চিন্তা-কলি/আহুকাল, প্ৰথম খণ্ড

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

আহুকাল, প্ৰথম খণ্ড

[ ৩২ ]
 
আহুকাল।

 
প্ৰথম খণ্ড।

জান বালক সুখীয়া, হাবিৰ বৰ্ব্বৰ সুখীয়া, অজ্ঞানী চহা সুখীয়া। ইহঁত জ্ঞান-গৰলৰ জ্বালাত পৰা নাই। জ্ঞানৰ গৰল বৰ চোকা বস্তু। ই এবাৰ শৰীৰত সোমালে মানুহৰ তত হেৰুৱাই দিয়ে আৰু কদাপি শৰীৰৰপৰা ওলাই নাযায়। ভালেতোহে জ্ঞান-গছৰ গুটি খাবলৈ ঈশ্বৰে মানুহক হাক দিছিল। বাইবোল শাস্ত্ৰত কয় বোলে ঈশ্বৰে আদিতে মতা-মাইকী এহাল মানুহ স্ৰজন কৰি এখন সুন্দৰ বননিত থৈ দিছিল। সিহঁতক বননিৰ সকলোবোৰ গছৰ গুটি খাবলৈ কৈছিল; কিন্তু এজোপা গছৰ গুটি খাবলৈ নিষেধ কৰিছিল। সেই জোপা বোলে জ্ঞান-গছ। তাৰ গুটি খালে হেনো মানুহৰ জ্ঞান ওপজে, আৰু জ্ঞান উপজিলে দুখৰ পাৰকুল নাইকিয়া হয়। মইমৎ মানুহে ঈশ্বৰৰ হাক অৱহেলা কৰি সেই গছজোপাৰ গুটি খালে, আৰু সেই নিমিত্তেহে বোলে তেওঁৰ সন্তান-সন্ততিবোৰে সংসাৰত ইমান যাতনা জীয়াতু ভুঞ্জিব লাগিছে। বাইবোলৰ এই আখ্যানটো সাধুকথাই হওক বা আচল কথাই হওক, কিন্তু জ্ঞান যে এটা বিমঙ্গলীয়া বস্তু, ই ধূৰুপ কথা।
[ ৩৩ ]  লৰাকালত কেনে সুখেৰে দিন নিয়াইছিলোঁ, কেনে সচ্চিদানন্দ ৰূপ ধৰি সংসাৰ-ক্ষেত্ৰত ধেমালি কৰি ফুৰি- ছিলোঁ। কিন্তু সেই কাল সৰহ দিন নৰল। কেতিয়াবা সেই নিষিদ্ধ গছৰ গুটি খালোঁ হবলা, এতিয়া তাৰ বিহৰ জালত সংসাৰত সুখ-শান্তি নাইকিয়া হল। কিবা এটা ক'তবা লুকাই আছে, মই তাক নেদেখিলোঁ, মই তাক নাজানিলোঁ, এই চিন্তাতে শৰীৰৰ তেজ-মঙহ শুকাই গল, সংসাৰৰ একো বস্তুতে সোৱাদ নোপোৱা হলোঁ, একোতে ৰাপ নাইকিয়া হল। মানুহৰ কেনে বৰাই। খুদৰমান মন এটা লৈ তাৰে ব্ৰহ্মাণ্ডখন আকোঁৱালি ধৰিব খোজে, সসীম মনেৰে অসীম বিশ্বৰ সীমা বিচাৰি ফুৰে। এনেকুৱা আচৰণ মানুহৰ মইমতালি হব পাৰে, কিন্তু মানুহৰ উপায় কি? মানুহত কি দোষ আছে? মই এই সমস্যা কেতিয়াও নিজে বিচৰা নাছিলোঁ। মোৰ একান্ত ইচ্ছা, যেন এতিয়াও এই সমস্যা মনৰ পৰা আঁতৰি যায়। এতিয়াও যেন আগৰ দৰে নিশ্চিন্ত মনেৰে মই ধেমালি কৰি ফুৰিবলৈ পাওঁ। কিন্তু সমস্যা আঁতৰে কতা? জগতৰ যেনিয়ে চকু ঘূৰাওঁ, তেনিয়ে সেই সমস্যা দেখোঁ। জগৎখন সেই সমস্যাৰে ভৰা। বাটৰ দূবৰি, গছৰ পাত, সকলোতে সেই সমস্যা ফটফটীয়া হৈ ওলাই আছে। কোন চকু থকা মানুহে তাক নাচাই থাকিব পাৰে? অসীমৰ সীমা চাবলৈ সকলো মানুহৰে হেঁপাহ, ই এটা পিয়াহ। এই পিয়াহ মাৰিবলৈ মানুহে আদিৰপৰা [ ৩৪ ] আজিলৈকে কাৰবাৰ কৰিছে, যোগ উলিয়াইছে, ধ্যান উলিয়াইছে, উপনিষদ লিখিছে, কিন্তু পিয়াহ আজলৈকে নমৰিল।

