সমললৈ যাওক

চিন্তা-কলি/জীৱনৰ অমিয়া

ৱিকিউৎসৰ পৰা

জীৱনৰ অমিয়া

[ ২২ ]
 
জীৱনৰ অমিয়া।

ৰমণ্ডলীৰ ভিতৰত ওন্দোলোৱা মুখ অনেক আছে, ইহঁত বেজাৰৰ দৃশ্যমান চিত্ৰ, ইহঁতক বেজাৰৰ কলীয়া ডাৱৰে সততে আৱৰি থাকে। বেজাৰ এই শ্ৰেণী মানুহৰ প্ৰাণবায়ু, বেজাৰ সিহঁতৰ জীৱনৰ গতি। দেহত প্ৰাণ থাকে মানে সিহঁতৰ মনোৰাজ্যৰ পৰা বেজাৰৰ আমোল নুঠে। পৃথিৱীৰ কোনো বস্তুৱেই মনৰ ডাৱৰ কাটি সিহঁতৰ আন্ধাৰ মুখ পোহৰাব নোৱাৰে। সকলো বস্তুতে আৰু সকলো কথাতে সিহঁতে কেৱল বেজাৰৰহে কাৰণ দেখে। সিহঁতৰ বিবেচনাত পৃথিৱীৰ সুখবিলাক ভুৱা, দুখবিলাক আচল। সিহঁতৰ মতে মধুৰ মাধুৰী মিছা, ফুলৰ লাৱণ্য মিছা, মলয়াৰ স্নিগ্ধতা ফাঁকি, পুত্ৰ কন্যা ফাং, লাসবেশ বলিয়ালী, আৰু আনন্দ উৎসৱ উদ্ভণ্ডালী মাথোন। সিহঁতে নিৰানন্দক জীৱনৰ সাৰ আৰু বেজাৰক জীৱনৰ গতি বুলি বিবেচনা কৰে। সেই দেখি ইয়াক পৰিহাৰ কৰি যি বিলাকে আনন্দ মনেৰে সংসাৰত আয়ুস সম্ভোগ কৰে, তাক সিহঁতে বাতুল বুলি ঘিণায়। সিহঁতে হাঁহিৰ অমিয়া, বা গীতৰ লয় গ্ৰহণ কৰিব নোৱাৰে। সিহঁতৰ চকুত হাঁহিৰ চিত্ৰ কদাকাৰ, সিহঁতৰ মনত গীতৰ সুৰ কঠুৱা। সিহঁতে ভাবে যে ঈশ্বৰে ধেমালি কৰিবলৈ বা খং পলুৱাবলৈ এই সংসাৰ স্ৰজন কৰি তাত নৰ জাতিক জুলুকি-জুলুকিকৈ যাতনা ভূঞ্জাইছে। [ ২৩ ] সিহঁতৰ বিবেচনাত পৃথিৱী এখন বন্দীশাল, আৰু জীৱনটো কেৱল শাস্তি। এই বিশ্বাস পোষণ কৰি এই বিধ মানুহে চিৰকাল অসুখত জীৱন কটায়। ইহঁত নিজেই নিজৰ বৈৰী, আৰু আনৰ পক্ষেও কণ্টক স্বৰূপ। ইহঁতে নিজেও আনন্দ অমৃতৰ পৰা বঞ্চিত হয় আৰু আনকো বঞ্চিত কৰে। ইহঁতৰ নিৰানন্দৰ ডাৱৰে ঘৰৰ ঘৰোৱাহ সকলোকে আৱৰি থাকে, আৰু ওচৰ চুবুৰীয়ালৈকো বেঙ্গা মেলে।

