পৃষ্ঠা:চিন্তা-কলি.djvu/২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৫
চিন্তা-কলি৷

সাৰ হয়। তাৰ মুখ সততে ওন্দোলা আৰু মন সততে বিমৰিষ।

 স্বভাৱত সৎ হোৱা, বা বিদ্যা-বুদ্ধি উপাৰ্জ্জন কৰা মনুষ্যৰ যেনে কৰ্ত্তব্য কৰ্ম্ম, পৰিমিত ৰূপে শয়ন ভোজনাদি কৰাও তেনে কৰ্ত্তব্য কৰ্ম্ম। প্ৰথম বিধ কৰ্ত্তব্যৰ ক্ৰটী কৰিলে যেনে আত্মাত আউল লাগে, শেষৰ বিধ কৰ্ত্তব্যৰ ক্ৰটীৰ কৰিলেও তেনে দেহত আউল লাগে। দৈহিক আউলেই ৰোগ। ৰোগ নিৰানন্দৰ এটা ঘাই হেতু। ভগ্নদেহীৰ জীৱন কেৱল অসুখৰ সোঁত। মানুহে শয়ন ভোজনাদি কৰ্ত্তব্য কৰ্ম্মত হ্ৰস্ব দীৰ্ঘ ক্ৰটী কৰি শৰীৰত ৰোগ জন্মাই লয়। ৰোগ আনন্দৰ পৰম বাধক। জুই পানীৰ যেনেৰূপ সম্বন্ধ, ৰোগ আৰু আনন্দৰ সেইৰূপ সম্বন্ধ। যি দেহত ৰোগৰ বাস, আনন্দ তাৰপৰা দূৰতো বিদূৰ হয়; কিন্তু কৰ্ত্তব্য পালন মন্ত্ৰৰে এই পৰম বৈৰীকো মষিমূৰ কৰিব পাৰি! আনন্দ, দেহ আৰু মনৰ লয়ৰ অমৃত ফল। শৰীৰৰ অঙ্গবোৰ পৰস্পৰ লনী বা মানী হলে যেনেকৈ ৰূপৰ উদ্ভৱ হয়, সেইদৰে শৰীৰ আৰু মন উভয়ে মানী হলে আনন্দৰ উদ্ভৱ হয়। শৰীৰ আৰু মনৰ মানী ভাৱ থাকে মানে তাৰ অমৃত ফল দেখা যায় সেই ভাব ভঙ্গ হলে ফলো নাইকিয়া হয়। কৰ্ত্তব্য-পালন এই অমিয়া প্ৰসবিনী মানী ভাৱৰ ৰক্ষা কবচ।

 পৃথিবীত আৰু এক শ্ৰেণীৰ মানুহ আছে। সিহঁতে কৰ্ত্তব্য-অকৰ্ত্তব্য একো নুবুজে। সিহঁতৰ পিতৃ-মাতৃয়ে কষ্টত