 ভৈয়াই! এই আহুকাল মানুহৰ কেতিয়া যাব? কেতিয়া অসীম ঈশ্বৰ সসীম হৈ মানুহৰ জ্ঞান-বোধৰ বস্তু হব? নহয়, তেনে আশা কৰিব নোৱাৰি। কিন্তু মন পতিয়ন না-যায়, মনে বুজনি নলয়। সি উগুল-থুগুলত পৰি পাৰ কুল নাপাই ককবকাই ফুৰিছে। এই অশান্তি আহুকালত থাকিব নোৱাৰি মানুহে ধুমখুলি বাই ফুৰে, আৰু ওপৰলৈ চায়; ভাবে, জানোচা তাত কিবা দেখিবলৈ পায়, জানোচা আকাশে সমস্যা খণ্ডন কৰে! হায়! হায়! কি দুৰাশা। আকাশে সমস্যা খণ্ডাই মন জুৰ পেলাওক ছাৰি জ্বলা জুইত ঘিউৰ আহুতিহে দিয়ে।

 জোনাক নিশা, আকাশ বিতোপন, চন্দ্ৰ তৰাৰে জাতিষ্কাৰ, মই অকলে বহি চাই আছোঁ, আৰু সমস্যা খণ্ডনৰ উপায় বিচাৰিছোঁ। চন্দ্ৰ আৰু তৰা কেতিয়া হল? সিহঁত কিমান দিনৰপৰা আছে? মই উপজিবৰ দিন ধৰি সিহঁতক দেখি আছোঁ। পিতাৰ মুখে শুনিছোঁ, সিহঁত তাৰো আগৰপৰা আছে। পিতাদেৱে বোলে শুনিছিল, সিহঁত তাৰো আগৰ-পৰা আছে। সিহঁত সদায় আছে। কিন্তু সদায় কি? সদায় কথাৰ অৰ্থ ইয়াত বুজিব নোৱাৰিলোঁ। সিহঁত কেতিয়াবা নাছিল নে? যদি নাছিল, তেতিয়া আকাশত কি [ ৩৫ ] আছিল? কোনে কব কি আছিল? আকাশে নকয়, তৰাই কব নোৱাৰে, চন্দ্ৰই কব নোৱাৰে। সকলো কথা সমস্যাৰ গৰ্ভত। আৰু তৰাবিলাক বোলে একোটা সূৰ্য্য, আৰু আমাৰ সূৰ্য্যৰ চাৰিওফালে যেনেকৈ গ্ৰহ উপগ্ৰহবিলাক ঘূৰি ফুৰিছে, সেই সূৰ্য্যবিলাকৰ চাৰিওফালেও সেই দৰে অনেক গ্ৰহ উপগ্ৰহ ঘূৰি ফুৰিব লাগিছে। তেনেহলে আকাশত ঠাই কিমান আছে? আমাৰ সূৰ্য্যৰ পৰিয়াল টোৱেই কোটি কোটি যোজন জুৰি আছে। সিবিলাক সূৰ্য্যৰ পৰিয়ালবিলাকে বা কিমান যোজন জুৰি আছে? মানুহৰ মুখে শুনো, আকাশ বোলে অনন্ত। অনন্ত কি? মোৰ মনতচোন অনন্ত একো বস্তু ভাবিব নোৱাৰোঁ। আৰু কয়, বোলে অসংখ্য ব্ৰহ্মাণ্ডেৰে অনন্ত আকাশ ভৰি আছে। ভৰিল কেনেকৈ? অনন্ত আকাশৰ ভৰা-ভৰি কি? ভৰিলে ঠাই নাইকিয়া হয়। অনন্তৰ গৰ্ভত ঠাই নাইকিয়া হব কেনেকৈ? তেনেহলে এইবিলাক নিৰৰ্থক বাক্য, কেৱল মনক বুজনি দিবলৈ এই বাক্যবোৰৰ সৃষ্টি হৈছে। তাহানি নাম-ঘোষাত পঢ়িছিলোঁ, “অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী”। এই