পৃষ্ঠা:টেটোন তামুলী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধনাই।— (চোঁচা লৈ) হয় নে লাপুং! তোৰ ইমানটো পিত্ নে? হেঁচা এটাৰ বহত নহবি বলা।

মনাই।— কটা, গোলামৰ ল’ৰা, বন্দী কটা? খোপে খোপে চৰি হে গৈছ দেখোন! কটা, গছকি পেটু কাৰিব দিছ নে বাপেৰে? (খেদা মাৰি যায়)।

ধনাই।— (চোঁচা লৈ) সঁচাই নে বন্দী, সোলা বান্দৰ। বৰকৈ অতপালি কৰচোন! (দুইৰো দৰাৰবৰিত মনাই তলত পৰে।)

মনাই।— (লৰালৰিকৈ উঠি) বাৰু, তই থাক, দেখুৱাম মই বাপেৰ কেনেটো। (উচাৎ মাৰি গুচি যায়)।

ধনাই।— (মুখ বিদৰাই) বাৰু, যোৱাঁ, আমাক বৰশীত দিবাগৈ নি! তালৈকে অমুকাই ভয় কৰিছোঁ! (একে চাবে ভিতৰলৈ সোমাই যায়)।


প্ৰথম অঙ্কপাত।

—○○|○|○○—