 পৃথিৱীত আৰু এক শ্ৰেণীৰ মানুহ আছে সিহঁতে মুখ ওন্দোলাই নাথাকে। সিহঁতৰ মুখ বিকসিত কমলৰ নিচিনা সদায় উজ্বল, সদায় প্ৰফুল্ল। সিহঁতৰ চকুত তৃপ্তিৰ জেউতি, আৰু মুখত আনন্দৰ ৰশ্মি, সদায় জিলিকি থাকে। বেজাৰৰ ডাৱৰে সিহঁতৰ মুখৰ জেউতি কমাব নোৱাৰে। সিহঁতৰ বিবেচনাত বসুন্ধৰী সুখৰ আলয়, সুখময় বিলাসৰ কানন। সিহঁতৰ মনত গৰলো মধুৰ, আৰু কাঁইটো কোমল। সংসাৰৰ দুৰ্ঘটনাৱলী সিহঁতৰ মনত আহিনৰ মেঘ, ক্ষণে আহে, ক্ষণে যায়, মনৰ ওপৰত কেতিয়াও যুগমীয়াকৈ থিতাপি হব নোৱাৰে। এই শ্ৰেণীৰ মানুহবিলাক পৃথিৱীৰ মঙ্গলমলয়া। সিহঁতে নিজেও সন্তোষ মনেৰে সংসাৰত জীৱন বঞ্চে, আৰু আনৰ প্ৰাণতো সন্তোষৰ বা দিয়ে। ইহঁতে মানুহক সংসাৰৰ কাঁইটীয়া বননিৰপৰা সুকোমল সুগন্ধি কুসুম তুলিবলৈ শিকায়, ভয়ঙ্কৰ উচ্ছৃঙ্খল সমুদ্ৰৰ পৰা বহুমূলীয়া মণি-মুক্তা তুলিবলৈ শিকায়, আৰু সংসাৰৰ শোক-সন্তাপ আদি জ্বলন্ত [ ২৪ ] বহ্নিৰ তাপ শীতল কৰিবলৈ শিকায়। ইহঁতে সংসাৰৰ আলৈ-আহুকাল বা জীৱনৰ আপদ আপালি একোলৈকে কাণ নকৰে। ইহঁত এবিধ গূঢ় মন্ত্ৰৰ গৰাকী, সেই মহামন্ত্ৰ প্ৰয়োগ কৰি সিহঁতে সাংসাৰিক শঙ্কা, দুশ্চিন্তা, দুৰ্ভাবনা আদি বেজাৰৰ হেতুবোৰ বিনাশ কৰে। ইহঁতৰ নিজৰ মন সদায় উৎসৱময়. আৰু সৎসৰ্গবাসীৰ মনকো উৎসৱময় কৰে।