ফাঁকি কথাৰ অৰ্থও বুজিব নোৱাৰি। তেনেহলে অনন্ত বস্তু একো নাই। তেনেহলে আকাশৰ ক’তবা সীমা আছে, তেনেহলে ব্ৰহ্মাণ্ডৰ এটা সংখ্যা আছে। সমস্যাৰ এই মীমাংসা। কিন্তু মীমাংসা ভুল। সীমাৰ বাহিৰত কি? পুনৰ সেই সমস্যা। একো স্থিৰ নহল, মূৰৰ [ ৩৬ ] ফুৰণি উঠিল। আকাশত সমস্যাৰ খণ্ডন নাই, মনৰ জুৰণি নাই। তেনেহলে জুৰণি কত? অতীজৰ মহাপুৰুষ সকলো এই সমস্যাত পৰিছিল; সিবিলাকেও ইয়াৰ অৰ্থ বিচাৰি ফুৰিছিল। সিবিলাকৰ হাতে লিখা গভীৰ গবেষণা আছে। জানোছা তাত সমস্যাৰ খণ্ডন আছে।

 বেদ, বেদান্ত, গীতা, উপনিষদ এই সমস্যাৰ বিচাৰ। পেটৰ ভাত, গাৰ কাপোৰ এৰি নিৰ্জ্জন হাবিয়নিত সোমাই পূৰ্ব্বৰ মহাপুৰুষ সকলে এইবিলাক বিচাৰ কৰিছিল। সিবিলাকে বিচাৰ কৰি শেষ কৰিছে, কিন্তু সমস্যাৰ মীমাংসা হোৱা নাই। এতিয়াও মানুহে সেই প্ৰশ্ন কৰিব লাগিছে, এতিয়াও অনন্তক আকোঁৱালি ধৰিবলৈ বাউল হৈ ফুৰিছে। পূৰ্ব্বৰ মীমাংসা মতে অনন্তই ঈশ্বৰ, আৰু শব্দ তেওঁৰ প্ৰথম বিকাশ। এই মীমাংসা মনত ধাৰণ কৰিব পাৰি। কিন্তু প্ৰশ্ন হয়, অনন্তৰ আদি কি? আৰু তাৰ বিকাশেই বা কিয় হল? শব্দ অনাহত বুলি শাস্ত্ৰত কয়, আঘাত নকৰাকৈ শব্দ কেনেকৈ হয়? শব্দৰপৰা বায়ু, বায়ুৰপৰা পানী, ইও শাস্ত্ৰৰ মীমাংসা। এই অনুক্ৰমে বোলে সৃষ্টিৰ জন্ম। এই মীমাংসা কাণেৰে শুনিবলৈ ভাল, মনেৰে ভাবিবলৈকো ভাল, কিন্তু বুজিবলৈ সুৱলা নহয়। শব্দৰপৰা বায়ু, আৰু বায়ুৰপৰা পানী কিয় হল? আৰু কেনেকৈ হল? এইবিলাক প্ৰশ্নৰ উত্তৰ ক’তা? শাস্ত্ৰত ইহঁতৰ উত্তৰ নাই। শাস্ত্ৰত কয়বোলে সেইবিলাক অনন্তৰ ইচ্ছামতে হৈছে, ইচ্ছাময় সংসাৰ। [ ৩৭ ] ই কি উত্তৰ নে? নহয়; ই নিৰুত্তৰ, অৰ্থাৎ কব নোৱাৰোঁ বোলাৰ সমান। তেনেহলে সমস্যাৰ খণ্ডন শাস্ত্ৰত নাই। শাস্ত্ৰৰ বিচাৰ কেৱল অসুখীয়া মনৰ বুজনি, বুজনিও ষোল কলাই পূৰ নহয়, এডোখৰ আছে, এডোখৰ নাই। শাস্ত্ৰ সমুদ্ৰত বুৰ মাৰি কত মহাপুৰুষ কত কাল আছিল,কিন্তু উঠিলত আকৌ সেই সমস্যা, আকৌ সেই পোৰণি, বিহৰ জাল। ই কি বিষম ৰোগ। ইয়াৰ ঔষধ আজিলৈকে আবিষ্কাৰ নহল। কেতিয়াবা হব নে? কেতিয়াবা মানুহৰ মন জুৰ পৰিব নে?

