কৰ্ত্তব্য কৰ্ম্মৰ ক্ৰটী কৰে, তেতিয়া সমাজত বিভ্ৰাট উপস্থিত হয়, অৰ্থাৎ সমাজশৃঙ্খলাত আউল লাগে। মনুষ্যৰ কৰ্ত্তব্য, সৎ হোৱা, জ্ঞান-বুদ্ধি উপাৰ্জ্জন কৰি নিজৰ উন্নতি, আৰু আনৰ উপকাৰ কৰা, পিতৃ-মাতৃ, আৰু পুত্ৰ-কন্যা আদি নিজৰ পৰিয়ালক পালন কৰা, ওচৰ চুবুৰিয়া বন্ধু-বান্ধৱক সহায় কৰা, আৰু হিংসা কপট পৰিত্যাগ কৰি সকলোৰে সৈতে মিলি থকা। এইবোৰ কৰ্ত্তব্যৰ ক্ৰূটী কৰিলেই সমাজত শৃঙ্খলাৰ অভাব হয়। দৰিদ্ৰতা, দন্দ্, অশান্তি, ভয় আদি অনৰ্থবোৰ কেৱল কৰ্ত্তব্য কৰ্ম্মৰ ক্ৰটীৰ ফল। এজনৰ কৰ্ত্তব্যৰ ক্ৰটীৰ পৰা যে কেৱল আনৰহে অপকাৰ হয় এনে নহয়, যি ত্ৰুটী কৰে তাৰো আত্মাত আঁৰ লাগে। সি সংসাৰ বিহ যেন দেখে, আৰু অৱশেষত নিৰানন্দৰ ডাৱৰে তাক আৱৰি ধৰে। যাৰ স্বভাৱ সৎ, যি নিজৰ কৰ্তব্য কৰ্ম্মত ত্ৰুটী নকৰে, যাৰ হৃদয়ত হিংসা, কপট, অহঙ্কাৰ আদি কাঁইটীয়া লতাই শিপাব পৰা নাই, যি এলাহ পৰিহাৰ কৰি কায়িক শ্ৰমেৰে নিজৰ উন্নতি আৰু আনৰ উপকাৰ সাধিব পাৰিছে, তাৰ মনৰ ওপৰত ডাৱৰ থিতি নহয়, তাৰ মন সন্তোষৰ সঁফুৰা, মুখ জেউতিৰ দাপোণ, কণা উৎসাহৰ গভীৰ উদগনি। সংসাৰ এখন প্ৰকাণ্ড যুদ্ধক্ষেত্ৰ, আৰু কৰ্ত্তব্য-পালন এখন প্ৰধান অস্ত্ৰ। এই অস্ত্ৰেৰে মানুহে যুদ্ধত জয়ী হৈ মহা আনন্দে নৃত্য কৰি জীৱন নিয়ায়। যি জনে কৰ্ত্তব্যৰ ক্ৰটী কৰি সেই মহা অস্ত্ৰৰপৰা বঞ্চিত হয়, সি যুদ্ধত হাৰে, আৰু আনন্দৰ সলনি বেজাৰ তাৰ জীৱনৰ
পৃষ্ঠা:চিন্তা-কলি.djvu/২৮
অৱয়ব