 এই দুই শ্ৰেণী মানুহৰ ভিতৰত প্ৰথম শ্ৰেণীৰবিলাক অধম আৰু শেষৰ শ্ৰেণীৰবিলাক উত্তম। প্ৰথম শ্ৰেণীৰবিলাকে সংসাৰৰ তত্ব নুবুজি, তাৰ কেৱল দুখখিনি সংগ্ৰহ কৰে, কিন্তু শেষৰ শ্ৰেণীৰবিলাকে সংসাৰৰ আচল মৰ্ম্ম পৰিগ্ৰহ কৰি, সুখখিনি সংগ্ৰহ কৰে। সুখগ্ৰাহীবিলাকে নিজৰ জ্ঞান বুদ্ধিৰ চিনাকি দিয়ে, দুখগ্ৰাহীবিলাকে দুৰ্ঘোৰ মূঢ়তাৰ চিনাকি দিয়ে। সুখগ্ৰাহীবিলাকে সংসাৰৰ মঙ্গল অৰুণ, দুখগ্ৰাহীবিলাক অমঙ্গলৰ ডাৱৰ। বেজাৰ এটা দুৰৱস্থাৰ চিন, দুৰৱস্থা আঁতৰ হলে, বেজাৰো লয় হয়। কিন্তু দুখগ্ৰাহী ডাৱৰীয়া মনৰ বেজাৰ দুৰৱস্থাৰ চিন নহয়। তেনেকুৱা মনত ডাৱৰ উদয় হবলৈ কোনো দুৰৱস্থা বা দুৰ্ঘটনাৰ আলম নালাগে তাত ডাৱৰ আপোনা-আপুনি উদয় হয়। সিহঁত মৌ-পোকতকৈও অধম। মৌৱে দুৰ্গম কাঁইটনীত প্ৰবেশ কৰি কাঁইটৰ থোপাৰ মাজত, কাঁইটীয়া বেটুত ফুলি থকা ফুলৰ পৰা অমৃতময় মধু সংগ্ৰহ কৰে, কিন্তু সিহঁতে মনুষ্য হৈও সংসাৰৰ কাঁইটনি জয় কৰি তাৰ সুখ-মধু গ্ৰহণ কৰিব [ ২৫ ] নোৱাৰে। যি সুপুৰুষ সি বাহু বলেৰে সংসাৰৰ কাঁইট চোঁৰাত নিৰ্যাতন কৰি ওপৰ উঠে। সিহঁতে বিপদৰ বিকট মূৰ্ত্তি দেখি ভয় নাখায়। সিহঁতে বিপদেৰে সৈতে লুকালুকি খেদে, সঙ্কটক নচুয়ায়, আৰু শোক তাপ আদি তীক্ষ্ণ কাঁইট- বোৰ মষিমূৰ কৰি সংসাৰত পৰমানন্দে কাল কটায়। আনন্দ জীৱনৰ অমিয়া, ইয়াক নেওচন দি যি বেজাৰ গৰলক সাবটি ধৰে, তাক কেতিয়াও বুদ্ধিমান বা সুপুৰুষ বুলিব নোৱাৰি। বনৰ পশু, আকাশৰ পক্ষী, কি পানীৰ মাছ, সকলোৱে এই বিনন্দীয়া সংসাৰত জীৱনৰ অমিয়া উপভোগ কৰে, কেও বেজাৰত বুৰ দি কাল নকটায়। তেনেহলে শ্ৰেষ্ঠ প্ৰাণী মনুষ্য কি কাৰণে এই উপভোগৰ পৰা বঞ্চিত হয়? ক্ষীণজীৱী পশু-পক্ষীয়ে যি মন্ত্ৰৰ বলত নিৰানন্দ বিনাশ কৰি আনন্দৰ ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে, সেই মন্ত্ৰ মনুষ্যৰ পক্ষে দুৰ্লভ নে? কদাপি দুৰ্লভ নহয়।