 পুৰণি কালত এই ৰোগৰ ৰুগীয়া বহুত আছিল, সেই দেখি এই বিষয়ৰ বিচাৰ পুথিত বহুত আছে। কিন্তু বিচাৰত শেষ জুৰণি নাই। বিচাৰৰ শেষত মন আকৌ অস্থিৰ। সেই দেখি কিছুমান মহাজনে বাহিৰ জগতৰ বিচাৰ এৰি অন্তৰ জগতৰ বিচাৰ কৰিছিল। সিবিলাকে কয় যে একোজন মানুহ একোখন ব্ৰহ্মাণ্ড, অৰ্থাৎ ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ প্ৰতিকৃতি, অৰ্থাৎ ব্ৰহ্মাণ্ডত যি যি আছে, সেই সকলো বস্তু সৰু সৰু আকাৰত মানুহত আছে। মানুহ বোলে ঈশ্বৰ, অৰ্থাৎ নিৰ্গুণ ঈশ্বৰ গুণত বন্দী হৈ মানুহ হৈছে। এতেকে মানুহৰ তত্ত্ব পালেই ঈশ্বৰৰ তত্ত্ব, বিশ্বৰ তত্ত্ব, সৃষ্টিৰ তত্ত্ব, সকলোৰে তত্ত্ব পোৱা যায়। এই কথা শুনি বৰ ভাল লাগিছিল, ভাবিছিলোঁ যে চন্দ্ৰ, সূৰ্য্য, গ্ৰহ, তৰা, সকলো দূৰৈৰ বস্তু হাতেৰে ঢুকি পোৱা নাযায়, চকুৰে ৰিণিকি ৰিণিকি মাথোন [ ৩৮ ] দেখি। তেনে বস্তু লৈ বিচাৰ আৰম্ভ কৰিলে একো ফলোদয় হবৰ ভৰসা নাই। মানুহ হাতত পোৱা বস্তু। মই নিজেই মানুহ, মই মোক সদায় দেখিছোঁ, মই মোৰ সকলো কথা জানো, ভাল কথাও জানো, বেয়া কথাও জানো। এতেকে এইবাৰ বিচাৰৰ সুবিধা হব, এইবাৰ সৃষ্টিৰ তত্ত্ব পোৱা যাব, এইবাৰ মন জুৰ পৰিব। এই আশাত মনত ৰং লাগিছিল, কিন্তু ৰং মিছা, অন্তৰ-জগৎ বাজৰ জগততকৈও আউলীয়া, বাজৰ জগততকৈও বিচিত্ৰ।

