পৃষ্ঠা:চিন্তা-কলি.djvu/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৯
চিন্তা-কলি

সিহঁতৰ বিবেচনাত পৃথিৱী এখন বন্দীশাল, আৰু জীৱনটো কেৱল শাস্তি। এই বিশ্বাস পোষণ কৰি এই বিধ মানুহে চিৰকাল অসুখত জীৱন কটায়। ইহঁত নিজেই নিজৰ বৈৰী, আৰু আনৰ পক্ষেও কণ্টক স্বৰূপ। ইহঁতে নিজেও আনন্দ অমৃতৰ পৰা বঞ্চিত হয় আৰু আনকো বঞ্চিত কৰে। ইহঁতৰ নিৰানন্দৰ ডাৱৰে ঘৰৰ ঘৰোৱাহ সকলোকে আৱৰি থাকে, আৰু ওচৰ চুবুৰীয়ালৈকো বেঙ্গা মেলে।

 পৃথিৱীত আৰু এক শ্ৰেণীৰ মানুহ আছে সিহঁতে মুখ ওন্দোলাই নাথাকে। সিহঁতৰ মুখ বিকসিত কমলৰ নিচিনা সদায় উজ্বল, সদায় প্ৰফুল্ল। সিহঁতৰ চকুত তৃপ্তিৰ জেউতি, আৰু মুখত আনন্দৰ ৰশ্মি, সদায় জিলিকি থাকে। বেজাৰৰ ডাৱৰে সিহঁতৰ মুখৰ জেউতি কমাব নোৱাৰে। সিহঁতৰ বিবেচনাত বসুন্ধৰী সুখৰ আলয়, সুখময় বিলাসৰ কানন। সিহঁতৰ মনত গৰলো মধুৰ, আৰু কাঁইটো কোমল। সংসাৰৰ দুৰ্ঘটনাৱলী সিহঁতৰ মনত আহিনৰ মেঘ, ক্ষণে আহে, ক্ষণে যায়, মনৰ ওপৰত কেতিয়াও যুগমীয়াকৈ থিতাপি হব নোৱাৰে। এই শ্ৰেণীৰ মানুহবিলাক পৃথিৱীৰ মঙ্গলমলয়া। সিহঁতে নিজেও সন্তোষ মনেৰে সংসাৰত জীৱন বঞ্চে, আৰু আনৰ প্ৰাণতো সন্তোষৰ বা দিয়ে। ইহঁতে মানুহক সংসাৰৰ কাঁইটীয়া বননিৰপৰা সুকোমল সুগন্ধি কুসুম তুলিবলৈ শিকায়, ভয়ঙ্কৰ উচ্ছৃঙ্খল সমুদ্ৰৰ পৰা বহুমূলীয়া মণি-মুক্তা তুলিবলৈ শিকায়, আৰু সংসাৰৰ শোক-সন্তাপ আদি জ্বলন্ত