 কৰ্ত্তব্য-পালন নিৰানন্দনাশী মহামন্ত্ৰ। এই মন্ত্ৰেৰে পশু- পক্ষী আদি সংসাৰৰ প্ৰাণীবোৰে নিৰানন্দ বিনাশ কৰে। এই মন্ত্ৰ লাভ কৰিবলৈ অভিলাষ কৰিলে মহাগুৰু কৰ্ত্তব্যত শৰণ লব লাগে। এওঁৰপৰা যি মন্ত্ৰ লাভ কৰা যায়, তাৰ প্ৰয়োগত আনন্দৰ প্ৰৱল বৈৰীবিলাক সেও হয়, আৰু বিপদ সঙ্কট সকলো জঁই পৰে। এই মন্ত্ৰৰ গুণত মানুহে পোতা- শালতো হাঁহিৰ অমিয়া ভুঞ্জিবলৈ পায়। আৰু মৰণৰ জীয়াতুৰে হাতালি খেদিবলৈ সক্ষম হয়। কৰ্ত্তব্য-পালন নিৰানন্দ ডাৱৰনাশী [ ২৬ ] দুৰ্জ্জয় অস্ত্ৰ, ই মনৰ ডাৱৰ খণ্ড খণ্ড কৰি তাত আনন্দৰ জেউতি ঢালে। কৰ্ত্তব্য-পালন বিশ্ব-ব্ৰহ্মাণ্ডৰ মেৰুদণ্ড, ইয়াক আশ্ৰয় কৰি এই বিৰাট বিশ্ব অনন্তকাল চলিব লাগিছে, এক পলক ইয়াৰ অভাৱ ঘটিলে তৎক্ষণাৎ বিশ্বত প্ৰলয় মিলিব। বিশ্ব এটা প্ৰকাণ্ড যন্ত্ৰ বিশেষ, আৰু তাৰ বস্তু বিলাক সেই যন্ত্ৰৰ একোটা অঙ্গ। প্ৰত্যেক অঙ্গই নিজ নিজ কৰ্ম্ম কৰি থাকে মানে বিশ্ব সুকলমে চলি থাকিব, কিন্তু এটা অঙ্গই তাৰ ভাগত ত্ৰুটী কৰিলে সেই মুহূৰ্ত্ততে লয় হব। বিশ্বৰ গৰাকীয়ে আদিতে বিশ্বৰ প্ৰত্যেক বস্তুকে একোটা বিশেষ বিশেষ কৰ্ম্মত নিয়োজিত কৰিছে। যি অঙ্গ যি কৰ্ম্মত নিয়োজিত হৈছে, সেয়েই সেই অঙ্গৰ কৰ্ত্তব্য কৰ্ম্ম। চন্দ্ৰ, সূৰ্য্য, গ্ৰহ, নক্ষত্ৰ, মেঘ, বায়ু, জল, অগ্নি আদি সকলোবোৰ বিশ্ব-যন্ত্ৰৰ অঙ্গ। সিহঁতৰ প্ৰত্যেকৰেই একোটা বিশেষ কৰ্ম্ম আছে, আৰু সেই কৰ্ম্ম সিহঁতে অকপটে কৰিব লাগিছে। সিহঁতৰ যুটীয়া কৰ্ম্মৰ গুণতহে বিশ্ব তিষ্ঠিবলৈ সক্ষম হৈছে। সিহঁতে যদি এক মুহূৰ্ত্তলৈ কৰ্ত্তব্য অৱহেলা কৰে, তেনেহলে এই বিনন্দীয়া বিশ্ব একেতিলে ছাঁ-বাজীৰ ছাঁৰ নিচিনা অন্তৰ্দ্ধান হব। তেতিয়া এই গভীৰ সাগৰ, শুৱনী নদী, আৰু ৰূপহী কানন নাথাকিব, তেতিয়া কবিৰ কল্পনা উদগাবলৈ বননিত মনোৰম ফুল নাথাকিব, বৈজ্ঞানিকৰ গবেষণা জগাবলৈ বিতোপন বিদুলী নাথাকিব। বৈজ্ঞানিকৰ নাম নুমাব, কবিৰ বংশ ধ্বংস হব। মনুষ্য, পশু, পক্ষী, কীট, পতঙ্গ আদি [ ২৭ ] প্ৰাণীবোৰৰ লীলা শেষ হব। চন্দ্ৰ সূৰ্য্যই কৰ্তব্য-লঙ্ঘন কৰিলে যে বিশ্ব নষ্ট হব, এনে নহয়, সিহঁত নিজেও লয় হব। কৰ্ত্তব্য-পালন সিহঁতৰ প্ৰাণ-বায়ু, তাৰ অভাৱ হলে সিহঁতে প্ৰাণ ধৰিব নোৱাৰে। কৰ্ত্তব্য-পালন কৰি বিশ্বৰ বস্তুবোৰে নিজৰ শৰীৰ আৰু বিশ্ব উভয়কে ৰক্ষা কৰিছে।