 মানুহৰ শৰীৰটো চকুৰে চাব পৰা আৰু হাতেৰে চুব পৰা বস্তু; প্ৰথমতে তাকেই চোৱাঁচোন। চালেই তবধ মানিবা। তাৰ ভিন ভিন অঙ্গবোৰ কেনে সুৱলাকৈ লগাই থৈছে। হাত ভৰিৰ জোৰবোৰত কোনো গাঁঠি নাই, তেও শকত হৈ লাগি আছে, লৰ মাৰোঁতে এফেৰিও লৰচৰ নহয়। জোৰাই যে কিমান, তাৰ লেখ জোখ নাই, আৰু সেই এটাইবোৰ জোৰাৰ কাৰ্য্য আছে, তাৰ এটা নহলেই বিপদ, সংসাৰত চলাফুৰা কৰিবলৈ টান হয়। মই এদিন এটা ৰেইল-ওয়ে ইঞ্জিন চাইছিলোঁ। তাৰ ভিতৰত ইমানবিলাক কৌশল কিটিপ আছিল বুলি আগেয়ে মই নাজানিছিলোঁ। অসংখ্য গজাল, অসংখ্য জোৰা, অসংখ্য তাপলি। ক’ৰ বস্তু নি ক’ত লগলগাই থৈছে, তাৰ ততেই ধৰিব নোৱাৰি। তাত বেজিৰ মান বস্তুৰপৰা হাতীৰ মান বস্তু আছে, আৰু যেতিয়া ইঞ্জিনে কাম কৰে, তেতিয়া সেই সকলোবোৰত [ ৩৯ ] ভৰ পৰে, সিহঁতৰ এটা নহলেই ইঞ্জিন অচল। ইঞ্জিনৰ কৌশল দেখি মই আচৰিত মানিছিলোঁ। কিন্তু এতিয়া দেখোঁ, মনুষ্য শৰীৰৰ কৌশল আৰু আচৰিত। এবাৰ শিৰবোৰলৈ চোৱাঁচোন। শিৰবিলাক গোট কৰি ভাবি চালে এখন জাল, তাৰে গোটেইটো শৰীৰ ঢাকি থৈছে, যেন ভিন ভিন হাড়বিলাক তাৰে বান্ধিহে থৈছে। যথাৰ্থ পক্ষত বান্ধি থৈছে। হাড়ৰ জোৰাবিলাকত গাঁঠি নাই, কেৱল মঙহ আৰু শিৰেইহে গাঁঠি, সিহঁতে টানি ধৰি থকাৰ নিমিত্তে এডাল হাৰ আন ডালৰপৰা বেগতে আঁতৰ হৈ যাব নোৱাৰে। কিন্তু কেৱল হাড় ধৰি থাকিবলৈ শিৰ দিয়া নাই, শিৰৰ আৰু টান কাম আছে। শিৰবিলাক টেলিগ্ৰাফৰ তাঁৰ, তাৰে শৰীৰৰ ভিন ভিন দেশৰপৰা অঙ্গৰাজ মূৰলৈ, অৰ্থাৎ মগজুলৈ খবৰ যায়। একোগছ শিৰৰ যে কিমান ঠাল ঠেঙুলি আছে তাক