অ’, তই তেন্তে মোক চৰ্চ্চি হে আছিলি হ’বলা?

টেটোন।— সঁচা, তোমাক লৈয়ে নিতৌ মোৰ চৰ্চা বাঢ়িছে হওঁতে।−− ঘাইকৈ আজি, −− এইবেলা।

ধনাই।— তোৰনো কি ভাগৰ ভাতগাল খালোঁ অ’ তাকে যে চৰ্চ্চি থাক?

টেটোন।—এ, ভাগৰ ভাত হে বুলিছাঁ, তাৰ লগতে মাছকেটাও যে। ভাততকৈ মাছৰটো ভাবনা হে আগ হৈছে।

ধনাই।—বাৰু, তোৰ ভাত-মাছ খোৱা কথাখন থ’ এতিয়া। কচোন, বাপেৰ ক’লৈ গ’ল?

টেটোন।—(আপোনা-আপুনি) আও। “বাপেৰ!” শহুৰ বুলিবলৈ ‘বৰ মানুহৰ বেটাৰ’ লাজ লাগে! বাৰু শিকাম বাপেৰে ময়ো, ৰবি।’ (ফুটাই) এ, ভিনিহি বোপাই পতাল ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গৈছে।

ধনাই।— (আপোনা আপুনি) উঃ, কটা, ভাল কথা সুধিলে আকৌ ই পেংলাই হে কৰে! (ফুটাই) বাৰু, বাপেৰৰ কথা বুজিলোঁ, হেৰ’, মাৰ গ’ল ক’লৈ’?

টেটোন।—(ভোৰভোৰাই) উস! শাহু বুলিবলৈকো লাজ। মোৰ আইক শাহু বুলিলে ই ৰজাৰ কোঁৱৰটো সৰু হ’ব। বাৰু, চাম বাপেৰে কিমান উধাব পাৰ। (ফুটাই) এৰা, ভিনীহি, আয়ো নাই। আই সাদিনীয়া পঁইতা খুৱাই মৰা জীয়াবলৈ গৈছে।