 সমস্ত বিশ্ব সম্বন্ধে যিৰূপ ব্যবস্থা, প্ৰাণী-জগত সম্বন্ধেও সেইৰূপ ব্যৱস্থা। প্ৰাণী-জগততো কৰ্ত্তব্য-পালনেই জগত স্থিতিৰ গৃঢ়তম হেতু। জগততো প্ৰত্যেক প্ৰাণীৰ জীৱনৰ নিৰ্দ্দিষ্ট কৰ্ম্ম আছে। যেতিয়ালৈকে সিহঁতে নিজ নিজ কৰ্ম্ম কৰি থাকে, তেতিয়ালৈকে জগত সুকলমে চলি থাকিব, আৰু সিহঁতো কুশলে থাকিব। বিশ্ব যেনে চন্দ্ৰ আদি গ্ৰহ উপগ্ৰহ কৰ্ত্তব্য-পালনৰ গুণত তিষ্ঠিছে, জগতো তেনে প্ৰাণীসমূহৰ কৰ্ত্তব্য-পালনৰ গুণত তিষ্ঠিছে, আৰু গ্ৰহ উপগ্ৰহসকলে যেনেকৈ কৰ্ত্তব্য-পালন কৰি বিশ্বত কুশলে আছে, প্ৰাণীসমূহেও সেইদৰে নিজ নিজ কৰ্ত্তব্য-পালন কৰি বিশ্বত কুশলে আছে। পশু, পক্ষী, কীট, পতঙ্গ আদি প্ৰাণীবোৰে সততে নিজ নিজ কৰ্ত্তব্য কৰ্ম্ম সম্পাদন কৰি জগত সুখময় কৰিছে, আৰু নৃত্য কৰি পৰমানন্দে আয়ুস ভোগ কৰিছে।

 মনুষ্য সমাজো এটা বৃহৎ যন্ত্ৰৰ নিচিনা, আৰু প্ৰত্যেক মনুষ্য সেই যন্ত্ৰৰ একোটা অঙ্গ বিশেষ। যিমান দিন এই অঙ্গবিলাকে নিজৰ কৰ্ত্তব্য কৰ্ম্ম কৰি থাকে, সিমান দিন সমাজ সুকলমে চলি থাকে, যেতিয়া কোনো এটা অঙ্গই তাৰ [ ২৮ ] কৰ্ত্তব্য কৰ্ম্মৰ ক্ৰটী কৰে, তেতিয়া সমাজত বিভ্ৰাট উপস্থিত হয়, অৰ্থাৎ সমাজশৃঙ্খলাত আউল লাগে। মনুষ্যৰ কৰ্ত্তব্য, সৎ হোৱা, জ্ঞান-বুদ্ধি উপাৰ্জ্জন কৰি নিজৰ উন্নতি, আৰু আনৰ উপকাৰ কৰা, পিতৃ-মাতৃ, আৰু পুত্ৰ-কন্যা আদি নিজৰ পৰিয়ালক পালন কৰা, ওচৰ চুবুৰিয়া বন্ধু-বান্ধৱক সহায় কৰা, আৰু হিংসা কপট পৰিত্যাগ কৰি সকলোৰে সৈতে মিলি থকা। এইবোৰ কৰ্ত্তব্যৰ ক্ৰূটী কৰিলেই সমাজত শৃঙ্খলাৰ অভাব হয়। দৰিদ্ৰতা, দন্দ্, অশান্তি, ভয় আদি অনৰ্থবোৰ কেৱল কৰ্ত্তব্য কৰ্ম্মৰ ক্ৰটীৰ ফল। এজনৰ কৰ্ত্তব্যৰ ক্ৰটীৰ পৰা যে কেৱল আনৰহে অপকাৰ হয় এনে নহয়, যি ত্ৰুটী কৰে তাৰো আত্মাত আঁৰ লাগে। সি সংসাৰ বিহ যেন দেখে, আৰু অৱশেষত নিৰানন্দৰ ডাৱৰে তাক আৱৰি ধৰে। যাৰ স্বভাৱ সৎ, যি নিজৰ কৰ্তব্য কৰ্ম্মত ত্ৰুটী নকৰে, যাৰ হৃদয়ত হিংসা, কপট, অহঙ্কাৰ আদি কাঁইটীয়া লতাই শিপাব পৰা নাই, যি এলাহ পৰিহাৰ কৰি কায়িক শ্ৰমেৰে নিজৰ উন্নতি আৰু আনৰ উপকাৰ সাধিব পাৰিছে, তাৰ মনৰ ওপৰত ডাৱৰ থিতি নহয়, তাৰ মন সন্তোষৰ সঁফুৰা, মুখ জেউতিৰ দাপোণ, কণা উৎসাহৰ গভীৰ উদগনি। সংসাৰ এখন প্ৰকাণ্ড যুদ্ধক্ষেত্ৰ, আৰু কৰ্ত্তব্য-পালন এখন প্ৰধান অস্ত্ৰ। এই অস্ত্ৰেৰে মানুহে যুদ্ধত জয়ী হৈ মহা আনন্দে নৃত্য কৰি জীৱন নিয়ায়। যি জনে কৰ্ত্তব্যৰ ক্ৰটী কৰি সেই মহা অস্ত্ৰৰপৰা বঞ্চিত হয়, সি যুদ্ধত হাৰে, আৰু আনন্দৰ সলনি বেজাৰ তাৰ জীৱনৰ [ ২৯ ] সাৰ হয়। তাৰ মুখ সততে ওন্দোলা আৰু মন সততে বিমৰিষ।