লেখি অন্ত কৰিব নোৱাৰি। কিন্তু সেই সকলো ঠাল আৰু ঠেঙুলিৰ বিশেষ বিশেষ ভিন ভিন কাম আছে, সিহঁতৰ এডালৰ অভাৱ হলে, তোমাৰ শৰীৰত প্ৰলয় মিলিব। মনুষ্য-শৰীৰৰ সৰু বৰ সকলোবিলাক অঙ্গ আৰু শিৰ আৰু মঙহ এটাইখিনি থোপ কৰি ভাবি চালে সি যে এখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড বা বিশ্ব তাৰ সন্দেহ নাথাকে। বিশ্ব এটা জন্তু বুলি ধৰি লোৱা। ভিন ভিন গ্ৰহ উপগ্ৰহবিলাক তাৰ হাড়। সেই হাড়বিলাকৰ পৰস্পৰে পৰম্পৰক আকৰ্ষণ কৰি ধৰি আছে। আকৰ্ষণক অদৃশ্য সূত্ৰ বা শিৰ বুলি ধৰিব পাৰি। [ ৪০ ] মনুষ্য-শৰীৰৰ শিৰ চকুৰে দেখি, বিশ্বৰ শিৰবিলাক নেদেখি, এই মাত্ৰ প্ৰভেদ, নাইবা কাৰ্য্যত একে। যদি আকৰ্ষণৰ গতি বা পথবিলাক দৃশ্যমান বস্তু হলহেঁতেন, তেনেহলে আমাৰ শৰীৰৰ জালতকৈ সিখন জাল আৰু বিচিত্ৰ দেখা গলহেঁতেন। আমাৰ শৰীৰত মঙহ আছে। বিশ্বৰ মঙহ শূন্য। মানুহৰ শিৰ, হাড় যেনেকৈ মঙহে আৱৰি আছে, সেইদৰে বিশ্বৰ শিৰ, হাড় শূন্যই আৱৰি আছে। শূন্য দৃষ্টিৰ বস্তু হোৱাহেঁতেন, আৰু আমি বিশ্বৰ বাহিৰৰ কোনো ঠাইত থিয় হৈ চাবলৈ পোৱাহেঁতেন, গ্ৰহ উপগ্ৰহবিলাক আমি ভিন ভিন নেদেখিলোঁহেঁতেন, কেৱল মানুহৰ শৰীৰৰ দৰে এটা নিমজ গোট বস্তু দেখিলোঁহেতেন। এইটোৱেই বোলে ঈশ্বৰৰ বিশ্বম্ভৰ মূৰ্ত্তি, অৰ্থাৎ মূৰ্ত্তিমন্ত ঈশ্বৰ। তেনেহলে মানুহটো এটা মূৰ্ত্তিমন্ত ঈশ্বৰ। ভাল কথা, বুজি পালোঁ। গোট বিশ্বই ঈশ্বৰ, আৰু মানুহ গোট বিশ্বৰ প্ৰতিকৃতি, এতেকে মানুহে ঈশ্বৰ। কিন্তু কথাটো তেও কিন্তু শূন্য নহল। সৎ জানিবা বিচাৰি পালোঁৱেই, চিৎ কত?