 স্বভাৱত সৎ হোৱা, বা বিদ্যা-বুদ্ধি উপাৰ্জ্জন কৰা মনুষ্যৰ যেনে কৰ্ত্তব্য কৰ্ম্ম, পৰিমিত ৰূপে শয়ন ভোজনাদি কৰাও তেনে কৰ্ত্তব্য কৰ্ম্ম। প্ৰথম বিধ কৰ্ত্তব্যৰ ক্ৰটী কৰিলে যেনে আত্মাত আউল লাগে, শেষৰ বিধ কৰ্ত্তব্যৰ ক্ৰটীৰ কৰিলেও তেনে দেহত আউল লাগে। দৈহিক আউলেই ৰোগ। ৰোগ নিৰানন্দৰ এটা ঘাই হেতু। ভগ্নদেহীৰ জীৱন কেৱল অসুখৰ সোঁত। মানুহে শয়ন ভোজনাদি কৰ্ত্তব্য কৰ্ম্মত হ্ৰস্ব দীৰ্ঘ ক্ৰটী কৰি শৰীৰত ৰোগ জন্মাই লয়। ৰোগ আনন্দৰ পৰম বাধক। জুই পানীৰ যেনেৰূপ সম্বন্ধ, ৰোগ আৰু আনন্দৰ সেইৰূপ সম্বন্ধ। যি দেহত ৰোগৰ বাস, আনন্দ তাৰপৰা দূৰতো বিদূৰ হয়; কিন্তু কৰ্ত্তব্য পালন মন্ত্ৰৰে এই পৰম বৈৰীকো মষিমূৰ কৰিব পাৰি! আনন্দ, দেহ আৰু মনৰ লয়ৰ অমৃত ফল। শৰীৰৰ অঙ্গবোৰ পৰস্পৰ লনী বা মানী হলে যেনেকৈ ৰূপৰ উদ্ভৱ হয়, সেইদৰে শৰীৰ আৰু মন উভয়ে মানী হলে আনন্দৰ উদ্ভৱ হয়। শৰীৰ আৰু মনৰ মানী ভাৱ থাকে মানে তাৰ অমৃত ফল দেখা যায় সেই ভাব ভঙ্গ হলে ফলো নাইকিয়া হয়। কৰ্ত্তব্য-পালন এই অমিয়া প্ৰসবিনী মানী ভাৱৰ ৰক্ষা কবচ।