 মানুহৰ শৰীৰে যে কেৱল বিশ্বৰ লগতেহে ৰিজনি খায়, এনে নহয়। ইয়াক অকল পৃথিবীৰ লগতে ৰিজাৰ পাৰি। বিশ্বৰ লগত ৰিজালে বহুত কথা অনুমান কৰি ধৰিব লাগে। শূন্যক মঙহ, গ্ৰহ উপগ্ৰহক হাড়, আৰু আকৰ্ষণৰ পথবিলাকক শিৰ বুলি ধৰিব লাগে। কিন্তু পৃথিবীৰ লগত ৰিজালে একে অনুমান কৰি ধৰিব নালাগে, সকলো অঙ্গ প্ৰত্যঙ্গ [ ৪১ ] একেবাৰে মিলি যায়। মনুষ্য শৰীৰত হাড় আছে, পৃথিবীৰ শৰীৰত অৰ্থাৎ গৰ্ভত আৰু গাত পৰ্ব্বত আৰু শিল আছে, মনুষ্য শৰীৰত শিৰ আছে, পৃথিবীত নৈ আছে। মানুহৰ শিৰেৰে তেজৰ সোঁত বয়, পৃথিবীৰ শিৰেৰে পানীৰ সোঁত বয়। মানুহৰ মঙহ আছে, পৃথিবীৰ মাটি আছে। মানুহৰ তেজৰ ভঁৰাল বুকু আছে, পৃথিবীৰ পানীৰ ভঁৰাল সাগৰ আছে। মানুহৰ বুকুত তেজ গোট খাই তাৰপৰা শৰীৰৰ নানা দেশলৈ যায়, পৃথিবীৰ সাগৰত পানী গোট খাই তাৰপৰা পৃথিবীৰ নানা ঠাইলৈ যায়। এই অনুক্ৰমে চালে মানুহৰ শৰীৰ আৰু পৃথিবীৰ শৰীৰ, এই দুইত একো প্ৰভেদ নাই। মানুহৰ জীৱ আছে, পৃথিবীৰ জীৱ নাই বুলি কোনে কব পাৰে? জীৱন্ত বস্তুৰ নিচিনা পৃথিবীয়েও লৰচৰ কৰে, আৰু ঘূৰি ফুৰে। এতেকে পৃথিবী মানুহ, কিন্তু মানুহ ঈশ্বৰ, এতেকে পৃথিবীও ঈশ্বৰ। এইদৰে জগতৰ সকলো বস্তুৱেই ঈশ্বৰ, কিন্তু স্থূল ঈশ্বৰ অৰ্থাৎ সৎ। সকলো বস্তুতে সৎ আছে, কিন্তু চিৎ নাই বুলি কয়। চিৎ কেৱল মানুহত আছে। মানুহত জ্ঞান-বুদ্ধি আছে, জ্ঞান-বুদ্ধি চিদৰ চিন। সৎ ঈশ্বৰৰ স্থূল অংশ। স্থিতি থকা সকলো বস্তুতেই সৎ পোৱা যায়। ইয়াৰ পৰা দেখা যায় যে স্ৰজন কৌশল এটা, এটা কৌশলেৰে জগতৰ সমস্ত বস্তু স্ৰজন কৰা হৈছে। ইঞ্জিন লগাই নানা ঠাইত কৌশল কৰি সেই ইঞ্জিনেৰে ধান বানে, তেল পেৰে, কপাহ চন্দিয়ায়, কাঠ ফালে আৰু কত কৰে। [ ৪২ ] কিন্তু গুৰিত কৌশল এটা, অৰ্থাৎ বল এটা, অৰ্থাৎ গুপ্ত মন্ত্ৰ এটা। স্ৰজনতো গুপ্ত মন্ত্ৰ বা বল এটা, সেই মন্ত্ৰ বা বল প্ৰয়োগ কৰি ভিন ভিন দেশত ভিন ভিন উপাদান দি কীট, পতঙ্গ, গছ, লতা, মানুহ আদি জীৱ-জন্তু স্ৰজন কৰিছে। সেই গুপ্ত কৌশলটো কি? অৰ্থাৎ বুদ্ধিটো ক’ত? অৰ্থাৎ চিদ্‌টো ক’ত? অৰ্থাৎ ঈশ্বৰৰ মূল অংশটো ক’ত?

 আগত পোৱা গল আন বস্তুৰ সৎ আছে, কিন্তু চিৎ নাই। আন সকলো বস্তু চিদ্ শূন্য সদৰ সমষ্টি, কিন্তু মানুহ সচ্চিদ উভয়ৰ সমষ্টি। আন বস্তু ঈশ্বৰৰ কলা মাখোন, কিন্তু মানুহ পূৰ্ণ ঈশ্বৰ, কেৱল গৰ্ভ-মামৰে ধৰাত ঈশ্বৰ-জেউতি শূন্য হৈ মানুহ হৈছে। জ্ঞান বুদ্ধি চিদৰ চিন, ইয়াৰ খনি মন। চিৎ চাব লাগিলে মন-ৰাজ্যত প্ৰবেশ কৰিব লাগিব।