 পৃথিবীত আৰু এক শ্ৰেণীৰ মানুহ আছে। সিহঁতে কৰ্ত্তব্য-অকৰ্ত্তব্য একো নুবুজে। সিহঁতৰ পিতৃ-মাতৃয়ে কষ্টত [ ৩০ ] জীৱন বঞ্চে, তদপি সিহঁতে তালৈ কেৰাহিকৈ নাচায়, পুত্ৰ- কন্যাই দৰিদ্ৰতাৰ চেঙ্গচেঙ্গীয়া তাপত পুৰি ডেই চিঞৰ পাৰে, তদপি সিহঁতৰ ভূৰ্ভং নাই, বন্ধু, বান্ধৱ বিপদৰ ধামখুমীয়াত পৰি কক্‌বকাই ফুৰে, তদপি তালৈ চকু মেলি নাচায়, পুৱা গধূলি এমুঠি আহাৰৰ স্থিৰতা নাই, তদপি আলজাল এৰি কায়িক শ্ৰমেৰে অৰ্থ উপাৰ্জ্জনৰ দিহা নকৰে, বাপতি সাহন ৰক্ষণৰ অভাৱত লয় ক্ষয় হয়, তদপি তালৈ ভ্ৰুক্ষেপ নাই, সিহঁতৰ আত্ম-সম্মান বোধ নাই, সিহঁতৰ লাজ নাই। এই শ্ৰেণীৰ মানুহো সদাই উজ্জ্বল, সদাই প্ৰফুল্ল। কথাও সিহঁতৰ সদাই ধেমেলিয়া। কিন্তু ই যথাৰ্থ উজ্জ্বলতা নহয়, ই শিৰফুটা আনন্দ নহয়, জীৱনৰ অমিয়া নহয়। ই স্বাভাবিক অৱস্থাৰ এবিধ বিকাৰ মাখোন। বলিয়াৰ আনন্দ যেনেকুৱা, ইহঁতৰ আনন্দও তেনেকুৱা। বলিয়াৰ আনন্দ স্বাভাবিক অৱস্থাৰ এটা বিকাৰ। মানসিক বৃত্তিবিলাকৰ আউল লাগিলে মানুহ বাউল হয়। পাচে সেই আউলৰপৰা কেতিয়াবা আনন্দৰ, কেতিয়াবা বেজাৰৰ ধাৰ নিঃসাৰিত হয়। কিন্তু সেই দুইৰ কোনোটোৱেই প্ৰকৃত নহয়; সিহঁত কেৱল বাজী, বাতুলতা ৰোগৰ দৃশ্যমান বুৰ্‌বুৰণি মাথোন। কৰ্ত্তব্য-বোধ নথকা মানুহৰ আনন্দৰো সেই পটন্তৰ। সিহঁতৰ আনন্দও ভিতৰুৱা ৰোগৰ বুৰ্‌বুৰণি মাত্ৰ। উখহা ৰোগ হলে, নিছলা মানুহো থুলন্তৰ হয়, কিন্তু সেইবাবে সি স্বাস্থ্য সুখ সম্ভোগ কৰিছে বুলি কব নোৱাৰি। সেইদৰে, কৰ্ত্তব্যবোধ [ ৩১ ] নথকা মানুহৰ মন যদিও প্ৰফুল্ল সি যে জীৱনৰ অমিয়া লাভ কৰিছে এনে বুলি সিদ্ধান্ত কৰা অযুগুত। ইহঁতৰ আনন্দও বাতুলৰ হাঁহিৰ নিচিনা, বা শোথ ৰুগীয়াৰ থুলন্তৰ অৱস্থাৰ নিচিনা স্বাভাৱিক অৱস্থাৰ এবিধ বিকাৰ মাথোন। মানুহে সংসাৰত এনেকুৱা আনন্দ বাঞ্ছা নকৰে। কৰ্ত্তব্য- বোধেই মনুষ্যত্ব, যাৰ সেই বোধ নাই সি যথাৰ্থ মনুষ্য নহয়, এতেকে তাৰ আনন্দও বাঞ্ছনীয় নহয়। যি যথাৰ্থ মনুষ্য, অৰ্থাৎ যাৰ কৰ্ত্তব্য-জ্ঞান আছে, সি কৰ্ত্তব্য অৱহেলা কৰি কেতিয়াও অমিয়াৰ গৰাকী হব নোৱাৰে। এতেকে কৰ্ত্তব্য- পালন যে জীৱন-অমিয়াৰ মহা মন্ত্ৰ, এই বিষয়ে আৰু দ্বিতীয় কথা নাই।